সুখৰ খবৰঃ
১. সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ বাবে চৰকাৰৰ নতুন প্ৰচেষ্টাঃ কেন্দ্ৰই বিবেচনা কৰিব পুনৰ সংস্থাপনৰ ৫০০কোটি ৷
২. বিষ্ণু প্ৰসাদ ৰাভা বঁটা ঘোষণা কৰিলে সাংস্কৃতিক সঞ্চালকালয়েঃ ২০১৩ বৰ্ষৰ এই বঁটা নৃত্যাংগনা গৰিমা হাজৰিকা আৰু ভাস্কৰ্য শিল্পী চালেহা আহমেদলৈ ৷
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhIw0M3cp04d8dOl90Phh1gaYwb2bNETkJnERNaWcloqgwjXrb9mKlzwVMpmW8N0s52P82yXzDihXZO7J8hLLLuhOujqj_L4gfkVNk9UVObLn7f3BFqDEMcu33pfmJ1KmpQpNTYBq8c_dc/s1600/koka.jpg)
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEhIw0M3cp04d8dOl90Phh1gaYwb2bNETkJnERNaWcloqgwjXrb9mKlzwVMpmW8N0s52P82yXzDihXZO7J8hLLLuhOujqj_L4gfkVNk9UVObLn7f3BFqDEMcu33pfmJ1KmpQpNTYBq8c_dc/s1600/koka.jpg)
৩. উন্নয়ন খণ্ডৰ সৱল নেতৃত্বত বকোত নীৰৱ সেউজ বিপ্লৱঃ সাতশ বিঘা মাটিত কৰিলে চোমগছৰ খেতি, আজি বিক্ৰী কৰিব ১লাখ গছ, ১৩৩টা আত্ম-সহায়ক গোটৰ জৰিয়তে লা-খেতি কৰি দেখুৱালে আদৰ্শ ৷
৪. তিলক হাজৰিকা আৰু ৰাধিকা মোহন ভাগৱতীলৈ অসমৰ সংবাদ মাধ্যমৰ পুৰোধা ব্যক্তি লক্ষ্মীনাথ ফুকন আৰু হৰেন্দ্ৰ নাথ বৰুৱাৰ সোঁৱৰণত স্মাৰক বঁটাঃ আগবঢ়াইছে গোলাঘাট প্ৰেছ ক্লাৱে ৷
৫. আবাহন থিয়েটাৰৰ "ডঃ ভৱেন্দ্ৰ নাথ শইকীয়া বঁটা": চলিত নাট্যবৰ্ষৰ বাবে এই বঁটা নৃত্যচাৰ্য পদ্মশ্ৰী যতীন গোস্বামীলৈ ৷
৬. ডঃ হীৰেণ গোহাঁইসহ বিশিষ্ট নাগৰিকৰে সৈতে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৰিলে "গুৱাহাটীৰ পৌৰ কৰ" সন্দৰ্ভত আলোচনা ৷
৭. গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ শান্তিপূৰ্বক ভাৱে পৰিসমাপ্তিঃ কাইলৈ নিৰ্বাচন৷ ভোট গ্ৰহণ কেন্দ্ৰত চিচি টিভি স্থাপেনেৰে পৰ্যবেক্ষণৰ ব্যৱস্থা কৰিলে জিলা প্ৰশাসনে ৷
৮. আজিৰে পৰা কলাগুৰু স্মৃতিত তেজপুৰৰ বাণ থিয়েটাৰত সদৌ অসম ভিত্তিক একাংক নাট প্ৰতিযোগিতা ৷
৯. দলীয় পদোন্নতিৰে এআইচিচিৰ সম্পাদক পদ লাভ কৰি সংসদীয় সচিব পদৰ পৰা পদত্যাগ কৰিলে ভূপেন বৰা আৰু ৰাণা গোস্বামীয়েঃ অসম চাহ নিগমৰ অধ্যক্ষ ৰামেশ্বৰ ধানোৱাৰ আৰু সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ আব্দুল মুহিব মজুমদাৰলৈ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰিলে কেবিনেট মৰ্যদা ৷
