পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
মূল্যবৃদ্ধিৰ প্ৰতিবাদ জাতীয়তাবাদী যুৱ ছাত্ৰৰ...
মুখ্যমন্ত্ৰীয়ে দিলে কীট-পতংগ ভক্ষণেৰে
 মূল্যবৃদ্ধিক ভেঙুচালি কৰাৰ উপদেশ....
১.অসম গেছ কোম্পানীয়ে অসম চৰকাৰক প্ৰদান কৰিলে লভ্যাংশৰ ১.২৬কোটি টকাঃ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ প্ৰদান কৰিলে ৩০লাখ টকাৰ বৰঙণিও ৷


২.ভূপেন হাজৰিকা ন্যাসৰ সংগীতৰত্ন বঁটা লতা মংগেশকাৰলৈঃ মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু কল্পনা লাজমীলৈ আগবঢ়োৱা হৈছে অসম মহীয়ান শিল্পীহৈতৈষী বঁটা ৷

৩. শান্তি-সম্প্ৰীতিৰ সন্ধানত স্বেচ্ছাসেৱী অনুষ্ঠান "প্ৰগতি"য়ে দহ হাজাৰ কবিতাৰে প্ৰকাশ কৰিব "সেউজীয়া দেশৰ কবিতা": অনুপম দেউৰীৰ সম্পাদনাৰে এই কবিতা পুথিৰে ইণ্ডিয়া বুক অৱ ৰেকৰ্ডছত নাম লিপিবদ্ধ কৰাৰ বাবে প্ৰকাশ কৰিলে সংকল্প ৷

৪. বিশিষ্ট চাহ খেতিয়ক তথা অসমীয়া উদ্যোগপতি হেমেন্দ্ৰ প্ৰসাদ বৰুৱাই মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ প্ৰদান কৰিলে ২০ লাখ টকাৰ চেক ৷

৫. সমৰেন্দ্ৰ নাৰায়ণ দেৱ পৰিচালিত বিগ বাজেটৰ ছবি "বীৰ চিলাৰায়" মুক্তি পাব অহা ২৬জুলাইত একেলগে অসমৰ ২৮টা ছবিঘৰতঃ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অৰ্থ সাহাৰ্যৰে নিৰ্মিত হৈছে এই ছবি ৷

৬. উদ্বোধন হ’ল অসম পথ গৱেষণা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ নতুন ভৱনঃ বিগত ১৩ বছৰ ২৫হাজাৰ কিল’মিটাৰ পকী পথ, ৩হাজাৰ পকা দলং নিৰ্মাণৰ সফলতা দাবী কৰিলে গড়কাপ্তানি মন্ত্ৰীয়ে ৷

৭. উচ্চতম ন্যায়ালয়ে দিলে নিৰ্দেশনাঃ অপৰাধী লোকে পাব নোৱাৰিব আৰক্ষী বিভাগৰ চাকৰি ৷

৮. এচিডৰ খুচুৰা বিক্ৰী নিষিদ্ধ কৰণৰ বাবে উচ্চতম ন্যায়ালয়ে দিলে পৰামৰ্শঃ এচিড আক্ৰমণৰ বলি হোৱা নিৰ্যাতিত ৩লাখকৈ ক্ষতিপূৰণ দিবলৈকো ৰাজ্য চৰকাৰ সমূহলৈ জাৰি কৰিলে নিৰ্দেশ ৷

৯. দেশৰ পৰ্যটন মন্ত্ৰীসকলৰ সন্মিলনত উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দিবলৈ দাবী জনালে অসমৰ পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্মইঃ অসম পৰ্যটকৰ বাবে সম্পূৰ্ণ নিৰাপদ ৰাজ্য বুলি কৰিলে ঘোষণা ৷

১০. চাৰিশ কেডাৰ লৈ ৰঞ্জন দৈমাৰী বহিল পি চি হালদাৰৰ সৈতে বৈঠকতঃ শান্তি প্ৰক্ৰিয়াৰ অংশ ৰূপে অচিৰেই ডেজিগনেটেড কেম্পলৈ আহিব কেডাৰ ৷

১১. মেডিকেলৰ সৰ্বভাৰতীয় উমৈহতীয়া বাছনি পৰীক্ষাত অনুমতি নিদিলে উচ্চতম ন্যায়ালয়েঃ ৰাজ্য সমূহে আগৰ দৰেই নিজাকৈ পাতিব পাৰিব পৰীক্ষা ৷

১২. উত্তৰ পূৱৰ প্ৰকল্প খৰতকীয়া কৰিবলৈ গঠন কৰি দিলে কমিটিঃ পাঁচটা ৰেল প্ৰকল্পৰ বাবে অনুমোদন দিলে ৬০০কোটি টকা ৷

১৩. অহা ২০১৭চনৰ ভিতৰত সম্পূৰ্ণ হব বগীবিল দলঙঃ প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰিলে উদ্বিগ্নতা ৷

১৪. সাহিত্যক সুশীল কৰ্মীলৈ যোৰহাট জিলা সাহিত্য সভাৰ দেউৰাম তাচা বঁটাঃ প্ৰদান কৰিলে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহদেৱে৷

চিন্তনীয় খবৰঃ 

১. ভাগি চূৰমাৰ ফৰকাটিং আৰক্ষী চকী, গুৰুলা-গুৰুলকৈ পিটিলে অপৰাধী আৰক্ষীকঃ বলাৎকাৰী আৰক্ষীক গ্ৰেপ্তাৰ নকৰাৰ প্ৰতিবাদত গোলাঘাটত উত্তপ্ত পৰিস্থিতি ৷

২. উন্নয়ন দাবী কৰা কেবাখনো গাঁৱৰ নাগৰিকক গুলীয়াই মৰাৰ ভাবুকিৰে পুনৰ সংবাদ শিৰোনামা দখল কৰিলে ৰাজু চাহু বাহিনীয়ে ৷

৩. কাৰ্বি-আংলঙৰ ৪০০কোটি-টকীয়া কেলেংকাৰীৰ প্ৰতিবেদন দাখিলৰ দাবী কৰিলে ভূপেন বৰাইঃ ৰাজীৱ গান্ধী গ্ৰাম্য বৈদ্যুতিকৰণ আঁচনিৰ অনিয়ম বিচাৰ কৰিবলৈ গঠন হ’ল সদন কমিটী ৷

৪. অসম ক্ৰিকেট সন্থাৰ সম্পাদক বিতৰ্কিত সম্পাদক বিকাশ বৰুৱাক আজি ততাতৈয়াকৈ নিলম্বনৰ নিৰ্দেশ দিয়েঃ চাকৰিলৈ নোযোৱাকৈ বছৰ বছৰ ধৰি দৰমহা খোৱাৰ অপৰাধত৷

৫. এনকেফেলাইটিজ ৰোগে ধাৰণ কৰিছে ব্যাপক ৰূপঃ উজনিত ২০২জন আক্ৰান্ত, গুৱাহাটীত ৫০জন ৷

৬. যোৰহাটত চিনেমা হলত প্ৰেমিক প্ৰেমিকাৰ চুৰিকাঘাতৰ ঘটনাঃ বিৰাজ কৰিছে চাঞ্চল্যই৷

No comments:

Post a Comment