লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(ভুৱা বাতৰিৰে সত্য সন্ধানৰ এক ৰসাল চেষ্টা )

১. ইফালে নামিছে নগা বিদ্ৰোহী, আপুনি ক’ত আছে পৰেশদা?

 নগাৰ সৈতে সীমান্তত যুঁজ দিবলৈ ৰুপজ্যোতি কুৰ্মীয়ে জনোৱা আহ্বানত উৎসাহিত হৈ পৰেশ দাই আনন্দতে বনতে পতা বসন্ত বিদায় মেলাত ভালকৈ নচা বুলি সূত্ৰত প্ৰকাশ ৷

বিশেষকৈ ইমান দিনৰ পাছত মূলসুঁতিৰ মানুহে অন্ততঃ তেখেতক স্মৰণ কৰাটো আৰু তেখেত এতিয়াও স্বৰণীয় হৈ থকাৰ এই বিশেষ অনুভৱকনৰ বাবে খুৱ আনন্দিত হৈছে ৷ পৰেশ দাই কয়, এজন ফুটবল খেলুৱৈৰ কথা কেতিয়াও আন এজন ফুটবল খেলুৱৈৱে পাহৰিব নোৱাৰে, আমি গ’ল নিদিলেও যে বল খেলত এতিয়াও টিকি আছো, তাকেই এই আহ্বানে প্ৰমাণ কৰিলে ৷ 

পিছে মৰিয়নিত যুদ্ধ কৰিবলৈ পৰেশদা সেনা বাহিনীৰে সৈতে কেতিয়া উপস্থিত হবহি সেই কথা তেখেতে নিৰাপত্তাজনিত কাৰণত ব্যক্ত নকৰিলে৷ সেই কথা সাংবাদিকে সোধাৰ লগে লগেই তেখেতৰ চেটেলাইট ফোনটো কিবা কোঁ কোঁ আৱাজ কৰিবলৈ ধৰা বুলি জনালে আমাৰ সাহ্যকৰ সাংবাদিকে ৷

২. প্ৰাদেশীকিকৰণৰ নামত ব্যাপক ধনৰ খেলা চলাত সন্তোষ প্ৰকাশ কৰিলে ভেন্সাৰ শিক্ষাক সংস্থাই, ইমান দিনে ধন দিও কৰি নিদিয়া কাম এটা অন্ততঃ ধনৰ বিনিময়ত ফটাফট হৈ গৈছে আৰু ডেলিভাৰী স্বয়ং মন্ত্ৰীয়ে মঞ্চত কৰি দিছে, এনে সুবিধা দিয়াৰ বাবে বৰ্তমানৰ চৰকাৰক ভূয়সী প্ৰশংসা কৰাৰ লগতে মূৰৰ চুলিৰ সমান আয়ুস পাবলৈ চিন্তাত চুলি সৰা সকলেও আৰ্শীবাদ দিছে বুলি বিজ্ঞপ্তিত প্ৰকাশ ৷

৩. অখিল গগৈৰ সতে ঘূৰণীয়া মেজমেলত এসাজ খোৱাৰ আগ্ৰহ প্ৰকাশ কৰিলে পৃথানি আৰু তেওঁৰ সংগী সকলে ৷ তেখেত সকলৰ বৰঘৰৰ পৰা অহা এচ এম এচ মতে খুৱ ভালকৈ এসাজ খুৱাই গগৈদেৱক এই খোৱা-বোৱাৰ কাৰণেইতো আমাৰ খেতি স্বৰূপ ব্যৱসায়টো কৰিব লাগে বুলি পৃথানি চাৰে বুজাই দিব বুলি প্ৰস্তুতি চলাইছে৷ বোলে গৰু-কা-চেলেকা-চেলেকি, মানুহ-কা-খোৱা-বোৱা, পৃথানি চাৰে গগৈয়ে লাওপানী খায়নে, কি মাছ খায়, গাহৰি খায়নে আদি তথ্য আহৰণ কৰিবলৈ কৃষক মুক্তিৰ অফিচত গৈ তথ্য জনাৰ অধিকাৰ আইনৰ সহায়ত আবেদন দাখিল কৰিছে ৷ 

সঠিক তথ্য পোৱাৰ লগে লগেই খানচামা কাঞ্চাই সকলো যোগাৰ কৰিব আৰু গগৈদাক এসাঁজ ভালকৈ খুৱাই বোৱাই লৈ সণ্টুষ্ট কৰি দিব বুলি কাঞ্চাই জনাইচে৷ খোৱা বোৱা কৰিলে ৰিলেচন ভাল হয়, আৰু ৰিলেচনটোৱেই আজিৰ তাৰিখত বেপাৰৰ মূল বস্তু বুলিও হিতোপদেশ কাঞ্চাই দ্বিতীয়টো এচ এম এচ যোগে পঠাইছে ৷

৪. মধু সূধন মিস্ত্ৰী আহিছে দলৰ ফঁটা বেৰাত টাপলি মাৰিবলৈ ৷ তাকে লৈ চিমেণ্ট বালি লৈ ৰেকি আৰু মল্ল গৈ দুৱাৰত যোগান ধৰিবলৈ টুকুৰিয়াই আছিলগৈ যদিও মিস্ত্ৰীয়ে এইটো পাৰ্টিৰ চিমেণ্ট ভাল নহয় বুলি আগতীয়াকৈ খবৰ পাই দুৱাৰ খুলি নিদিলে বুলি খবৰ আহিছে ৷ এইটো পাৰ্টি আচলতে বাঁহ ব্যৱসায়হে ভাল কৰে, ভাল বাঁহ খাব লাগিলে, যোগাযোগ কৰিব লাগে বুলি ইতিমধ্যেই তেওঁ ব্যৱসায়ীক ডাইৰেক্টৰীৰ পৰা প্ৰফাইল সংগ্ৰহ কৰিছে ৷

এতিয়া চিমেণ্ট, বালি কইনাধৰাৰ পৰা লোৱাৰ লগতে ৰাজীৱ ভৱনৰ টেপৰ পৰা বাকী পানী, কোডাল, প্লাষ্টৰ কৰা সঁজুলি আদি সংগ্ৰহ কৰিব বুলি তেখেত সাজু হৈছে৷ কিন্তু কামটোৰ বাবে বিশ্বাস কৰিব পৰা যোগালি নোপোৱাত তেখেত ব্যতিব্যস্ত হৈ পৰাৰ বাতৰি৷ কিন্তু যোগালিৰ বাবে ধুবুৰীৰ ওচৰৰ সিপাৰৰ পৰা আৰু দুই এজন আনি সেই অভাৱ দূৰ কৰিব নোৱাৰিবনে বুলি গগৈলৈ ফোন কৰাৰ বাতৰি আহিছে ৷


৫.নগাঁৱৰ বেবেজিয়াৰ ফালে ফাৰ্মাচীতে সুৰা পোৱাৰ ব্যৱস্থা হোৱাত খুৱ সন্তোষ প্ৰকাশ কৰিলে অসম আৱকাৰী গ্ৰাহক স্ংস্থাই, ৰাজ্যৰ সকলো ঠাইতে এনে চিংগল ৱিনড’ ব্যৱস্থাৰে সাধাৰণ দৰৱ আৰু গধূলিৰ দৰৱকন সহজ লভ্য কৰাৰ বাবে তুলিলে দাবী ৷

(শেহতীয়া আন আন গুজৱৰ বাবে ইয়াত ক্লিক কৰক)

1 comment: