বাঁহগাজ দি ৰন্ধা গাহৰি মাংসৰ জুতি লগা ব্যঞ্জনঃ
উপকৰণঃ
এক কেজি চৰ্বিযুক্ত গাহৰি মাংস
বাঁহ গাজ দুচামুচ (ডাঙৰ চামুচেৰে)
আদা নহৰুৰ পেষ্ট (ডাঙৰ চামুচেৰে তিনি চামুচ)
পিঁয়াজ দুটা মিহিকৈ কটা৷
শুকান ভূত জলকীয়া অকনমান, স্বাদ অনুসাৰে ৷
বঙালী ধনিয়াৰ পাত ৬-৭খিলামান পাত, মিহিকৈ কুটা ৷
কেঁচা জলকীয়া মিহিকৈ কুটা (চাৰিটা মান)
ক’লা নিমখ স্বাদ অনুসাৰে ৷
কেঁচা মিঠাতেল এচামুচ ৷
ৰন্ধন প্ৰণালীঃ
গাহৰি মাংস খিনি অলপ দীঘলীয়া আকৃতিত, কিন্তু পাৰিলে অলপ পাতল চাইজত কাটি লব৷ টুকুৰাবোৰ অলপ ডাঙৰ চাইজত থাকিলে ভাল ৷ সেইখিনি ধুই যতনাই লওক৷
গোটেই উপকৰণ বোৰ মাংসৰ সতে বাচন এটাত ভালকৈ সানি লওক ৷ কেঁচা মিঠাতেল এচামুচো তাতে দি দিয়ক ৷ এতিয়া এটা কুকাৰত সানি লোৱা মাংসখিনি দি ঢাকোন মাৰি, একেবাৰে কম জুইত গেছত তুলি দিয়ক৷ পানী দিয়াৰ প্ৰয়োজন নাই ৷
এতিয়া ৬টা মান হুইচেল দিয়ালৈকে ৰান্ধক আৰু তাৰ পাছত নমাই ৰাখক যাতে কুকাৰৰ পৰা ভাপখিনি লাহে লাহে নিজে নিজে ওলাই যাবলৈ দিয়ক ৷ এতিয়া ঢাকোন আঁতৰাই দি, তাৰ পৰা নিজে নিজে ওলোৱা তেল আৰু পানীখিনি জুই চীমত ৰাখি হেতাৰে ল’ৰাই শুকুৱাই পেলাওক ৷
আমি ৰান্ধোতে বঙালী ধনীয়া যোগাৰ নোহোৱাত দিয়া নহ’ল ৷
এতিয়া গৰমে গৰমে জুতি লগা ব্যঞ্জনটো খোৱাৰ টেবুলত পৰিবেশন কৰক আৰু এক অনন্য অসমীয়া খাদ্যৰ জুতি লওক ৷
------------------------
ৰেচিপি নিৰ্দেশনাঃ ডাঃ মিতুবন গগৈ, ডিব্ৰুগড়
ৰন্ধনঃ মনালী চি দত্ত
--------------------------------
------------------------
ৰেচিপি নিৰ্দেশনাঃ ডাঃ মিতুবন গগৈ, ডিব্ৰুগড়
ৰন্ধনঃ মনালী চি দত্ত
--------------------------------
৩. পনীৰ মছলা
No comments:
Post a Comment