নিপুল মেধিৰ কলমতঃ
মোৰ সহপাঠী বন্ধু তথা তথ্যচিত্ৰ নিৰ্মাতা, লেখক আৰু খ্যাতিসম্পন্ন সমালোচক উৎপল বৰপূজাৰীক কেইমাহমান আগতে মই ক’লো “ তুমি বৰ ডাঙৰ আৰু বিখ্যাত হ’লা , মইহে একেবাৰে সৰু হৈ থাকিলো"।
উৎপলে উত্তৰত ক’লে-“ কামত ডাঙৰ-সৰু একো নাই, নিজ নিজ কামত সকলোৱে ডাঙৰ"৷
এই ভাল কথাটোৱে কোনোবা এঠাইত পঢ়া কথা অলপলৈ মনত পেলালে ।
এবাৰ এজন ডাঙৰ পণ্ডিতে নদী এখন পাৰ হ’বলৈ নাৱ এখনত উঠিলে । নাৱ খন চলি থাকোতে পণ্ডিতে নাৱৰীয়া জনক সুধিলে :
পণ্ডিত : নাৱৰীয়া , তুমি সূৰ্য পূৱফালে কিয় উদয় হয় জানানে ?
নাৱৰীয়া : মই নাজানো ।
পণ্ডিত : তুমি একেবাৰে গাধা , তোমাৰ জীৱনৰ ষোল্ল আনাৰ চাৰি আনা কটা গ’ল । এইবাৰ কোৱাচোন - চন্দ্ৰটো কিয় সূৰ্ষ্যৰ চাৰিওঁফালে ঘূৰি থাকে ?
নাৱৰীয়া : মই নাজানো ।
পণ্ডিত : তোমাৰ জীৱনৰ আৰু চাৰি আনা কটা গ’ল ।
এনেকৈ জীৱনৰ নম্বৰ কাটি থকা অবস্থাতে হঠাৎ ধুমূহা- বৰষুণ পৰিবলৈ ধৰিলে – নাওখন তুলুং-ভুতুং কৰিব ধৰিলে । বতৰৰ অৱস্থা দেখি পণ্ডিতে ভয় খালে ।
নাৱৰীয়া জনে এইবাৰ পণ্ডিতক সুধিলে “ মহাশয় , আপুনি সাতুৰিব জানেনে ?” পণ্ডিতে ক’লে “মই সাতুৰিব নাজানো ।“
নাৱৰীয়াই ক’লে “ আপুনিটো মোৰ জীৱনৰ নম্বৰ কাটি কাটি মাত্ৰ চাৰিআনাহে ৰাখিলে , পিছে সাতুৰিব নাজানে যেতিয়া এতিয়া আপোনাৰ যে জীৱনৰ পুৰা ষোল্লআনাই কটা যাব ।“ পণ্ডিতে বুজিলে তেওঁৰ ভুলটো ক’ত ।
সকলো কামৰে মৰ্য্যদা আছে – সেয়া সৰুই হওঁক বা ডাঙৰেই হওঁক । “মইবৰ” ভাবত থকা মানুহৰ অবস্থা কেতিয়াবা ওপৰৰ পণ্ডিত জনৰ দৰে হ’ব পাৰে ।
No comments:
Post a Comment