১. নীলমণিৰ হাতপুথিয়ে খলকনি তুলিছে পানবজাৰত, অভিলেখ সংখ্যক বিক্ৰীৰে উদৰ পূৰাই খাবলৈ পালে কিতাপৰ দোকানীয়ে৷ অসমীয়া কিতাপ মানুহে নপঢ়ে বুলি উঠা অভিযোগো হ’ল মষিমূৰ৷ "বিশ টকাত আঠ জনে উদৰ পূৰাই খাওক" নামৰ পুথিখনে এদিনতে ভংগ কৰিলে সকলো বিক্ৰীৰ অভিলেখ৷
"উদৰ পূৰোৱাৰ বিশটকীয়া কিটিপ" বুলি এইবাৰ ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা দুৰ্দশাগ্ৰস্ত সকলো তৃতীয় বিশ্বৰ দেশৰ গৃহিনীৰ বাবে অনুবাদ কৰি প্ৰকাশ কৰি বিতৰণ কৰিবলৈ ওলোৱাৰ সুখবৰে চুই গ’ল অসমক৷ বিশ্বৰ আটাইবোৰ ভাষালৈ অনুদিত হব লগা এই গ্ৰন্থৰে নীলমণিয়ে মহাপুৰুষৰ স্থান পালে জগত সভাত, এইবাৰ নামৰ আগত লিখিব শ্ৰীশ্ৰী৷
তেখেতলৈ ইমান সুলভ খাদ্য যোগানৰ আৱিস্কাৰী অৱদানৰ বাবে "সুলভ শৌচালয়" সমাজৰ পৰা বিশ্ব ৰত্ন উপাধি প্ৰদানৰ চলিছে যো-জা৷
২. বাংলাদেশ সীমান্ত ন-অসমীয়া হোৱাৰ লক্ষ্যৰে উপনীত হৈছেহি লাখ লাখ ক্ষুধাতুৰ জনতা৷ সোনকালে নোসোমালে খাদ্য নিৰাপত্তা আইনত নাম নোসোমাব বুলি শংকাত ভূগিছে ভোকাতুৰ ৰাইজ৷
বিএছএফৰ সতে বিশ টকীয়া গল্ডেন হেন্ডচেক ভিচাৰে পৰ্যটকৰ ৰূপত প্ৰথমে ৰাইজে ভুমুকি মাৰিব বুলি বিচিএফ কেণ্টিনৰ ৰান্ধনীয়ে জনাইছে৷ দুটকীয়া চাউল নাপালেও বিশ টকাত ছয়জনীয়া সন্তান থকা পৰিয়ালৰ সকলো দম্পত্তিয়ে অন্ততঃ খাই বৈ জীৱন ধাৰণ কৰিব পাৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে৷ অসম বিনে এই চৰা দামৰ দুনীয়াত গতি নাই বুলি “ভাটিয়ালী গীতে” ধুবুৰীত ইপাৰ সিপাৰ কৰা নাঁৱবোৰ কঁপাই তুলিছে বুলিও জানিব পৰা গৈছে ৷
বিএছএফৰ সতে বিশ টকীয়া গল্ডেন হেন্ডচেক ভিচাৰে পৰ্যটকৰ ৰূপত প্ৰথমে ৰাইজে ভুমুকি মাৰিব বুলি বিচিএফ কেণ্টিনৰ ৰান্ধনীয়ে জনাইছে৷ দুটকীয়া চাউল নাপালেও বিশ টকাত ছয়জনীয়া সন্তান থকা পৰিয়ালৰ সকলো দম্পত্তিয়ে অন্ততঃ খাই বৈ জীৱন ধাৰণ কৰিব পাৰিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে৷ অসম বিনে এই চৰা দামৰ দুনীয়াত গতি নাই বুলি “ভাটিয়ালী গীতে” ধুবুৰীত ইপাৰ সিপাৰ কৰা নাঁৱবোৰ কঁপাই তুলিছে বুলিও জানিব পৰা গৈছে ৷
৩. নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰিবলৈ গৈ শ্ৰমিক সিং ঘাটোৱাৰ বিপদত পৰাৰ বাতৰি আহিছে৷ ছানিয়া-আইৰ বৰঘৰলৈ কইনাধৰাৰ চৰাঘৰৰ পৰা অভিযোগ পত্ৰ লৈ এজাক জ্যেষ্ঠ মন্ত্ৰীত্ব প্ৰয়াসী লোক দিল্লীত বাহৰ পাতি থকাৰ খবৰ আহিছে৷
স্বাস্থ্য বিভাগৰ ফঁটা বেৰৰ চিকিৎসালয় উন্মোচন কৰিবলৈ গৈ কি কথা পাতিলে, সেই কথা ফটা বেৰেদি লিক কৰাৰ পাছৰে পৰাই শ্ৰমিক সিংলৈ বিপদ অহাৰ খবৰ৷ বিপদৰ উমান পাই জ্যোতিষি হিৰো ইয়ংৰ পৰা ক’লা তাবিজ ককালত পৰিধান কৰা বুলিও কামকৰা ছোৱালী চামেলীয়ে আমাক জনাইছে৷
৪. একেলগে ১৫জনকৈ খণ্ড উন্নয়ন বিষয়াৰ বদলিৰ নিৰ্দেশে সলাই পেলাইছে উন্নয়নৰ অংক৷ উন্নয়নলৈ পিঠি দি ষ্টে-অৰ্ডাৰৰ বাবে টোপোলাসহ গুৱাহাটীত বাহৰ পাতি থকাৰ খবৰ আহিছে৷
