মিচা ক’লে কি ডাল হব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব?

মিচা ক’লে কি ডাল হব?

Share This
বতৰৰ মহাদুষ্ট পদ্য
#ধ্ৰুৱজ্যোতি শইকীয়া
ডাকৰ সুৰত মেডামে কলে
চোৰৰ চাল, মন্ত্ৰী ভাল, 
মোডীক যি দমাব পাৰ, 
ওবামালৈ মৰমৰ চিঠিত স্বাক্ষৰ সাংসদৰ
ফটোঃ হিন্দুস্তান টাইমচৰ সৌজন্যত
তাৰেই মন্ত্ৰী হোৱাৰ পাল ৷
চাৰ-মেডামৰ চকুৰ কূটা, 
বাবাৰ দাঁতৰ শাল… 
আমেৰিকা যাত্ৰা মোডীৰ নহওক, 
ভিচা বন্ধ কৰাই ভাল ৷

মন্ত্ৰী-তন্ত্ৰী লগ খোৱাই, 
পতা হ'ল খানিলে নতুন খাল, 
চিঠি লিখা হ'ল শ্বেত-গৃহলৈ, 
চহীয়ো কৰা হ'ল জাল ৷

বুজিলো পিছে এষাৰ কথাই
বদনৰ হাতত দেশ, 
মান অনাদি আমেৰিকান আনিব,
মোডীক কৰিবলৈ শেষ ৷

কি যে হবগৈ দেশৰ গতি, 
হাত বনাম ৰাইজৰ গাল, 
এনেবোৰকে ভোটত জিকাই, 
আশা কৰিছো ভাল ৷

No comments:

Post a Comment