জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
ভাপত দিয়া মচুৰ দালিৰ পিটিকা

উপকৰণঃ 
চাৰিজনৰ বাবে
মচুৰ দালি এবাতি (সৰু কাঁহৰ বাতি)
আদা এটুকুৰ কুটি লব
পিঁয়াজ এটা কাটি লব
কেঁচা জলকীয়া ৪টা ৷
নিমখ স্বাদ অনুসৰি৷
মিঠাতেল পিটিকাৰ প্ৰয়োজন অনুসাৰে ৷

ৰন্ধন প্ৰণালীঃ
দালি খিনি ভালকৈ ধুই ১৫-২০ মিনিটমান তিয়াই ৰাখক৷
দালিখিনি টুকি লৈ এখন চাফা কাপোৰত বান্ধি লওক, সৰু টোপোলা আকাৰত৷ অলপ ঢিলাকৈ বান্ধিব যাতে সিজিলে দালিখিনি ফুলি উঠিলেও সেই টোপোলাটোৱে তাক ধৰি ৰাখিব পাৰে৷

আচলতে এই দালিখিনি ভাপত সিজোৱাৰ দৰকাৰ৷ কিন্তু আমি সহজ উপায় হিচাবে কাপোৰৰ টোপোলা কৰি প্ৰেচাৰ কুকাৰত ভাত ৰান্ধোতে চাউলত পানী দিয়াৰ পাছত টোপোলাটো তাতে দি, ভাতৰ সতেই সিজাই পেলোৱাৰ দিহা কৰিছো ৷

এতিয়া কুকাৰত ভাত সিজি যোৱাৰ পাছত ঢাকোন খুলি যোৱালৈ অপেক্ষা কৰক৷ তাৰ পাছত ভাপতে সিজা দাইলখিনি উলিয়াই লৈ যতনাই ৰখা, কুটি থোৱা পিঁয়াজ, আদা, জলকীয়া দি তেল নিমখৰ সতে সানি লওক৷

এতিয়া পৰিবেশনৰ বাবে নিবৰ সময়ত মানুহ কেইজন আছে সেইমতে লাডু বনাই লৈ গৰমে গৰমে ইয়াৰ জুতি লওক৷

অকলে থকা সকলে সহজেই এই পিটিকাৰ সোৱাদ লব পাৰে৷

আখলৰ দিহা যুগুতালেঃ মনালী চি. দত্তই 


No comments:

Post a Comment