জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
চানা মচলা
উপকৰণঃ
দুশ পঞ্চাশ গ্ৰাম বুটমাহ
আদা নহৰুৰ পেষ্ট  এক চামুচ
জলকীয়া গুৰি আধা চামুচ
গৰম মচলাৰ গুড়ি আধা চামুচ
মীট মচলা আধা চামুচ
জিৰা গুড়ি আধা চামুচ
পিয়াজ দুটা ডাঙৰ আকাৰৰ ৷
নিমখ, হালধি আৰু মিঠাতেল আন্দাজ অনুসৰি ৷
আধা চামুচ চেনী৷

ৰন্ধন প্ৰণালীঃ

বুটখিনি বাচি লৈ, পৰিস্কাৰকৈ ধুই তিয়াই কোমলাই লওক৷ 
কেৰাহীখন গৰম কৰি লওক৷ এতিয়া মিঠাতেল দিয়াৰ পাছতে চেনী খিনি তাতে দি ৰঙচুৱা হোৱালৈকে ৰওক৷

তাৰ পাছত সৰু সৰুকৈ কুটি লোৱা পিয়াজ খিনি ঢালি দিয়ক৷ 
পিয়াজখিনি ৰঙচুৱা হোৱাকৈ ভাজি থাকোতেই ওপৰত উল্লেখ কৰা মচলা সমূহ তাত ঢালি দি অকনমান পানী দি লাগি নধৰাকৈ লৰাই থাকিব, গেছৰ জুই চীমতে ৰাখক৷
এতিয়া বুটমাহ খিনি তাতে দি দিয়ক৷

ভালকৈ লৰাই দিয়ক যাতে, সকলোখিনি মচলাৰে সৈতে মিক্স হৈ যায়৷ এতিয়া অলপ পানী দি পানীখিনি শুকুৱালৈকে সিজাওক৷ এইদৰে পানী শুকাই যোৱা দেখিলে আকৌ অলপ পানী দি দিয়ক৷ এইদৰে প্ৰায় ৪০মিনিটমান সময় ৰান্ধি বুটখিনি একেবাৰে কোমল হৈ যোৱালৈকে সিজাওক৷ (একেবাৰতে পানী দি নিসিজাব)৷ এইদৰে চানা মচলা ব্যঞ্জনটো খোৱাৰ বাবে উপযোগী হৈ উঠিব ৷

এতিয়া গৰমে গৰমে খোৱা টেবুলত পৰিবেশন কৰক৷ ভাত, লুচি, ৰুটিৰ লগত ই বৰ উপযোগী খাদ্য ৷
---------------------------------
আজিৰ আখলৰ দিহা যুগুতালেঃ মনালী চি দত্তই
----------------------------------------------
শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাবোৰত ক্লিক কৰকঃ

No comments:

Post a Comment