বাটে ঘাটেঃ আজিৰ উপলব্ধি
#অজয় লাল দত্ত
১. ডিজাইনাৰৰ কামালঃ
কিন্-কিনিয়া বৰষুণ৷ হঠাত দেখিলো সমুখৰ পৰা দুযোৰ নগ্ন লেগ পিচ আহি আছে, সুন্দৰ, লাহী বগা ৷ চক খাই ওপৰলৈ চালো ৷ দুটি লণি নাৰীদেহ ওপৰত হালি জালি আহি আছে৷
চেহ... ডিজাইনাৰৰো যে কামাল, এইবাৰ উৰুলৈকে চুটি ৰেইনকোটো বনাই পেলাব লাগেনে? আমাৰ নিচিনা গাঁৱলীয়াবোৰে মহানগৰীৰ বাটত চক খাই যোৱাকৈ ৷
চেহ... ডিজাইনাৰৰো যে কামাল, এইবাৰ উৰুলৈকে চুটি ৰেইনকোটো বনাই পেলাব লাগেনে? আমাৰ নিচিনা গাঁৱলীয়াবোৰে মহানগৰীৰ বাটত চক খাই যোৱাকৈ ৷
২. মেনকাৰ কুকুৰ
প্ৰাণীলৈ মৰমৰ বাবেই এই মেনকা শব্দটো লিখা গৈছে৷ দেখিলো বাটত কুকুৰ চৰাই ফুৰিছে, মানে ফুৰাইছে৷ সুঠাম কুকুৰটোলৈ চকু গ’ল, বৰষুণত ফুৰাবলৈ ইহঁতকো ৰেইনকোট পিন্ধাই আনিছে৷ ভালকৈ চালো, পেটৰ অংশত ৰেইনকোটটোত পুলিচ বুলি লিখা আছে৷ অ’ মানে কুকুৰ পুলিচ বিভাগৰ চাকৰিয়াল৷ মানে কুকুৰ ফুৰোৱাৰ বাবেও মুম্বাই আৰক্ষীৰ ডিউটি লাগে ৷ হঠাত মেনকালৈ মনত পৰি গ’ল, অ’ এয়াতো প্ৰাণীৰ সম-অধিকাৰৰ কথা ৷ ধনীৰ কুকুৰ বুলি যদি ৰাতিপুৰা গধূলি ফুৰিব পাৰে, চৰকাৰী কুকুৰ বুলি কি সিহঁতৰ ফুৰাৰ অধিকাৰ খৰ্ব হব? সেয়া হবই নোৱাৰে, আৰক্ষীক চেলুট মাৰি দিও যেন লাগিল, সঁচাই বৰ ন্যায় কৰিছে!
৩. বৰষুণত টেক্সিঃ
বৰষুণত প্ৰচণ্ড ট্ৰেফিক জাম লাগে৷ সেয়া মুম্বাই হওক, বা দিল্লীয়েই হওক৷ ট্ৰেফিক জাম মানেই আগনাবাঢ়ে গাড়ী৷ চলি থাকে ভাড়ালৈ লোৱা লোকেল টেক্সীৰ মিটাৰ খটা খট, খটা খট !
সেয়ে হঠাত সমুখত ৰঙা বাচখন দেখি নতুন এটা আৱিস্কাৰ কৰিলো, বৰষুণত টেক্সি লৈ ২০০টকাৰ দূৰত্বত মিনিমাম ৪২০টকাৰ বিল দিয়াতকৈ, ২০০টকাত ভাল সুৰাৰ কোৱাটাৰ বটল এটা পান কৰি, ২০ টকাৰে ৰঙা বাচত বহি ঘৰ পোৱাই উত্তম বুধি!
৪. পাৰস্পৰিক লাভঃ
বৰষুণৰ মাজেৰে চলি থকা ৰঙা বাচখনলৈ চকু মাৰি পঠিয়ালো৷ দেখিলো আধা তিতি, ঠেৰেঙা লাগিছে মানুহবোৰ৷ অথচ নাৰী কেইগৰাকীয়ে হাত-কটা টপ, কম কম কাপোৰেৰে ধন ৰাহিৰ অপচেষ্টা চলাইছে৷
লগে লগে আৱিস্কাৰ কৰিলো অন্য এটা উপলব্ধিঃ বৰষুণত ঠেৰেঙা লগা যেন লাগিলে বাচত গৰম কাপোৰ কিয় নানিলো বুলি আপচোচ কৰাতকৈ উন্মুত্ত চালৰ সানিধ্যৰ উম লৈ পাৰস্পৰিক লাভালাভত গুৰুত্ব দিয়াটোৱেই উত্তম বুধি!
ৰিক্স আপোনাৰ!
ৰিক্স আপোনাৰ!
৫. হস্পিতেল চলি থকাৰ কাৰণঃ
তেৰ নং মহলাত থকা আত্মীয়ক দেখা কৰিবলৈ হস্পাতালত সোমাবলৈ লিফটটোত সোমালো ৷ ১৩ৰ পৰা ১৬ নং মহলালৈ যোৱা লিফটত ভিৰ, সেয়ে ১২নং পৰ্যন্ত যোৱা লিফটটোতে সোমাই দিলো৷ তাত আন এজন মানুহ আছিল, তেওঁ লিফট মেনটোক কৈ আছে, বৈ বৈ৷ লিফটমেনটোৱে মই সোমোৱা দেখি, তেওঁলৈ চাই উত্তৰ দিলে, এজন মানুহ নিলে নোপোচাই৷ ৰঙীয়াল সিজন মানুহেও হাঁহি হাঁহি উত্তৰ দিলে, তোমাৰ দৰে মানুহৰ বাবেই দেখিছো হস্পাতালখন চলি আছে ৷
লিফটমেন জনে বিনয়েৰে ক’লে আজিকালি প্ৰথম মহলালৈকো মানুহ লিফট নহ’লে নাযায়৷
মই প্ৰতিবাদ কৰিলো, মই ১৩ মহলালৈ যাম, তথাপি ১২মহলালৈ যোৱা লিফটত উঠিছো৷ এক মহলা খোজকাঢ়িয়েই যাম৷ লগে লগে ৰঙীয়াল জনে মাত লগালে, আচলতে প্ৰথম মহলা, দ্বিতীয় মহলালৈকে লিফট সেৱা বন্ধই কৰি দিব লাগে৷
তেতিয়া লিফটমেন জনে প্ৰতিবাদ কৰি উঠিল, নহয় চাহাব, আপুনি ভুল কথা কৈছে, মোৰ বাবে হস্পাতালখন চলি থকা নাই৷ যি সকলে প্ৰথম মহলালৈকে চিৰিৰে উঠিবলৈ টান পায়, খোজেই নাকাঢ়ে, তেওঁলোকৰে সকলো বেমাৰ আজাৰ হয়, ভৰিৰ বিষ হয়, আচলতে সেই সকলৰ বাবেহে হস্পাতালখন চলি আছে!
হয় হয়, এটা নতুন আৱিস্কাৰ কৰাৰ আনন্দত মোৰ মনটোও নাচি উঠিল ৷
No comments:
Post a Comment