সম্পাদকীয় - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকীয়

সম্পাদকীয়

Share This

বিশ্ব জনসংখ্যা দিৱস বিশেষঃ

ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ ধৰ্মৰ পৰিপন্থীনে?

জনসংখ্যা বিস্ফোৰণ পৃথিৱীৰ বাবে এক বোজা স্বৰূপ হৈ পৰিছে, ভাৰতৰ বাবেও৷ আৰু লগতে অসমতো জনসংখ্যা বৃদ্ধিৰ হাৰ অতি চমক লগা ৰূপত বাঢ়ি আহিছে৷ অসমৰ জনগাঁথনিৰ বৃহৎ পৰিবৰ্তনৰ প্ৰতিচ্ছবি ৰাইজেও অনুভৱ কৰিবলৈ লৈছে৷ তাৰ মাজতে বাৰে বাৰে প্ৰচলিত তথা জনপ্ৰিয় ধাৰণাৰ ৰূপত ইছলাম ধৰ্মী লোক সকলৰ পৰিয়ালত জনসংখ্যা বৃদ্ধিৰ কথাটো সংবাদৰ শিৰোনামালৈ আহে ৷ কেতিয়াবা তাকে লৈ সেই ধৰ্ম অৱলম্বন কৰা লোক সকলক কটাক্ষ কৰাও পৰিলক্ষিত হয় ৷ এনে পৰিস্থিতিত ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনা, সঁচাই ধৰ্মৰ পৰিপন্থীনে, সেয়া এক আলোচনা যোগে ৰাইজলৈ আগুৱাই দিয়াৰ প্ৰয়োজন বোধ কৰিলো ৷

সিদিনা অসমৰ এজন বাতৰি কাকতৰ সম্পাদকে টিভিত নিজৰ সম্প্ৰদায় তথা ধৰ্ম্বালম্বী মানুহ খিনিৰ দুৰ্দশাৰ কথা কৈ খেদ প্ৰকাশ কৰিলে ৷ তেখেতৰ মতে, নিৰক্ষৰতা আৰু কম বয়সতে পঢ়া এৰি দিয়াৰ প্ৰৱণতাই এই সকল লোকক এতিয়াও সমাজৰ মূলসুঁতিৰ পৰা যেন নিলগতে ৰাখিছে ৷ চৰ-চাপৰিত ঘাম বোৱাই শ্ৰম কৰি সেউজ সপোন ৰচা বহু লোকেই আধুনিক শিক্ষা, স্বাস্থ্য তথা আন আন মৌলিক সা-সুবিধা পোৱাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে ৷ ধৰ্মীয় গুৰুৰ উপদেশ তথা শিক্ষাই একমাত্ৰ জ্ঞানৰ প্ৰদীপ হৈ পৰা লোকো যথেষ্ট ৷ এই সকল অভিভাষী লোকৰ সন্তানে চৰকাৰী বিদ্যালয়তে অসমীয়া মাধ্যমতে পঢ়ি অসমীয়াক মাতৃভাষা ৰূপে বুকুত সামৰি ৰাখিছে, তাৰ ফলতেই আজিও অসমীয়া ভাষা গৰিষ্ঠ সংখ্যক লোকে অসমত কোৱা ভাষা ৰূপে স্বীকৃতি পায় বৰ্তি আছে ৷ চৰ-চাপৰি সাহিত্য পৰিষদেও যথেষ্ট সচেতনতাৰ কাম কৰিছে, সাহিত্যৰ দিশতো যথেষ্ট শলাগনীয় কাম কৰি আহিছে ৷ সংখ্যাত ক্ৰমান্বয়ে বাঢ়ি অহা ইছলাম ধৰ্মী লোক সকলক লগত নোলোৱাকৈ অসম উন্নতিৰ দিশত আগবঢ়াৰ সপোনটো একেবাৰেই মিচা ৷ গতিকে চৰ-চাপৰি-গাঁও-চহৰত বসবাস তথা কৰ্মৰত লোক সকলক আজিৰ আধুনিক শিক্ষাৰে শিক্ষিত কৰি একেলগে আগুৱাই নিয়াৰ কথা চিন্তা কৰিবই লাগিব ৷

