মহাদুষ্ট পদ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহাদুষ্ট পদ্য

মহাদুষ্ট পদ্য

Share This

লেং মৰা প্ৰেক্টিচ…
#ধ্ৰুৱজ্যোতি শইকীয়া

মিছা কলেনো কিদাল হব,
নকৰিবা কাৰোৰে জেং,
শিকাব খুজিলেও ময়ো নাজানো,
ভালদৰে মাৰিব লেং ৷

কিজানি তোমাক পাৰোৱেই বা,
তুমি নহয় হেভি ৱেইট,
লৰচৰ নকৰি মোক পেলাবলৈ দিয়া,
ঠিয় হোৱা হৈ ষ্ট্ৰেইট ৷

পেলাব নোৱাৰিলেও এক্টিঙে কৰিবা,
পেপাৰত ওলাব ফটো
অলৰাওণ্ডাৰ হবলৈ চেষ্টাকে কৰিছো,
বুজি পাইছানে বাৰু মাতু ?

বুঢ়া হ'লো বুলি ডেকাহঁতে হাঁহে,
লওঁক দাদা অৱসৰ,
ককাল বিষ বুকুৰ বিষ কিমান সহিব,
বয়সৰ পৰিছে ভৰ ৷

No comments:

Post a Comment