আজিৰ সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ সুখ দুখৰ বতৰা

আজিৰ সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অসম সাহিত্য সভা ক্ৰমাত সৱল হৈছে ইমৰাণ শ্বাহৰ নেতৃত্বতঃ অৰুণাচলৰ শিশু সাহিত্যক কেংচাম কেংলাঙক মৰণোত্তৰ ভাৱে অসম সাহিত্য সভাই প্ৰদান কৰিলে  লুম্মেৰ দাই বঁটা ৷

২. চাৰি জুনৰ ১ বজাত বৰঝাৰ পাবহি এভাৰেষ্ট বিজয়ী দুই অসমীয়াঃ অভিনন্দন জনোৱাৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে অসমীয়া গুণমুগ্ধ তথা ক্ৰীড়াপ্ৰেমী ৰাইজে৷

৩. আম আদমী পাৰ্টিৰ কৰ্ণধাৰ অৰবিন্দ কেজৰিৱালে কৰিলে ঘোষণাঃ বিধান সভা নিৰ্বাচনত যুঁজিব দিল্লীৰ মুখ্যমন্ত্ৰী শীলা দীক্ষিতৰ বিপক্ষে ৷

৪. অহা ৮জুনত অনুষ্ঠিত হব গগৈ চৰকাৰৰ দ্বিতীয়টো বৰ্ষপুতি অনুষ্ঠানঃ বাৰ বছৰীয়া শাসনকালৰ উদযাপনক লৈ কইনাধৰাত দল আৰু চৰকাৰৰ বৈঠক৷

৫. এইচ.আই.ভি-এইডছ সংসদীয় ফৰাম’ৰ উদ্যোগত অহা ৭ আৰু ৮জুনত অনুষ্ঠিত হব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰঃ ভাগ লবলৈ আহিব অস্কাৰ ফাৰ্ণাণ্ডেজ ৷

৬. ৩০ছেপ্তেম্বৰলৈ ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ সভাপতিৰ দ্বায়িত্ব ললে জগমোহন ডালমিয়াইঃ পদত্যাগ নকৰি সাময়িক অব্যাহতিৰ নাটকেৰে বিতৰ্ক ঢকাৰ চেষ্টা কৰিলে শ্ৰীনিবাসনে ৷

৭. উন্মোচিত হৈছে ৰাজনৈতিক নেতাৰ ভণ্ডামিঃ উপজিয়েই মেট্ৰিক দি অভিলেখ গঢ়িলে মৰাণৰ বিধায়িকা জীৱনতাৰা ঘাটোৱাৰে; বয়সফাঁকিৰ অভিযোগে পালে আমাৰ অসম কাকতৰ শিৰোনামা৷

৮. বহৰি সত্ৰত মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ ৪৪৮তম তিৰোভাৱ তিথি মহোৎসৱৰ ব্যাপক প্ৰস্তুতিঃ ৪-৯জুনলৈ অনুষ্ঠিত হব ছয়দিনীয়া কাৰ্যসূচীৰে ৷

৯. বিশ্বনাথ জিলা ক্ৰীড়া সন্থাৰ ৰূপালী জয়ন্তীৰ সফল সামৰণিঃ দ্বি-শতাধিক প্ৰাক্তন খেলুৱৈ আৰু ক্ৰীড়া সংগঠকক উষ্ণ সম্বৰ্ধনা ৷

১০. কাজিৰঙাৰ পৰা মানসলৈ নিয়া "মাইনাও" মাক হ’লঃ এটা নতুন গঁড় পোৱালিৰ আগমনে আনন্দিত কৰিলে প্ৰকৃতিপ্ৰেমীক ৷

চিন্তনীয় খবৰঃ
১. আৰ টি আইৰ তথ্যত নাৰী নিৰ্যাতনৰ ভয়ংকৰ ছবিঃ বিগত বাৰ বছৰত ১৭জিলাত ১২ হাজাৰৰো অধিক নাৰীক যৌন নিৰ্যাতনৰ ঘটনা ৷

২. এইবাৰ অগপই কৰিলে প্ৰত্যাক্ৰমণঃ মন্ত্ৰী প্ৰদ্যুত বৰদলৈহে পুণজিপতিৰ তোলনীয়া পো বুলি কৰিলে অভিহিত৷

৩. আলোচনাপন্থী আলফাৰো আহিল প্ৰত্যুত্তৰঃ ক’লে আলফা অগপৰ পোষ্য পুত্ৰ নহয়৷

৪. এইবাৰ অখিল গগৈৰ নতুন সংবাদ মেলঃ বিমান বন্দৰৰ মাটি দখলৰ জড়িয়তে পৃথানী, লোহিয়া বনিকগোষ্ঠীয়ে অসমৰ ৰাজকোষ লুণ্ঠন কৰা বুলি তুলিলে অভিযোগ ৷

৫. সংবাদ মাধ্যমে উন্মোচন কৰিছে বিটিএডিত চলা ষড়যন্ত্ৰৰঃ ইছালামিক ষ্টেট গঠনৰ বাবে সংঘৰ্ষৰ সৃষ্টিৰে পবিত্ৰ ৰোজাত থলুৱা মুছলমানক ঢাল হিচাবে ব্যৱহাৰ কৰি সন্ত্ৰাস চলাইছিল বাংলাদেশীয়ে, আমছু, এবিএমছুৰ নিকৃষ্ট কৰ্মকাণ্ডক লৈ শংকিত সচেতন মহল৷

৬. ৰাজ্যৰ ২৪টা বিভাগত লুণ্ঠন ১০,৯৪০লাখ টকাঃ পুঁজিৰ অবাধ অপব্যৱহাৰ, মাজতে স্তব্ধ হয় সকলো তদন্ত, ৰাজকোষৰ লুণ্ঠনৰ ঘটনাৰ বৰ্ধিত ৰূপে টোপনি কাঢ়িছে সচেতন ৰাইজৰ৷

৭. চলি আছে গগৈৰ লক্ষ্মণৰেখা প্ৰসংগঃ আজি দিল্লী যাত্ৰা  ১৫জনীয়া বিসম্বাদীৰ বিধায়কৰ ৷

৮. কেগৰ প্ৰতিবেদনত ওলাল এবছৰতে কৰা গগৈ চৰকাৰে কৰা ২০,০০০ভুলঃ কেগে কৰিলে মন্তব্য-"হোৱাই নোহোৱাই অজস্ৰ প্ৰতিশ্ৰুতি দিয়া গগৈয়ে"

৯. চত্তিশগড়ত নক্সাল দমন অভিযানঃ মাও বিদ্ৰোহীৰ গুলীত নিহত হ’ল চিআৰপিএফৰ কামাণ্ডাৰ ৷

১০. কাজিৰঙাত মহিলাসহ চাৰি চোৰাং চিকাৰী ধৃত, গুলী, নগদ ধন উদ্ধাৰৰ বাতৰি ৷

১১. তেজপুৰ বিশ্ববিদ্যালয়ত ছাত্ৰীক অশালীন ব্যৱহাৰৰ অভিযোগত প্ৰৱক্তা নিলম্বিত৷

No comments:

Post a Comment