ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
সংসাৰ বিশেষ 

১. বহাগ বিহুত হিন্দী গীত নাগাবলৈ প্ৰকাশ পালে প্ৰেছ বিজ্ঞপ্তি, অথচ বিহুত শাৰী, চুৰিদাৰ, জীনচ কিনা নকৰিলে নিষিদ্ধ! কামাণ্ডৰ ইন-চীফ হ’লেও কি ডাল হবহে, সকলো সাংসাৰিক মানুহৰ অৱস্থা একেটাই!

২. আপোনাৰ ঘৰখন আপোনাৰ পত্নী আৰু শাহুৰ মতেই সজাই পৰাই তুলি সুখত থাকক৷ নিজৰ মাতৃক এইবোৰলৈ টানি মিছাতে অশান্তিখন নকৰিব!

৩. অভিমান কৰা গৰাকী যদি নাৰী, বেছিভাগৰে নিৰ্মূলৰ উপায় নতুন নতুন শাৰী ৷ 

৪. নতুনকৈ বিয়া কৰাইছে যদি ঘৰৰ পৰা কেৰাচিন তেল, ষ্টোভ আদি যিমান পাৰে নিৰ্বাসিত কৰক৷ মনত ৰাখিব, পূৰ্বৰ প্ৰেমিকৰ লগত পলাই যাবলৈ নোপোৱাৰ দুখতে জুই লগালেও ৰঙাঘৰলৈ যোৱাৰ দ্বায়িত্ব মাথো আপোনাৰেই!

৫. ৰাতি দেৰীলৈকে বাহিৰত মদ পানী খাই ঘৰলৈ ঘূৰি আহি অশান্তিখন নকৰিব৷ তাতকৈ বাহিৰতে সুৰক্ষিত ভাৱে শুবলৈ এগৰাকী ৰক্ষিতা ৰাখক!

৬. শহুৰ, শাহুৰ, ননদ এই তিনিটা শব্দক নাৰীসকলক এটা শব্দত প্ৰকাশ কৰিবলৈ দিয়ক, গৰিষ্ঠ সংখ্যকৰে উত্তৰ যে "ঝামেলা" পাব সেয়া খাটাং৷

৭. স্থানীয় শিল্পী সকলক সন্ধিয়াই গান গাবলৈ দি আজৰি কৰি দিয়াৰ মূলতে হ’ল সাংসাৰিক শান্তি বিঘ্নিত নকৰা ৷ পইচা নোপোৱাকৈ গান ফুৰিলেই জানো হব, ঘৰত ভাত কোনে বনাব?

৮. ঘৰত কচুজাল খাবলৈকে বছৰি কেচুঁৱা জন্ম দিব লাগিব বুলি কথা নাই৷ ৰাস্তাৰ দাঁতিত কচু, বজাৰত জালুক যে এনেয়েও কিনিবলৈ পায় সেই দিশলৈকো মন দিয়ক৷

৯. সংসাৰত সুখেৰে চলিবলৈ "আলহী খেদাৰ আশীটা বুদ্ধি" কিতাপখন আনি পাকঘৰত গোটাই ৰাখিবলৈ নাপাহৰিব৷

১০. মাজে সময়ে ঘৰত আপোনাৰ বিয়াৰ ভিডিঅ’ বা চিডিখন চলাই চলাই চাওক আৰু দেখুৱাওক৷ নিজকে মূল নায়িকাৰ ৰূপত দেখা চিনেমাখন কোনো নাৰীয়েই বেয়া নাপায়, ই ঘৰলৈ শান্তি আৰু সম্প্ৰীতিৰ বাণীও লৈ আহে!

শুকুৰবাৰৰ জীৱনৰ অংক বিশেষ ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
বৃহস্পতিবাৰৰ ফেচবুক বিশেষ-২ ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক
বুধবৰীয়া "জালুকবাৰী বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
মঙ্গলবৰীয়া "ফেচবুক বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷
সোমবাৰৰ "গাভৰু বিশেষ" ৰসাল হিতোপদেশৰ বাবে ইয়াত ক্লিক কৰক৷

No comments:

Post a Comment