টোপোলা দেখিলেহে টুপুলি নাচে বুলি অসমীয়া ফঁকৰা যোজনাটো মানি খণ্ড উন্নয়ন বিষয়া সন্থাই একলগে ষ্টে-অৰ্ডাৰ কিনিলে কম-খৰচ পৰিব বুলি গুণা-গঁথা কৰি আছে৷ হল’-চেল ৰেটটো ঠিক কৰিবৰ বাবে বিশ্বস্ত কাৰ্যকুশলী নেতাই দিছপুৰত দৰ-দাম চলাই পুৱতি নিশালৈকে আলোচনা চলোৱা বুলিও বিধায়ক আবাসৰ চকীদাৰে খবৰ পঠাইছে৷
৫. আমগুৰিত ৭০বিঘা চাহ বাগিচা কাটি ভোজ ভাত খাই নগা দুৰ্বৃত্তৰ উল্লাস, অসম আৰক্ষীয়ে জুৰিলে সমন্বয়ৰ গীত৷ শান্ত সম্প্ৰীতিৰ মাজেৰে অসমীয়াই ৰবৰৰ গছ কাটক, নগাই আহি চাহ গছ কাটক৷ এইদৰেই উৰহৰ খঙ ভগা ঢাৰিত জাৰি, মানুহে উত্তেজনা মৰিষণ কৰাটো অতিশয় শলাগ লব লগা কথা বুলি পুলিচ অধীক্ষকে আনন্দ প্ৰকাশ কৰিলে৷ মানুহে কোনো কাৰণতে তেজৰ নদী বোৱাব নালাগে, এইয়া গান্ধীৰ দেশৰ এক আদৰ্শ আৰু সকলো দেশতেই এই আদৰ্শ লবৰ বাবেই অধীক্ষকে আহ্বান জনায়৷
৬. বঙাইগাঁৱত বৃহৎ পৰিমানৰ নিচা জাতীয় টেবলেট উদ্ধাৰ৷ সেইবোৰ মিড-ডে মিলৰ দৰে কলেজত কেণ্টিনত বিতৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে বুলি অচেতন যুৱ সংঘই দাবী তুলিছে৷ জীৱনৰ নিচাত মগন নহ’লে জীয়াই থকাৰ কি লাভ বুলি সংঘৰ সভাপতিয়ে কয় যে- এই টেবলেট খায় যদি মানুহে মত্যতে স্বৰ্গৰ দৰে সুখ পাব পাৰে, তেন্তে ইয়াত বাধা প্ৰদান এক অমানৱীয় কাম আৰু এই বিষয়ে মানৱ অধিকাৰ আয়োগৰ ফেচবুক পেজত আপত্তি জনাব বুলিও আৰক্ষীক সকিঁয়াই দিয়ে৷ আৰু স্বৰ্গৰ দৰে এই পৃথিৱীকে সুখময় কৰাৰ পথত সহযোগ কৰিবলৈ সকলোৱে হাত উজান দি টেবলেটত ধৰিব লাগিব বুলিও সজাগ কৰি দিয়ে৷
৭. অবাধ ড্ৰাগছ-মৰণাস্ত্ৰৰ বেহাৰ ক্ষএত্ৰত মুম্বাইৰ এন্ধাৰ জগতকো পিচ পেলাইছে গুৱাহাটীয়ে৷ দেশৰ ৬৪ শতাংশ গোচৰেই উত্তৰ-পূৰ্বাঞ্চলৰ৷ সেয়ে ডাউদ ভাইয়ে লুক ইষ্ট পলিচিৰ গ্ৰহণ কৰিবলৈ ওলোৱা বুলি গোপন সূত্ৰত প্ৰকাশ৷ মৰিয়নিক ৰাজধানী ৰূপে লৈ নিজৰ সাম্ৰাজ্য গঢ়ি তুলিবৈল ব্লু-প্ৰিণ্ট বনোৱা বুলিও কৰাছীৰ পৰা খবৰ আহিছে৷ উত্তৰ-পূৱত বিনিয়োগৰ বাবে আগবাঢ়ি অহা ডাউদ ভাইক আমাৰ বন্দুক দঙা ভাই-ককাই সন্থাই সহযোগ কৰাৰো খবৰ আহিছে৷
৮. তিনি মাহত খাই শেষ কৰিব নোৱাৰিলে পৰিকল্পনা শিতানৰ ধন৷ অহা দুমাহতে ৫হাজাৰ কোটি টকা খাই উদং কৰিব লাগিব বুলি ৰাজ্য চৰকাৰলৈ হেঁচা৷ মন্ত্ৰী-বিষয়া-আমোলা সন্থাৰ পত্নী সকলে কি কি কিনি সেই টকা খৰছ কৰিব তাকে লৈ মিলাব পৰা নাই হিচাব৷ পইচা খাই তহিলং কৰাৰ বাবে ভাড়াতীয়া একাউণ্টেণ্ট সন্থাৰ পৰামৰ্শকে লৈ আগবাঢ়িবলৈ সিদ্ধান্ত৷
লগতে বাথৰুম, টেংকি আদি নতুনকৈ বনাই ধন-মজুতকৰণৰ আৰ.এইচ খান আৰ্হিৰ সঁফুৰা বনাবৰ বাবেও খৰধৰকৈ ইটা, বালি, চিমেণ্ট অনোৱাৰ খবৰ!
শেহতীয়া আন লোকেল গুজৱ পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক
লগতে বাথৰুম, টেংকি আদি নতুনকৈ বনাই ধন-মজুতকৰণৰ আৰ.এইচ খান আৰ্হিৰ সঁফুৰা বনাবৰ বাবেও খৰধৰকৈ ইটা, বালি, চিমেণ্ট অনোৱাৰ খবৰ!
শেহতীয়া আন লোকেল গুজৱ পঢ়িবৰ বাবে ইয়াতে ক্লিক কৰক
No comments:
Post a Comment