কোমল বয়সত ছোৱালীক বিয়া দিয়াৰ প্ৰৱণতাৰ বাবেই নাৰী শিক্ষাৰ ক্ষেত্ৰত বহুখিনি পিছ পৰি থাকিব লগা হৈছে ৷ আৰু ঘৰৰ আঁত ধৰা নাৰী গৰাকীৰ সৱলীকৰণ তথা শিক্ষাৰে শিক্ষিত নকৰাকৈ নৱ-প্ৰজন্মক সৱলীকৰণ কৰাৰ চিন্তাটোও আচলতে এটা বাতুলামিহে ৷ কাৰণ এজন পুৰুষ শিক্ষিত হ’লে তেওঁ কৰ্মৰ পৃথিৱীলৈ গৈ আৰ্জন কৰি আনে, কিন্তু এগৰাকী মাতৃ শিক্ষিত হ’লে তেওঁ সেই বিদ্যাৰ আলোকেৰে ঘৰখনকে পোহৰাই তুলিব পাৰে ৷ সেয়ে আজিৰ তাৰিখত আধুনিক জন-জীৱনৰ শিক্ষাৰে এই নাৰী সমাজক শিক্ষিত কৰাৰ বাবে বিশেষ কাৰ্যসূচী বা আঁচনি লোৱাৰ প্ৰয়োজনীয়তা আছে ৷ জন-জীৱনৰ শিক্ষা বুলি কওতে পাৰম্পৰিক আনুষ্ঠানিক শিক্ষাৰে লগতে, শিশুৰ পুষ্টি, স্বাস্থ্য ৰক্ষাৰ সচেতনতা, বিকল্প আৰ্জনৰ পথৰ বাবে পেশাদাৰী শিক্ষাৰ প্ৰয়োজনীয়তাৰ কথাও ইয়াত সামৰিব খোজা হৈছে ৷এইদৰে একোগৰাকী নাৰী তথা মাতৃ শিক্ষিতা হ’লে নিৰক্ষৰতাক জনসংখ্যা বিস্ফোৰণৰ অন্যতম কাৰণ বুলি কোৱাৰো বাট বন্ধ হব নিশ্চয় ৷

জনসংখ্যা বৃদ্ধিৰ হাৰ অধিক হোৱাৰ অন্যতম কাৰণ বহু-বিবাহো ৷ শিক্ষিত নাৰীক সহজে এৰি ভূৱা দি বহু-বিবাহ কৰিবলৈ সাহস কৰা মানুহ খুৱ কমেই আছে ৷ কাৰণ সচেতন নাৰীয়ে আইনৰ সাহাৰ্যৰে এনে চলনাময় পুৰুষক সেকা দিয়াৰ বহুবাট আজিৰ তাৰিখত সমাজ ব্যৱস্থাই নকৈ মুকলি কৰি দিছে ৷
বহু বিবাহৰ বিষয়ে যদিও পুৰুষতান্ত্ৰিক মতবাদত বিশ্বাসী সকলৰ মতে ইছলামত এনে বিবাহ প্ৰযোজ্যই বুলি যুক্তি দিয়ে ৷ কিন্তু তাৰ বিপৰীতে নাৰীবাদী অথচ ধৰ্মীয় জ্ঞানেৰে সমৃদ্ধ সকলে ৱৰ্ল্ড ইছলামিক নেটৱৰ্ক নামৰ টিভি চেনেলত বাখ্যা কৰা মতে ইছলাম ধৰ্মৰে গ্ৰন্থ ৰুবায়তত নাৰীক আল্লাই কৰা এক দানৰ ৰূপতহে গণ্য কৰাৰহে উপদেশ দিছে ৷ মনৰ খুচিত তালাক দি “পেলনীয়া” ৰূপত দুৰ্ভোগ ভূগিবলৈ দিয়াৰ কথা কোৱা নাই ৷ আনকি যেতিয়া এগৰাকী নাৰীক এজন পুৰুষে আল্লাৰ দান ৰূপে পত্নী হিচাবে পায় আৰু গৃহস্থী কৰিবলৈ ঘৰ সোমোৱায়হি; তেতিয়া পত্নীৰ চৰণ ধূলি পানীত মিহলাই ঘৰৰ চৌপাশে পতিয়ে চটিয়াই দিব লাগে বুলিহে পৰামৰ্শ দিছে ৷ লগতে কৈছে নাৰীক প্ৰকৃত সন্মান কৰা মানেই আচলতে আল্লাৰ দানক সন্মান কৰি ওপৰৱালাক কৃতজ্ঞতা জনোৱাটোহে বুজায় ৷

