সুখ দুখৰ বতৰাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ বতৰাঃ

সুখ দুখৰ বতৰাঃ

Share This
সুখৰ খবৰঃ
১. এভাৰেষ্টত গামোচা উৰুৱাই ঘৰ পালেহি তৰুণ শইকীয়া আৰু মনীষ ডেকাঃ পৃথিৱীৰ শীৰ্ষ জয় কৰা দুয়োজন অসমীয়ালৈ অসমবাসীয়ে জনালে ৰাজসিক আদৰণি ৷

২. মুকলি হব সুধাকণ্ঠ ভূপেন হাজৰিকাৰ স্মূতিত পাঁচ টকীয়া ডাকটিকটঃ ডাক বিভাগৰ এনে উদ্যমত সন্তোষ প্ৰকাশ কৰিলে সচেতন অসমীয়াই ৷

৩, অহা ১২ জুনত পালটানা বিদ্যুত প্ৰকল্প উদ্বোধন কৰিব ৰাষ্ট্ৰপতিয়েঃ ১২০মেগাৱাট বিজুলী পাব অসমেও ৷

৪. অতিথি অধ্যাপকৰ ৰূপত মাজুলী মহাবিদ্যালয়ত পাঠদান কৰি শিক্ষাৰ্থীক উৎসাহিত কৰিলে মাজুলী শ্ৰীশ্ৰী নতুন কমালাবাৰী সত্ৰৰ সত্ৰাধিকাৰ, শংকৰদেৱ বঁটাপ্ৰাপক নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে ৷

৫. আজি বিশ্ব পৰিবেশ দিৱসঃ বছৰি বিশ্বত ১.৩ মিলিয়ন খাদ্যৰ অপচয়ৰ বিপৰীতে প্ৰতি ৭জনৰ এজন থাকে অনাহাৰে, বছৰি ২০হাজাৰৰো অধিক শিশুৰ মৃত্যু হয় অনাহাৰতঃ সেয়ে আহাৰ অপচয় নকৰাৰ বাণী প্ৰচাৰ কৰাৰ উদ্দেশ্যে বন বিভাগে চলাইছে প্ৰচাৰ অভিযান ৷

৬. শিৱসাগৰত গণ-বিবাহঃ একে মণ্ডপত বিবাহ পাশত আৱদ্ধ হ’ল ২৬ যোৰা যুৱক-যুৱতীয়ে ৷

৭. নতুন প্ৰজন্মলৈ এক উৎকৃষ্ট উপহাৰঃ গুৱাহাটীত উন্মোচিত হ’ল সঞ্জয় হাজৰিকাই লিখা শিশুগ্ৰন্থ "ড্ৰেগনৰ সাধু ৷

৮. টংলাত অনুষ্ঠিত হ’ল বিজ্ঞানসন্মত ৰবৰ খেতিৰ কৰ্মশালাঃ মুনাফাদায়ী অপৰম্পৰাগত কৃষিকৰ্মক লৈ ওদলাগুৰিৰ কৃষক উৎসাহিত হোৱাৰ সুখৰ খবৰ ৷

৯. জালেৰে লুইতৰ বুকুত ধৰিলে ৮৩ কেজি ওজনৰ মাছঃ নগৰবেৰাৰ সমীপৰ কাছমাৰা বজাৰত এই মাছ বিক্ৰীৰে ৩৩হাজাৰ টকা লাভ কৰি অভিলেখ গঢ়িলে ছোমেছ উদ্দিনে ৷

১০. ঐতিহাসিক নিৰ্বাচনত বিজয় হোৱাৰ পাছত আজি পাকিস্তানৰ প্ৰধানমন্ত্ৰী ৰূপে শপত লব নৱাজ শ্বৰীফে ৷

সংবাদ প্ৰৱাহঃ
১. বিডিঅ’ সকলৰ চলাচল সুচল কৰিবৰ বাবে ১০১ খন গাড়ী বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়ে৷

২. সদ্যসতে অসম মন্ত্ৰীসভাৰ সালসলনি নহয় বুলি সূত্ৰত প্ৰকাশঃ তাৰ বিপৰীতে দিল্লীত বিসম্বাদীৰ ৰুদ্ধদ্বাৰ বৈঠক৷ মুখ্যমন্ত্ৰীক চাপত ৰখাটোৱেই বিসম্বাদীৰ ৰণকৌশল বুলি প্ৰকাশ পালে সংবাদ মাধ্যমত ৷

৩. উজনিত নগাৰ তাণ্ডৱৰ প্ৰতিবাদত নাগালেণ্ডৰ বিৰুদ্ধে অৱৰোধ কাৰ্যসূচী চলালে আটছা আৰু যুৱ ছাত্ৰ পৰিষদেঃ গেলেকীত পুনৰ ২০বিঘাৰ চাহ গছ কাটি তহিলং কৰা ঘটনাই বৃদ্ধি কৰিলে উত্তেজনা ৷

৪. বলিউদত অভিনেত্ৰী জীয়া খানৰ আত্মহননঃ প্ৰেমজনিত সম্পৰ্ক তথা কেৰিয়াৰৰ অৱনতিত হতাশাৰ ফলতেই এই ঘটনা বুলি পুলিচ সূত্ৰত প্ৰকাশ ৷

৫. বিটিএডিৰ সংঘৰ্ষৰ আঁৰৰ কাহিনী উন্মুত্ত হৈছে চিবিআইৰ অভিযোগনামাতঃ আমছু আৰু এবিএমছুৰ প্ৰৰোচনাৰ অভিযোগে উন্মোচন কৰিছে সংগঠন দুটাৰ প্ৰকৃত স্বৰূপ৷

৬. বৰপেটাৰোড ৰে’লৱে ষ্টেছনত টিকটৰ দালালৰাজ চলাৰ অভিযোগঃ দূৰণীবটীয়া ৰে’লগাড়ী ৰখোৱাৰ দাবী তুলিলে জিলা ছাত্ৰ সন্থাই ৷

৭. গোৰেশ্বৰ মহাবিদ্যালয়ৰ অধ্যক্ষক অপসাৰণৰ দাবী তুলিলে এবছুৱে ৷

৮. বিশ্বনাথ ল’জত চলি থকা অসামাজিক কৰ্মই নষ্ট কৰি পেলাইছে বিশ্বনাথ চাৰিআলিৰ বীণাপাণি নাট্য সমাজৰ পবিত্ৰতাঃ ৰাজহুৱা সভাই সকিয়াই দিলে ল’জ কৰ্তৃপক্ষক ৷

৯. আৰটিআই অধীনলৈ ৰাজনৈতিক দলক অনাৰ বিৰোধিতা কৰিলে ৰাজনৈতিক দলসমূহেঃ অসন্তুষ্ট নেতাই আদালতলৈ যোৱাৰ ভাবুকি কৰিলে প্ৰদান ৷

১০. গহপুৰৰ ওপচৰত ৰাণী নৰহৰ কনভয়ৰ খুন্দাত দুই যুৱক আহত হোৱাৰ খবৰঃ সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ ৷

No comments:

Post a Comment