(সামাজিক ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান)
বিশেষঃ আপুনি জানেনে? www.fakingnews.com ক কিনি ল’লে www.firstpost.com য়ে, এইবাৰ প্ৰতিযোগিতাত নামি অসমীয়া সুখ দুখৰ উদ্যম গুজৱ.কমলৈ গুগোল নিউজে আগবঢ়াইছে অসমীয়া হাস্য ব্যংগ বাতৰি সেৱাৰ বাবে ১২০০কোটিৰ অফাৰ!
১. প্ৰৱজনকাৰীৰে গঢ়িব ইছলামিক ষ্টেট, অসমীয়াই উপভোগ কৰিব পাৰিব সংখ্যালঘু মৰ্যদাঃ বিশ্ব হিন্দু পৰিষদ, শংকৰ সংঘ আদিয়ে প্ৰকাশ কৰিলে সন্তোষ, পৰিকল্পনা দ্ৰুত কৰিবলৈ জনালে আহ্বান৷
২. অখিল গগৈক "ভাৰত ৰত্ন" দিবৰ বাবে প্ৰধান মন্ত্ৰীক আৰ্জি দিলে দেশৰ নদী-বান্ধ কোম্পানী সংস্থাইঃ বঁটা বাহনেৰে গগৈক জব্দ কৰাৰ বাবে জনালে কাতৰ আহ্বান ৷
৩. ৰাজ্যত প্ৰতিস্থা হব সংখ্যালঘু বিশ্ববিদ্যালয়ত টাই ফাকে বৌদ্ধ ধৰ্মীয় সংখ্যালঘু উপাচাৰ্য পাতিব লোৱাক লৈ প্ৰৱল উত্তেজনাঃ সংখ্যালঘু শব্দৰে যাকে তাকে সামৰিব নোৱাৰিব বুলি সকিয়াই দিলে আমছুৱে৷
৪. বিচিচিআইৰ সভাপতিৰ পদৰ পৰা আঁতৰিল শ্ৰীনিবাসনঃ ৰিমট’ কন্ট্ৰল হাতত লৈ বহি বহি ৰজা হোৱাৰ নতুন মজা লব পাৰিব বুলি নিজে প্ৰকাশ কৰিলে সন্তোষ ৷
৫. ধুবুৰীত জিলা পৰিষদত হৰ্ছ ট্ৰেডিঙঃ ভাল ভাল দামত ঘোঁৰ বিক্ৰী হোৱাৰ বাতৰিত উৎফুল্লিত হৈ পৰিল আজকল চাহাব৷
৬. ওৰাঙত থানাত মহিলাৰ মূৰ ফলা আৰক্ষী বিষয়ালৈ পদোন্নতিঃ দিশপুৰৰ লাষ্টগেটত এইবাৰ অখিলক চম্বালিবলৈ দিয়া হব দ্বায়িত্ব ৷
৭. নামৰূপত মিথানল প্ৰকল্পৰ বাবে থলুৱাৰ বাবে থাকিব কেইটা মান পদ সংৰক্ষিতঃ বাকী সকলো পদ বহিৰাগত দিয়াক বাবে ইতিমধ্যেই বুজাবুজিৰ চুক্তি ৷
৮. প্ৰেছত যিয়েই নকওক, বিভাগীয় ফাইলত লক্ষ্মণৰেখা আঁকিব নোৱাৰিব বুলি সঁকিয়াই দিলে বিশ্ব শৰ্মাই ৷
৯. এচিএছত সফলতা পোৱা ছাত্ৰ-ছাত্ৰী সকলে আছুৰ সংবৰ্ধনা গ্ৰহণ কৰি খালে শপতঃ প্ৰয়োজন নহ’লে এটকাও গ্ৰহণ নকৰে ঘোঁচ!
১০. বুঢ়াদিয়াত উটুৱালে প্ৰফুল্ল মহন্তৰ প্ৰতিমূৰ্তিঃ ৰাইজে এতিয়াও ৰাজ্যৰ বৰ্তমানৰ ভূগোলতকৈ বুৰঞ্জীক লৈয়ে ব্যস্ত থকা কথাক লৈ সচেতন মহলে কৰিলে প্ৰৱল সমালোচনা ৷
No comments:
Post a Comment