জুতি লগা আখলত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখলত

জুতি লগা আখলত

Share This
ৰঙীন পোলাও 

উপকৰণ :-
বাচমতী চাউল : ২৫০ গ্ৰাম,(৮০% সিজাই ল’ব)
ৰঙা আপেল : ১টা
ডালিম গুটি : ১ বাতি
চেৰী : ১২টা
মটৰ সৰু বাতিৰে : ১বাতি(সিজাই ল’ব)
কিছমিছ : ২০টা
কাজু : ১৫টা
আখৰুট : ১০টুকুৰা মান
ঘী : ২চামুছ
তেজপাত : ২টা
গৰম মছলা : ১/২চামুছ
কেশৰ : অলপ(পানীত তিয়াই থব )
জিৰা : এক চামুছ
ইলাচী গুৰি : আধা চামুছ
নিমখ সোৱাদ অনুযায়ী

ৰন্ধন প্ৰণালী

• তাৱাত অকনমান ঘী দি কাজু আৰু আখৰুট দি ভাজি ল’ব |

• বাচমতী চাউলখিনি কেশৰ পানী খিনি ঢালি থৱ |
• কেৰাহিত ঘী দি জিৰা এচামুছ তেজপাত আৰু মটৰ দি নিমখ, কিছমিছ, ভজা কাজু আৰু আখৰুট দি ভালকৈ লৰাই সিজাই লোৱা বাচমতি চাউলখিনি দি দিব | লগতে গৰম মছলা চেৰী, আপেল ,ডালিম আৰু ইলাছি গুৰি দি ভালকৈ ভাজিব |
• গৰমে গৰমে পৰিবেশন কৰিব |

আজিৰ জুতি লগা আখল যুগুতালেঃ
- মনীষা বড়া হালৈ,

দুইমুখ, অৰুণাচল প্ৰদেশ
০৫/০৬/২০১৩
-----------------------------------------

No comments:

Post a Comment