সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ বতৰা

সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. চৰকাৰৰ নতুন আঁচনি "স্নেহস্পৰ্শ"ৰ জৰিয়তে ৫৫গৰাকী ৰোগীৰ চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে মুকলি কৰি দিলে ২কোটি ২৯লাখ টকাঃ ১২বছৰৰ তলৰ শিশুৰ দুৰাৰোগ্য তথা ব্যয়বহুল চিকিৎসাৰ খৰছ এই আঁচনি যোগে বহন কৰিব ৰাজ্য চৰকাৰে ৷

২. আছুৱে অনুষ্ঠিত কৰিলে শৈক্ষিক নাগৰিক সভাঃ কাৰ্যদক্ষতাৰ অভাৱতেই ছেবাত বেমেজালি, শ্ৰীনাথ বৰুৱা সমিতিয়ে দাখিল কৰা সংস্কাৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ সভাই কৰিলে মত প্ৰকাশ ৷

৩. আমেৰিকাৰ নগৰ পৰিকল্পনা বিশেষজ্ঞ ৰৰ্বাট ই ব্ৰচান "সেউজ গুৱাহাটী" অনুষ্ঠানৰ বাবে মহানগৰীত উপস্থিতঃ তেখেত ক’লে- গুৱাহাটীৰ সমস্যা অগ্ৰাধিকাৰ ভিত্তিত আৰু পৰ্যায়ক্ৰমেহে সমাধান সম্ভৱ হব ৷

৪. ভাৰত চৰকাৰৰ বাণিজ্য বিভাগৰ অধীনৰ চাহ বৰ্ডৰ কাৰ্যালয় অসমলৈ স্থানান্তৰকৰণৰ দাবী তুলিলে নৰ্থ ইষ্ট টী এছ’চিয়েচনে ৷

৫. এবিটাই গ্ৰহণ কৰিছে গ্ৰামীণ কৃষি উ্ন্নয়ন প্ৰকল্পঃ প্ৰতিগৰাকী কৃষি উন্নয়ন বিষয়াৰ অধীনত ৩৭৫বিঘা মাটিত কৃষিকাৰ্য সম্পূৰ্ণ কৰাৰ বাবে মুকলি কৰিলে কৃষি কাৰ্যক্ৰমনিকাৰ ৷

৬. নলবাৰীৰ জাগাৰাৰ পৰা প্ৰকাশিত দ্বি-মাষিক আলোচনী "প্ৰজন্ম"ই পালন কৰিলে বৰ্ষপুতিঃ অন্য এক অনুষ্ঠানত নলবাৰীৰ যুৱ কবি চম্পক তালুকদাৰৰ কাব্যপুথি "শীত অবিহনে" উন্মোচিত ৷

৭. বিশেষ ন্যায়াধীশৰ নিৰ্দেশকে বাহাল ৰাখিলে উচ্চ ন্যায়ালয়েঃ ১৫০জন শীৰ্ষ বিষয়াৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পথ হ’ল নিষ্কণ্টক ৷

৮. উজানবজাৰস্থিত শ্ৰীসত্য সাই সাধনা নিলয়মত "জাৰ্নী উইথ সাই" শীৰ্ষক আলোকচিত্ৰ প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ লগতে উন্মোচন কৰিলে "শ্ৰীসত্য সাই ভাষণ সুধা" নামৰ হেমেন্দ্ৰমল্ল বুজৰবৰুৱাই অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থও ৷

৯. ওদালগুৰিৰ ডিমাকুছিৰ বৰঙাজুলি সত্ৰত সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্তৰ উদ্যোগত তথা স্থানীয় ৰাজহ বিষয়া আৰু ডিমাকুচি সাহিত্য সভাৰ সহযোগত ৰাভা সংগীত আৰু লোকশিল্পী পুৰষোত্তম দাসৰ গীতৰ কৰ্মশালাৰ আয়োজনঃ দুদিনীয়া এই কৰ্মশালাত কালজয়ী গীত সমূহৰ প্ৰশিক্ষণ দিব বৰপেটাৰ বিশিষ্ট শিল্পী হেমেন দাসে ৷