শেহতীয়াকৈ বিগত চাৰিবছৰ ধৰি অসম চৰকাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ইলিয়াছ আলীৰ নেতৃত্বত অসমৰ চৰ-চাপৰি অঞ্চলত পৰিয়াল পৰিকল্পনা সম্পৰ্কে ভুল ধাৰণা আঁতৰাবলৈ শলাগণীয় কাম কাজ হাতত লৈছে ৷ সিদিনা লাহৰীঘাটত আয়োজিত এক সজাগতা সভাত জিএমচিৰ জৰুৰীকালীন বিভাগৰ মুৰব্বী আলিদেৱে কয় যে-“পৰিয়াল পৰিকল্পনা আঁচনি ইছলাম ধৰ্মৰ পৰিপন্থী নহয়, বৰং পৰিয়াল নিয়ন্ত্ৰণৰ আঁচনিৰ বিশেষ পদ্ধতি ইছলাম ধৰ্মই আৰম্ভণিতেই মান্যতা দিছে ৷ আৰু এইবাবেই ইণ্ডোনেছিয়া তথা ইৰাণৰ দৰে গোড়া ইছলামিক দেশতো জন্মনিয়ন্ত্ৰণ আঁচনি দিনে দিনে জনপ্ৰিয় হৈ উঠিছে ৷ দেখা গৈছে যে ইণ্ডোনেছিয়া আৰু ইৰাণত কেইটামান দশকতে মহিলাৰ প্ৰজনন ক্ষমতা ক্ৰমে ২.২ আৰু ১.৮৮লৈ নিম্নগামী হৈছে, যিটো ভাৰতীয় মহিলাৰ প্ৰজনন ক্ষমতা ২.৫তকৈও কম ৷” এই সভাত ডাঃ নৰুল আমিন, ডাঃ এছ ইউ এফ আহমেদ, ডাঃ আবুল কাচেম, ডাঃ এম আলম, জিলা পৰিয়াল পৰিকল্পনা বিষয়া এছ চুলতানা, জিলা প্ৰচাৰ বিষয়া মিৰাজ আলম আদিয়ে সক্ৰিয়তাৰে অংশ গ্ৰহণ কৰি এক ৰাইজক সচেতনতাৰ নতুন এক বাট দেখুৱাইছে ৷ প্ৰগতিশীল চিন্তা ধাৰণাক গ্ৰহণ কৰি প্ৰচাৰ কৰিবলৈ স্থানীয় পঞ্চায়ত, এন জি অ’ কৰ্মীৰ লগতে ইছলাম ধৰ্মীয় নেতা তথা মৌলানা হালিমুদ্দিন, মৌলানা চিৰাজুল ইছলাম, মুফতি মজিবৰ ৰহমান, মৌলানা হিজবুৰ হৰমান, মৌলানা আব্দুল কাদেৰকে ধৰি অন্যান্য ধৰ্মপ্ৰাণ ব্যক্তিয়ে সভাত অংশ গ্ৰহণ কৰে ৷ 

নিজৰ সম্প্ৰদায়, জাতি বা দেশক প্ৰগতিৰ পোহৰ দেখুৱাবলৈ আমাৰ নিজৰ মানুহেই এনে প্ৰচেষ্টা হাতত লব লাগিব ৷ আনে বিদেশৰ পৰা আহি ইয়াত বাণিজ্য কৰিব, কিন্তু আমাৰ সমস্যাক সমাধান কৰি নিদিয়েহি, সেই কথাৰ মৰ্ম আজিৰ বিশ্বায়নৰ দিনতো বুকুত বান্ধি ৰাখিব লাগিব ৷ তেহে এতিয়াও এচাম ধৰ্ম-ভীৰু, নেতা-পালিনেতা, মুৰব্বী-মাতব্বৰে “পৰিয়াল পৰিকল্পনাৰ আঁচনি গ্ৰহণ কৰিলে মৃত্যুত জানাজা নহয়” বুলি চলাই থকা ক্ষতিকৰ অপপ্ৰচাৰক ৰোধ কৰিব পৰা যাব ৷

