ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জীৱন বিশেষ

১. বিয়া হেনো স্বৰ্গতে সৃষ্টি হৈ অহা বস্তু, সংসাৰৰ সঘন বিজুলী ঢেৰেকনীবোৰেই তাৰ উপযুক্ত প্ৰমান!

২. প্ৰতিজন মানুহৰ হেনো সপোন থাকে ধুনীয়া নাৰীৰ দুবাহুত ডুব যাবলৈ, মাত্ৰ হাতত নপৰাকৈ!

৩. আপোনাৰ গাড়ীত যিমানখন খিৰিকি আছে তাতোকৈ কম সন্তান জন্ম দিয়ক, জীৱনৰ যাত্ৰা সুখকৰ হব!

৪. পইচাই সুখ কিনি দিব নোৱাৰে, কিন্তু সেই কথাটো আৱিস্কাৰ কৰিবলৈ এজাক গৱেষকক কিন্তু ঠিকেই পোহপাল দিব পাৰে ৷

৫. এটা আঙুলি ভুলতে কাটি যোৱাক ট্ৰেজেদি বুলি কয়, কিন্তু ফুটপাথৰ নৰ্দমাত পৰি মৃ্ত্যু হোৱাটো এটা বিষম কমেডীহে !

৭. ড্ৰিংক নকৰাকৈ এসপ্তাহ কিয় থাকিব, আপুনিটো উট নহয়, মানুহহে!

৮. মাছে প্ৰস্ৰাৱ ইত্যাদি কৰে বাবেই আপুনি পানী নোখোৱাকৈ নাথাকিব, মনত ৰাখিব, পানীয়েই প্ৰাণীৰ প্ৰাণ ৷

৯. সন্তান জন্ম দিব পৰা যিকোনো বস্তু ভক্ষণ নকৰা সকলকেই আচলতে নিৰামিষভোজী বুলি কোৱা হয়৷

১০. পাকঘৰত দুৰ্গন্ধৰ পৰা সাত সাৰিবলৈ যি আছে সকলো খায় পেলোৱাই আটাইতকৈ উত্তম উপায় ৷

১১. মনত ৰাখিব, সাগৰত পৰাৰ পাছত মাছৰ সমুখত সকলো মানুহেই সমান!

No comments:

Post a Comment