১০. অনাকৃষকৰ হাতলৈ কৃষি ভূমি, সংবাদ মাধ্যমৰ অভিযোগৰ ভিত্তিত তদন্তৰ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰীয়েঃ স্বাস্থ্য মন্ত্ৰীকো দিলে মঙলদৈলৈ যাবলৈ জৰুৰী নিৰ্দেশ ৷
১১. ১১১তম জন্ম জয়ন্তীত ৰূপকোঁৱৰক সোঁৱৰিলে নগাঁও জিলা সাহিত্য সভাইঃ মাৰোৱাৰী সন্মিলনৰ সহযোগত যোৱাকালি অনুষ্ঠিত কৰি শ্ৰদ্ধাঞ্জলি সভা ৷
১২. অসমত বিদ্যালয় মূল্যায়ন আয়োগ গঠন কৰকঃ নলবাৰীত ছাত্ৰ সন্থাৰ অধিবেশনত এই দাবী তুলিলে সমুজ্জ্বল ভট্টাচাৰ্যই ৷
১৩. স্বৱলম্বনৰ বাবে মূলধনঃ হাঁহ কুকুৰা পালনৰ বাবে শৰণীয়া কছাৰী উন্নয়ন পৰিষদে এক হাজাৰ মহিলাৰ মাজত বিতৰণ কৰিলে ডেৰ কোটি টকা ৷
চিন্তনীয় খবৰঃ
১. উত্তৰ ভাৰতত মৌচুমীৰ তাণ্ডৱ, খহি পৰিল অট্টালিকা, উটি গ’ল গাড়ীঃ বান-ভূমিস্খলনত ৫০জন মৃত, আৰু শতাধিক সন্ধানহীন হোৱাৰ খবৰ ৷
২. গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়নৰ বাবে মাওবাদী নেতা ইন্দ্ৰনীল চন্দ্ৰাই প্ৰচেষ্টা চলোৱা বিফলঃ জে’লতে জেৰাৰ নিৰ্দেশ পালে আৰক্ষীয়ে ৷
৩. কংগ্ৰেছী গুণ্ডাৰ আক্ৰমণঃ বিজয়া চক্ৰৱৰ্তীয়ে গিমিক সৃষ্টি কৰি সহানুভূতিৰ ভে্াট বিচাৰিছে বুলি অভিযোগ তুলেলে প্ৰদেশ কংগ্ৰেছে ৷
৪. অসমত চলি থকা হাই-মাদ্ৰাছাৰ ৪৭১টা শিক্ষক পদৰ নিযুক্তি প্ৰক্ৰিয়াত স্থগিতাদেশ দিলে গুৱাহাটী উচ্ত ন্যায়ালয়ে ৷
৫. এইবাৰ ডিব্ৰুগড়ত ড্ৰাগচ আসক্ত যুৱকে নিয়মীয়াকৈ ৰক্তদান কৰাৰ অভিযোগে পালে সংবাদ শিৰোনামা ৷
৬. চৰকাৰী ব্লাড বেংকৰ পৰা তেজলৈ এচ আই ভি আক্ৰান্তলৈ মুখ্যমন্ত্ৰীৰ পাঁচ লাখ টকীয়া সাহাৰ্য্ ঘোষণাঃ তাৰ বিপৰীতে মংগলদৈলৈ যাবলৈ স্বাস্থ্য মন্ত্ৰীৰ সাহস নহ’ল বুলি সংবাদ মাধ্যমত প্ৰকাশ পালে অভিযোগ ৷
৭. কোকিলা, ছয়গাঁও, বকোত গৰমত মৃত তিনিজনঃ পুৱা ৭-৩০বজাৰ পৰা স্কুল খোলাৰ বাবে লৈছে ব্যৱ্স্থা ৷
৮. এইবাৰ অখিলৰ বিৰুদ্ধে স্বৈৰাচ্ছাৰৰ অভিযোগ তুলিলে প্ৰাক্তন সভাপতিয়েঃ অখিল গগৈৰ ৰাজনৈতিক উচ্চাকাংখাই কৃষক মুক্তিক ধ্বংসৰ পথলৈ নিব বুলিও প্ৰকাশ কৰিলে আশংকা ৷
৯. ক্ষেত্ৰীৰ চৰকাৰী চিকিৎসালয়ত ধনৰ বিনিময়ত অবৈধ গৰ্ভপাতৰ বেহাঃ অভিযুক্ত ছাত্ৰ ছাত্ৰীৰ স্বীকাৰোক্তিত প্ৰকাশ পালে ভয়ংকৰ তথ্য ৷
১০. কিবা আছেনে পুলিচ প্ৰশাসনঃ বৰপেটাত উদ্ধাৰ মহিলাৰ মৃতদেহঃ ধুবুৰীত হানি খুচি যুৱকক নিশংস হত্যা, বঙাইগাঁৱতো ট্ৰাকত উদ্ধাৰ ৩টাকৈ মৃতদেহ৷
No comments:
Post a Comment