মহাদুষ্ট পদ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহাদুষ্ট পদ্য

মহাদুষ্ট পদ্য

Share This
গৰমত মৰম সনা পদ্য

#ধ্ৰুৱজ্যোতি শইকীয়া

গৰম গৰম হট হট...
তাতে যত যানযট,
জল জল পট পট,
প্ৰকৃতিৰ খট খট,
ছাইহৈ উৰি যাবি,
জ্বলি এই গৰমত… ৷

আৰে কাট কাট গছ কাট,
বনা খিৰিকি দুৱাৰ খাট,
পাহাৰ সমান কৰি,
নিজৰে শেষ মাত…

থকালৈকে ভৰি ভৰি হাত,
খাবলৈ মুখতে দাঁত,
পহু হাতী গঁড় মাৰি,
নিজৰে শ্ৰাদ্ধ পাত…৷
হোৱাট...?

বাৰিষা আহিলেওঁ,
য'তে ত'তে পানী হয়,
জাবৰৰ জাপ জাপ,
ঠায়ে ঠায়ে বালিময়…

ভাং ভাং শিল ভাং,
কাটি মাৰি খাচতাং
সেউজীয়া শেষ মানে,
সকলো শেষ খাটাং…

গাড়ী ফ্ৰিজ .এচি,
উখ উখ ঘৰ,
তেল বিজুলী শেষ,
য'তে মৰ মৰ…

মাৰি কাটি আজি ঘট,
কাইলৈ চট-ফট,
ছাইহৈ উৰি যাবি,
জ্বলি এই গৰমত… ৷

No comments:

Post a Comment