পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. সংস্কাৰৰ ধ্বজ উৰুৱাই ইৰানৰ ৰাষ্ট্ৰপতি ৰূপে নিৰ্বাচিত হ’ল হাছান ৰৌহানিঃ ৰাষ্ট্ৰপতি নিৰ্বাচনত কট্টৰপন্থীৰ পৰাজয়ে উজলাই তুলিলে ধৰ্মান্ধতাৰ বিৰুদ্ধে মুছলিম নৱ-প্ৰজন্মৰ পৰিবৰ্তনশীল চিন্তাধাৰাক ৷

২. টাই আহোম যুৱ পৰিষদে "মূলা গাভৰু বঁটাৰে" সন্মানিত কৰিলে বিশিষ্টা শিক্ষাবিদ চিত্ৰলতা ফুকনকঃ সভাত উন্মোচক ৰূপে অংশগ্ৰহণ কৰি মূলাগাভৰুৰ আদৰ্শক সোঁৱৰিলে অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে ৷

৩. ডিমৌত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ আৱক্ষ মূৰ্তি উন্মোচনঃ একক প্ৰচেষ্টাৰে ইয়াক নিৰ্মাণ কৰি এক প্ৰশংসনীয় কামৰ বাস্তৱ ৰূপ দিলে প্ৰাক্তন শিক্ষক পৰাণ দাসে ৷

৪. গীতৰত্ন নগেন বৰাৰ সোঁৱৰণত উৎসৰ্গিত হব নতুন তথ্যচিত্ৰ "মোৰ ইতিহাস, মোৰ ভৱিষ্যত", নাৰায়ণ চন্দ্ৰ দেৱ গোস্বামীৰ বৰ্ণময় জীৱন তথা সাহিত্য কৰ্মৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখনৰ উন্মোচন হব অহা ২৩জুনত ৷

৫. খ্যাতনামা কৃষি বিজ্ঞানী দেৱৰ দেৱে গঢ়ি তুলিব বিচাৰিছে এখন বীজ উদ্যান(চীড বেংক) ৯০০বিধ ধানৰ বীজ উৎপাদনৰ লক্ষ্যৰে লোৱা হব এই প্ৰকল্প, আৰু বিনামূলীয়াকৈ এই বীজ কৃষকৰ মাজত বিতৰণৰ বাবেও গ্ৰহণ কৰিব উদ্যোগ ৷

৬. আজি ৰাজ্যসভাৰ সাংসদ ৰূপে নতুন কাৰ্যকালৰ বাবে শপত গ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী মনোমোহন সিঙে ৷

৭. ধেমাজিত সামাজিক সংগঠনৰ অভিযোগৰ ভিত্তিত উপায়ুক্তই ল’লে কঠোৰ পদক্ষেপঃ গ্ৰেপ্তাৰ হ’ল দুৰ্নীতিগ্ৰস্ত বিডিঅ’ ৰত্নকান্ত মালী, লগতে গ্ৰেপ্তাৰ হ’ল সহযোগী আৰু ধন দাবী কৰা গাঁওবুঢ়াও ৷

৮. দলীয় পদোন্নতিঃ এইবাৰ এআইচিচিৰ সম্পাদকৰ দ্বায়িত্ব লাভ কৰিলে অসম চৰকাৰত সংসদীয় সচিব ৰূপে সেৱা আগবঢ়াই থকা কংগ্ৰেছী বিধায়ক ভূপেন বৰা আৰু ৰাণা গোস্বামীয়ে৷

৯. অহা ১৩জুলাইত নগাঁও নাট্য মন্দিৰত আয়োজিত হৈছে সদৌ অসম ভিত্তিক সমবেত সংগীত প্ৰতিযোগিতা ৷

১০. এন চি এ ৰ প্ৰশিক্ষক অশোক তালুকদাৰে স্কোৱাছৰ প্ৰথম অসমীয়া প্ৰশিক্ষক হোৱাৰ কৰিলে গৌৰৱ অৰ্জন৷

১১. চেম্পিয়নছ ট্ৰফীত বাৰতীয় ক্ৰিকেট দলৰ দুৰ্দান্ত প্ৰদৰ্শণঃ পৰাজিত কৰিলে পাকিস্তানক ৷

