পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

সুখৰ খবৰঃ
১. উদ্ভাৱক উদ্ধৱ ভৰালীয়ে মানসিক ৰোগীৰ বাবে নিৰ্মাণ কৰিলে বিশেষ চকীঃ এই আৰ্হিৰ বাবে তেখেতে পুনৰ "নাছা" মেডিয়া গ্ৰুপৰ দ্বাৰা আয়োজিত "Create the Future Design" প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে ৷


২. কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ সকলো বিষয়ৰ পাঠ্যক্ৰম দেশ বিদেশৰ বিশেষজ্ঞসকলে আগবঢ়োৱা পৰামৰ্শৰে সঠিক ৰূপত প্ৰস্তুত হৈ উঠাৰ সু-খবৰঃ শিক্ষক সকলৰ পচন্দ অনুসৰি ক্ৰেডিট ব্যৱস্থাৰ উপযোগী কৰি গঢ়ি তোলা হৈছে স্নাতক শ্ৰেণীৰ পাঠ্যক্ৰম ৷

৩. নতুন দিল্লীত নৰ্থ ব্লকত আলোচনা উত্তপ্তঃ লোকসভা নিৰ্বাচনৰ আগে আগেই যি কোনো উপায়েৰে সম্পাদিত হব আলফাৰ সৈতে শান্তি চুক্তি৷ পৰেশ বৰুৱা গোটৰ সতে বেলেগকৈ আলোচনা নকৰে কেন্দ্ৰই, জুলাই মাহতে অনুপ চেতিয়াৰ প্ৰত্যৰ্পণ ৷

৪. অসমীয়া শব্দ শৃংখল চফ্টৱেৰ বনাই ৰাইজক উপহাৰ দিলে "ৰামধেনু"চফটৱেৰৰ স্ৰষ্টা ত্ৰিদীপ কুমাৰ বৰুৱাইঃ ভাষা সাহিত্য সন্মিলনী, অসমৰ হৈ অসমবাসীলৈ উপহাৰ দিয়া এই চফটৱেৰ যোগে এতিয়াৰ পৰা অসমীয়া "অনলাইন শব্দ-শৃংখল"ত শব্দৰ খেল সম্ভৱ হৈ উঠিব৷ উল্লেখযোগ্য যে এতিয়ালৈ ভাৰতৰ অতি কম সংখ্যক আঞ্চলিক ভাষাতহে এই সুবিধা উপলব্ধ হৈছে৷ বৰুৱাদেৱৰ এই সৃষ্টিকৰ্মৰ বাবে অসমীয়াৰ সুখ দুখে অভিনন্দন জ্ঞাপন কৰিছে ৷

৫. গুৱাহাটীৰ প্ৰাগজ্যোতিকা কেন্দ্ৰ, মাছখোৱাত গান লিখা, গোৱা আৰু সংগীত সংযোজনাৰ তিনিদিনীয়া কৰ্মশালাত প্ৰশিক্ষণ দিবলৈ আহিব বিখ্যাত শিল্পী নচিকেতাঃ ১১জুলাইৰ পৰা তিনিদিনীয়াকৈ এই কৰ্মশালাৰ আয়োজন কৰিছে ব্যতিক্ৰম মাছডু নামৰ সংগঠনে, ৰাজ্যৰ জনসংযোগ বিভাগৰ সহযোগত ৷

৬. টকাৰ মূল্য সৰ্বনিম্ন স্তৰৰ পৰা অলপ ওপৰলৈঃ ভাৰতীয় অৰ্থনীতিয়ে বেদনাদায়ক অৱস্থালৈ কিছু উপশম৷

৭. সমকামী বিবাহক একে মৰ্যদা প্ৰদান কৰিলে আমেৰিকাৰ চু্প্ৰীম কোৰ্টেঃ পশ্চিম হলিউদত আনন্দ উল্লাসৰ খবৰ, গুগোলেও "গে প্ৰাইড" উদযাপনৰ বাবে বনালে ৰামধেনু ৰঙী চাৰ্চ বক্স ৷

৮. আজি লণ্ডনত আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত ভাগ লব অসমৰ মুখ্যমন্ত্ৰীয়েঃ ৰাজ্যৰ দ্বায়িত্ব ২জুলাই পৰ্যন্ত ৰাজহ মন্ত্ৰী পৃথ্বি মাঝিৰ কান্ধত ৷

