সম্পাদকলৈ ৰাইজৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ ৰাইজৰ চিঠি

সম্পাদকলৈ ৰাইজৰ চিঠি

Share This
টেলিভিচন যোগে নাগৰিকৰ মতামতো প্ৰচাৰ কৰক

মাননীয় সম্পাদক মহোদয়,

বাতৰি কাকত আৰু আলোচনীবোৰৰ “সম্পাদকলৈ চিঠি” শিতানত মাজে মাজে কিছুমান তথ্যমূলক, গুৰুত্বপূর্ণ সমস্যা,দাবী আদি কৰি বিভিন্ন বিষয়ৰ চিঠি প্রকাশ হোৱা দেখা যায় । 

এতিয়া কথা হ’ল, অসমৰ সকলোৰৰ ঘৰত বাতৰি কাকত আৰু আলোচনী নাৰাখে । তাৰ ফল স্বৰূপে বিভিন্ন বাতৰি কাকত আৰু আলোচনীবোৰত প্রকাশিত সম্পাদকলৈ লিখা গুৰুত্বপূর্ণ চিঠিবোৰ পঢ়িব নাপায় । 

কিন্তু অসমৰ চুকে-কোণে গৰিষ্ঠসংখ্যকৰ ঘৰত টিভি আছে আৰু কেৱলৰ সংযোগও আছে। আমি এই পত্রৰ দ্বাৰা টিভি চেনেলবোৰক এটা অনুৰোধ জনাব বিচাৰিছোঁ যে “চিঠি” নামৰ এটা অনুষ্ঠান অসমৰ টিভি চেনেলবোৰে আৰম্ভ কৰে, য’ত বিভিন্ন লোকে লিখা বিভিন্ন বিষয়ৰ মনৰ ভাব লগতে বিভিন্ন অঞ্চলৰ গুৰুত্বপূর্ণ সমস্যা,দাবী আদি কৰি বিভিন্ন বিষয়ে লিখা চিঠিবোৰ প্রচাৰ কৰিব পাৰে। 

লগতে ৰাইজে টিভি চেনেলবোৰত প্রচাৰিত বিভিন্ন অনুষ্ঠানবোৰৰ বিষয়ে লিখা মতামতকো এই নতুন অনুষ্ঠানটিৰ জৰিয়তে প্রচাৰ কৰিব লাগে।

-ডঃ বুলজিৎ বুঢ়াগোহাঁই
(পাঠক সকলে এই শিতানলৈ চিঠি পঠাব পাৰে, ই-মেইল কৰকঃ xukhdukh@gmail.com)

No comments:

Post a Comment