১২. অহা ২৭ ছেপ্তেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হব ৩৭তম ৰাষ্ট্ৰীয় পাঞ্জা চেম্পিয়নশ্বিপঃ আয়োজন কৰিব অসম পাঞ্জা সন্থাই ৷

১৩. পেৰুৰ কাৰাগাৰত বন্দী হৈ থকা ১২০০ কয়দীয়ে একেলগে নৃত্য পৰিবেশন কৰি গঢ়িলে বিশ্ব অভিলেখঃ কাঠৰ টুকুৰাৰ ওপৰত ব্যায়ামৰ ৰূপত এক অনন্য নৃত্যৰ পৰিবেশনৰ বাতৰিয়ে লাভ কৰিলে বিশ্বৰ সংবাদ মাধ্যমৰ শিৰোনামাত স্থান ৷

১৪. আজি কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সাল-সলনিৰ সম্ভাৱনাঃ দেশে লাভ কৰিব নতুন ৰেলমন্ত্ৰী ৷

চিন্তনীয় খবৰঃ
১. অসমত অন্ততঃ ২০বছৰলৈকে নোলায় নতুন  চৰকাৰী চাকৰিঃ বিভিন্ন বিভাগত খালী হৈ থকা ১লাখ ২৮হাজাৰ পদৰ ভিতৰত গগৈ চৰকাৰে ২৬হাজাৰতকৈ অধিক পদ বিলুপ্ত কৰাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা ৷

২. ন্যায় নাপাই হতাশ হৈছে শ্ৰমিক নেতা গংগাৰাম ক’লৰ পত্নীঃ তেখেতৰ স্বামীৰ হত্যত বহু কংগ্ৰেছীৰ হাত থকাৰ তুলিলে অভিযোগ ৷

৩. গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনী প্ৰচাৰৰ মাজতে অঘটনঃ বিজয়া চক্ৰৰ্ৱতীলৈ চোঁচা ল’লে কংগ্ৰেথী গুণ্ডাই ৷

৪. অসমৰ দ্বায়িত্বৰ পৰা অপসাৰিত হ’ল দ্বিগবিজয় সিংঃ এইবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ দ্বায়িত্বত চি পি যোশী ৷

৫. পাঁচমহীয়া পুত্ৰ, সাতবছৰীয়া কণ্যাসহ মাতৃৰ মৃতদেহ উদ্ধাৰ তেজপুৰতঃ হত্যা নে আত্মহত্যা, তাকে লৈ অঞ্চলটোত বিৰাজ কৰিছে চাঞ্চল্য ৷

৬.উত্তৰ শালমাৰাৰ খোৰাগাঁৱত ইটা ভাতাৰ চিমনি খহি পৰাৰ ফলত তিনিজন শ্ৰমিকৰ মৃত্যুঃ উত্তেজিত জনতাই জ্বলাই দিলে ১৫টাকৈ ঘৰ ৷

৭. মৃত্যুৰ দিশ ধাৱমান শিৱসাগৰ পৰিবহন নিগমঃ আঠ মাহত কমিল নিগমৰ ১৬খনকৈ নিজা বাছ, মেৰামতিৰ অভাৱে সৃষ্টি কৰিছে কদৰ্য অৱস্থাৰ ৷

৮. বদৰুদ্দিন আজমলে দলত একনায়কত্ববাদ চলোৱাৰ অভিযোগ তুলি গোপনে কংগ্ৰেছলৈ ঢাপলি মেলিবলৈ ওলাইছএ এ আই ডি এউ এফৰ ছয় সাংসদঃ এই খবৰে গৰম কৰি তুলিছে মূল বিৰোধী দলৰ ৰাজনীতিৰ ভিতৰচৰা ৷

৯. হোজাইত এলোপেথিক দৰৱেৰে হোমিঅ’ চিকিৎসকে পাতিলে চিকিৎসা শিবিৰঃ সচেতন ৰাইজৰ উঠিল চকু কপালত ৷

১০. মুছলিম বিশ্ববিদ্যালয় স্থাপন আৰু ২৫% সংৰক্ষণৰ দাবী তুলিলে আমছাইঃ সংখ্যালঘুক চৰকাৰে অৱহেলা কৰাৰ তুলিলে অভিযোগ ৷

No comments:

Post a Comment