৯. কৰুণাধাৰাৰ সজাগতা অনুষ্ঠানৰ সঁহাৰিত গুৱাহাটীৰ মহৰ্ষি বিদ্যামন্দিৰৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীয় সংগ্ৰহ কৰি দান দিলে ৫৬হাজাৰ টকা ৷

১০. দেশৰ অগ্ৰণী সংবাদ পত্ৰৰ বাতৰিৰ ভিত্তিত ৩৯টা যৌন-গন্ধী ৱেবচাইটক ভাৰতত নিষিদ্ধ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ দূৰ-সংযোগ বিভাগেঃ বেছিভাগ ৱেব চাইটেই আমেৰিকাৰ পৰা পৰিচালিত বুলি সূত্ৰত প্ৰকাশ 

১১. অহা সাত জুলাইৰ পৰা শিশু আলোচনী "সঁফুৰা"ই আয়োজন কৰিছে এক গ্ৰীষ্মকালীন শিবিৰঃ মহানগৰীৰ সঁফুৰা সাংস্কৃতিক কেন্দ্ৰত এই শিবিৰ হব এঘাৰ দিনীয়া ৷

চিন্তনীয় খবৰঃ

১. অগপই আহ্বান কৰা মত বিনিময় সভাত উপস্থিত নাথাকে, আঞ্চলিকতাবাদী শক্তিক সক্ষম কৰিবলৈ আহ্বান জনোৱা ৭জন বুদ্ধিজীৱিঃ প্ৰদীপ হাজৰিকাক পত্ৰৰে জনালে ডঃ নগেন শইকীয়াই ৷

২. পদোন্নতিত জাতি ভিত্তিক সংৰক্ষণ প্ৰযোজ্য নহ’ব, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অসমতো থাকিব বাহালঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত স্থিতি স্পষ্ট কৰিবলৈ সাজু হৈছে অসম চৰকাৰ৷

৩. উত্তৰাখণ্ডৰ উদ্ধাৰ অভিযানত এতিয়াও প্ৰতিকূল বতৰে গঢ়ি আছে প্ৰতিৰোধঃ প্ৰৱল মহামাৰীৰ আশংকাত ভূগিছে ৰাজ্যবাসী ৷

৪. উত্তৰাখণ্ডত দুৰ্ঘটনাত পতিত হোৱা হেলিকপ্টাৰত নিখোজ হ’ল অসমৰ জোৱানঃ শ্ৰীনগৰৰ সন্ত্ৰাসবাদীৰ ভয়াবহ আক্ৰমণতো নিহত জোৱানৰ ভিতৰত আছে অসমৰ ভেৰাগাঁৱৰ  সন্তান ৷

৫. অহা পাঁচ জুলাইত অসমলৈ আহিব ৰাজনাথ সিঙঃ পদ্ম হাজৰিকাসহ বহু অগপ নেতাৰ বিজেপিত যোগদানৰ সম্ভাৱনা ৷

৬. থলুৱাক বঞ্চনাৰ প্ৰতিবাদত আই আই টি, গুৱাহাটীৰ চৌহদ উত্তাল কৰিলে সদৌ অসম ছাত্ৰ সন্থাই ৷

৭. লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত চলি থকা অচলাৱস্থাৰ দূৰীকৰণৰ বাবে দিচপুৰে অৱশেষত গঠন কৰি দিলে তদন্ত কমিটিঃ অধ্যক্ষক কৰা হ’ল অপসাৰণ ৷

৮. দীৰ্ঘতম চিত্ৰ অংকনেৰে বিশ্ব অভিলেখ গঢ়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত ডিব্ৰুগড়ত গোচৰ ৰুজু হ’ল শিল্পী অপুৰাজ বৰুৱাৰ বিৰুদ্ধেঃ গীনিজ বুকত নাম তুলিবলৈ সক্ষম হোৱা এই শিল্পীৰ বিৰুদ্ধ প্ৰতাৰণাৰ গোচৰ তৰিলে এঘাৰগৰাকী নিবনুৱা যুৱক যুৱতীয়ে ৷

৯. গাৰোপাহাৰত উত্তেজনা অব্যাহতঃ চলাচল কৰা নাই যাত্ৰীবাহী যান-বাহন ৷

১০. মুম্বাইত পিজ্জা দিবলৈ ঘৰলৈ অহা ডেলিভাৰী বয়ে কৰিলে ধৰ্ষণৰ অপচেষ্টাঃ ৱৰ্লী অঞ্চলৰ ঘটনাক লৈ চাঞ্চল্য ৷

No comments:

Post a Comment