যিবোৰ নঘটিল সঁচাই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যিবোৰ নঘটিল সঁচাই

যিবোৰ নঘটিল সঁচাই

Share This
(ভুৱা বাতৰিৰে সত্য সন্ধানৰ এক অপচেষ্টা)
ৰাষ্ট্ৰীয় গুজৱঃ

১.  "মদেই মোক ধ্বংসৰ পথলৈ লৈ গ’ল" বুলি দিনত সংবাদ মাধ্যমত মন্তব্য কৰিলে অভিনেতা ধৰ্মেন্দ্ৰই৷ আকৌ সন্ধিয়ালৈ অন্তৰংগ বন্ধুক পিছে অভিমান কৰি ক’লে- মদ খাই জীৱনত বহু ফুৰ্তি কৰিলো! মদ খালো যিমান, তাতকৈ বেছি বেগ-পেইপাৰৰ বিজ্ঞাপনত লাখ লাখ মানুহক ক’লো, তুমি কিনি ৰাখা, গধুলি মই আহিম, একেলগে বহিম, তিনিও, তুমি মই আৰু বেগপেইপাৰ ৷ 

দেশৰ কিমানজনে মই আহিম আহিম বুলি ৰৈ থাকিল৷ অথচ এই বাসন্তীয়ে গধুলি ঘৰৰ পৰা ওলাবলৈ নিদিয়ে৷ বোলে কুত্তে কমিনে, যিমান পিবলৈ মন ঘৰতে পি! এতিয়া স্বাস্থ্য বেয়া হ’ল, তাকে লৈ মোৰ দুখ লগা নাই৷

কিন্তু মোৰ অনুৰাগী জনতাক আহিম আহিম বুলিও যে এদিনো গধূলি মদৰ খোলাত সংগ দিব নোৱাৰিলো, সেই কথা ভাবিয়েই মোৰ আটাইতকৈ দুখ লাগিছে ৷ এতিয়া তাকেই কৈছো, মদেই মোক ধ্বংস কৰি দিলে, মই আহিম, লগত বহিম, তিনিটা বন্ধুৰে ৰং জমাম বুলি আৰু ৰখি নাথাকিব ৰাইজ! মোৰ স্বাস্থ্য বেয়া, এতিয়া বাসন্তীয়ে দিলেও ডক্টৰে আহিবলৈ নিদিয়ে!

২. সুযোগ পায়ো আইপিএলত বুকীৰ পৰা ধন নললে এম এছ ধোনীয়ে ৷ মাত্ৰ ভাৰতীয় ক্ৰিকেট দলৰ প্লেয়াৰ মেনেজ কৰা কোম্পানীৰ এটাৰ অংশীদাৰিত্ব ৩৪দিনৰ বাবে ৰাখি উলিয়াইছিল খৰচ৷ সেই কথাও টাইমচ নাওঁ চেনেলে কেনেকৈ গম পালে, সেই অনুসন্ধানৰ বাবে প্ৰাইভেট ডিটেক্টিভ নিয়োগ কৰিলে ধোনীয়ে৷নাওঁ চেনেলে কেৰিয়াৰৰ নাও ডুবাব নেকি বুলি শংকা প্ৰকাশ কৰি ৰাজনৈতিক আশ্ৰয় বিচাৰি ৰাজকুমাৰ গান্ধীলৈ ফোন লগোৱাৰ গোপন খবৰ৷

৩. নতুন প্ৰাইভেট বেংক খোলাৰ ক্ষেত্ৰত সকলো নীতি নিয়ম ধোঁৱা চাঙত তুলি ৰাখিবলৈ অৱশেষত সন্মত হ’ল ৰিজাৰ্ভ বেংক৷ ইমান মুক্ত অৰ্থনীতিৰ দিনত ৰিজাৰ্ভ বেংক হ’ল বুলিয়েই ইমান ৰিজাৰ্ভ হৈ থাকিব নোৱাৰি বুলি মন্তব্য কৰিলে গৱৰ্নৰে ৷ প্ৰাইভেট বেংকৰ হাততে সকলো ৰাজহুৱা ধন থোৱাৰ বাবেও অচিৰেই নীতি নিৰ্দেশনা দি নিজকে প্ৰগতিশীল বুলি প্ৰমাণ কৰিবলৈ টঙালি বন্ধাৰ সুখৰ খবৰ৷অতি কম সময়তে এইবোৰ বেংকে নিজকে দেৱলীয়া ঘোষণা কৰাটো সুচল কৰিবলৈকো আৰম্ভ কৰিব চিংগল ৱিনড’ দেৱলীয়া সেৱা৷

৪. আপুনি যদি চিগাৰেট খাবলৈ এৰি দিয়ে, তেতিয়া হ’লে দৰমহাৰ লগত পাব বিশেষ বানচ!!! কাৰ্বন ক্ৰেডিটৰ পৰা এনে ব্যৱস্থা কৰি বিশ্ব বেংকে ধন দিব চৰকাৰক৷ পিছে চিগাৰেট খোৱা সকলেহে এৰাৰ সুবিধা পাব বুলি হোৱা ঘোষণাৰ লগে লগে বিশ্ব ধঁপাত দিৱসৰ দিনাই কেইবা লক্ষ কৰ্মচাৰীয়ে নতুনকৈ চেলেউপত হোপা দিয়াৰ বাতৰি আহিছে৷ টবেক কোম্পানীয়ে এই ঘোষণাৰ দ্বাৰা বিজনেজ প্ৰমোচন কৰাৰ বাবে বিভাগীয় মন্ত্ৰীলৈ "মন্ত্ৰী অৱ দ্যা ইয়াৰ" বঁটা প্ৰদান কৰাৰ যো-জা কৰিছে বুলি সূত্ৰত প্ৰকাশ ৷বাকী বানচৰ প্ৰতিশ্ৰুতিটো ২০১৪ৰ নিৰ্বাচনী ইস্তাহাৰতো দি দিবলৈ বুলি মন্ত্ৰীয়ে দললৈ চিঠি পঠোৱাৰ সুখৰ খবৰ৷

৫. পৱন বানচালে ৰেলৱে ঘোচ গোচৰত চিবিআইক সাক্ষাৎকাৰ নিদিয়াৰ বাবে অসন্তুষ্টি প্ৰকাশ কৰিলে চিবিআইয়ে ৷ এনে সপ্তাহ সপ্তাহকৈ সাক্ষাৎ পিছুৱাই থাকিলে কেনেকৈ তেখেতক সোনকালে ক্লীন চিট প্ৰদান কৰিব তাকে লৈ চিবিআই মুৰব্বী প্ৰৱল চাপত থকাৰ বাতৰি৷ মামাকক বুজাবলৈ জেলত থকা ভাগিনিয়েকক খাতিৰ ধৰাৰ খবৰ৷ এই ক্ষেত্ৰত সহায় কৰিবলৈ ভাগিনে অস্বীকাৰ কৰাত অসহায় হৈ পৰিছে চিবিআই৷ চিবিআইৰ মুৰব্বীৰ চাকৰি বচাবলৈ সহায় কৰিবলৈ "সহায় পণ" বিচাৰি ভাগিনিয়েকে জেলতে নতুনকৈ দৰদাম আৰম্ভ কৰা বুলি জেলৰ কৰিডৰৰ পৰা মোবাইল এচএমএচ আহিল সুখ দুখলৈ ৷

No comments:

Post a Comment