সময়ৰ সতে খোজ মিলাই আপোন সমাজখনক শিক্ষা আৰু সচেতনতাৰে অন্ধ-বিশ্বাস তথা অপবাখ্যা অপপ্ৰচাৰৰ পৃথিৱীৰ পৰা প্ৰগতিৰ দিশে লৈ যাব লাগিব৷ তাৰ বাবে আমি সকলোৱে নিজৰ কৰ্তব্য নিৰূপণ কৰি লোৱাৰ সময় আহিল ৷

সংযোজনঃ
পাঠক আব্দুল কে আজাদে এই বিষয়ত লিখা সম্পাদকলৈ চিঠিঃ
প্ৰিয় সম্পাদক,
আপোনাৰ সম্পাদকীয় "ইছলাম ধৰ্মীৰ পৰিয়াল পৰিকল্পনাঃ ধৰ্মৰ পৰিপন্থীনে?" পঢ়িলোঁ৷আজিলৈ অসমৰ মুছলমানৰ জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ত যিমান লিখনি পঢ়িছোঁ, তাৰে ভিতৰত আপোনাৰ সম্পাদকীয় নি:সন্দেহে ব্যতিক্ৰমী আৰু শলাগিবলগীয়া৷দুৰ্ভাগ্যৰ বিষয়যে, কিছুমান তথাকাথিত সচেতন লিখকেও মুছলমানৰ জনসংখ্যা বৃদ্ধিৰ একমাত্ৰ কাৰণ বাংলাদেশীৰ অনুপ্ৰৱেশ বুলি ধাৰণা কৰে৷

আপোনাৰ সম্পাদকীয়ৰ বিষয়লৈ আহোঁ৷ইচলাম ধৰ্ম পৰিয়াল পৰিকল্পনাৰ পৰিপন্থীতো নহয়ে, বৰঞ্চ সেই তাহানীতে ইয়াৰ বিজ্ঞানসন্মত বিধানো দিছিল৷ কিন্তু পুৰুষতান্তিক দেৱানী-মাতাব্বৰ তথা মোল্লা-মুছুল্লীৰ ফতোয়াত সেই বিধান কৰবাত হেৰাই গৈছে৷ আৰু এটা কথা, আধুনিক জন্ম-নিয়ন্ত্ৰণ ব্যাৱস্থাৰ প্ৰতি তেওঁলোক উদাসীন নহয়৷ধুবুৰীৰ অস্বাভাৱিক জন-সংখ্যা বৃদ্ধিলৈ আমি ব্যক্তিগত ভাৱে Population Foundation of India ৰ সৈতে যোগাযোগ কৰিছিলোঁ৷ তেওঁলোকে সঞ্জয় হাজাৰিকা ছাৰৰ Centre for North East Studies (C-NES)ৰ সৈতে মিলি চৰ-চাপৰিত কাম কৰি আছে৷ নৌকা চিকিৎসালয় "আশা" তেওঁলোকৰে পদক্ষেপ (অনুগ্ৰহ কৰি বানান শুধৰাই দিব)৷Population Foundation of India য়ে তেওঁলোকৰ উত্তৰত আামাক জনাইছে যে, চাৰ-চাপৰিৰ মানুহখিনিয়ে জন্ম-নিয়ন্ত্ৰণ ব্যাৱস্থাৰ প্ৰতি আগ্ৰহী৷ কিন্তু আমাৰ আমাৰ চৰকাৰ তথা জন-স্বাস্থ্য বিভাগেহে তেওঁলোকক সেই সুবিধা প্ৰদান কৰিব পৰা নাই৷আলিয়াছ চাৰেওঁ সেই একেখিনি কথা উপলব্ধি কৰে৷
*বিগত ২৮ মাৰ্চ ২০১৩ৰ সম্পাদকীয়ৰ পুনৰ প্ৰকাশ ৷

No comments:

Post a Comment