১০. ফৰিদাবাদত ১০ বছৰীয়া শিশুক ধৰ্ষণ আৰু হত্যাৰ গোচৰত অপৰাধীক মৃত্যুদণ্ডৰ দৃষ্টান্তমূলক ৰায় ৷

সংবাদ প্ৰৱাহঃ

১. আজি গগৈ চৰকাৰৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয় বৰ্ষপূতিঃ উপস্থিত থাকিবলৈ দিল্লীত বাহৰ পতা বিসম্বাদীলৈ দিছপুৰৰ জৰুৰী বাৰ্তা ৷

২. বিসম্বাদীৰ আশাত চেঁচাপানী ঢালি ৰেণুকা চৌধুৰীয়ে কৰিলে ঘোষণাঃ কোনো বিধায়কৰ অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰী সলনি নহয়৷

৩. কাছাৰত নৰবলিৰ দৰে লজ্জ্বাজনক ঘটনাঃ আৰক্ষীৰে সংঘৰ্ষত নামিল নৰবলি দিয়া বস্তিবাসী, হত্যাকাৰীৰ উন্মাদ নৃত্য, ১১জন গ্ৰেপ্তাৰ ৷

৪. বনবিভাগৰ চিন্তাজনক হিচাবঃ দুবছৰত ৭০৫ বৰ্গকিলমিটাৰ সংৰক্ষিত বনাঞ্চল হ্ৰাস পালে অসমতঃ চাহ বাগিচাৰ গছেহে বজাই ৰাখিছে সমতা, পৰিকল্পনাৰ ধনৰ ২৬৫কোটিৰো ব্যয় কৰিলে মাত্ৰ ১৯৫কোটিহে ৷

৫. বাঘমাৰী চাহ বাগিচাত ভৱিষ্যতনিধিক কেন্দ্ৰ কৰি উত্তেজনা, আৰক্ষীৰ শূণ্যলৈ গুলী চালনাঃ শ্ৰমিকৰ আত্মহত্যাৰ পিছতে বৰবাবুক হত্যাৰ দুৰ্ভাগ্যজনক ঘটনা ৷

৬. কোকৰাঝাৰত ধৰা পৰিল জালিয়াতিঃ উপায়ুক্তৰ চহী জাল কৰি ১.২৩কোটি টকা আত্মসাতৰ চেষ্টা আহিল পোহৰলৈ ৷

৭. গুৱাহাটী পৌৰ সভাৰ নিৰ্বাচনঃ অলেখ প্ৰতিশ্ৰুতিৰে মুকলি হ’ল কংগ্ৰেছৰ ঘোষণা পত্ৰ ৷ সুন্দৰ গুৱাহাটীৰ প্ৰতিশ্ৰুতিৰে অগপয়ো প্ৰকাশ কৰিলে নিৰ্বাচনী ইস্তাহাৰ ৷

৮. মুখ্যমন্ত্ৰী গগৈৰ সতে দীঘলীয়া আলোচানাত বহিল হাইকামাণ্ডৰ প্ৰতিনিধিঃ পৰিস্থিতিৰ বুজ লৈ উভতিল মধুসূধন মিস্ত্ৰি ৷

৯. গ্ৰাহকক হাৰাশাস্তিঃ চামগুৰিৰ বিদ্যুৎ কাৰ্যালয়ত  ক্ষুদ্ধ জনতাই লগালে তলা ৷

১০. দাগী অপৰাধী-শিক্ষকেৰে চৰকাৰে গঠন কৰি দিয়া বুলি অভিযোগ তুলি কোঁচ ৰাজবংশী উন্নয়ন পৰিষদ ভংগৰ দাবী তুলিলে কামৰূপ জিলা কোঁচ ৰাজবংশী ছাত্ৰ সংন্থাই ৷

No comments:

Post a Comment