মহৎ লোকৰ ৰসাল অনুভৱঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহৎ লোকৰ ৰসাল অনুভৱঃ

মহৎ লোকৰ ৰসাল অনুভৱঃ

Share This
জৰ্জ বানাৰ্ড শ্ব’ৰ ৰসাল উক্তিঃ

১. ভুল কৰি কৰি পাৰ কৰি দিয়া এটা জীৱন মাত্ৰ সন্মানজনকেই নহয়, একো নকৰাকৈ পাৰ কৰি দিয়া একোটা জীৱনকৈ অতি উত্তমো ৷

২. যি খন চৰকাৰে নগেনক লুটি খগেনক দিয়ে, তেওঁ সদায়েই চকুমুদি খগেনৰ সমৰ্থনৰ ওপৰত নিৰ্ভৰশীল হব পাৰে৷

৩. ভুল জ্ঞানৰ প্ৰতি সাৱধান হব, ই অজ্ঞতাতকৈ বেছি বিপদজনকহে ৷

৪. মই বহুদিনৰ আগতেই বুজি উঠিছিলো যে গাহৰিৰ লগত মল্লযুদ্ধ খেলি লাভ নাই ৷ মনত ৰাখিব, ইয়াৰ দ্বাৰা আপুনিহে লেতেৰা হব, আৰু গাহৰিটোৱে সেইটোকেই পচন্দ কৰে ৷

৫. আমি বুঢ়া হোৱাৰ বাবে খেলা বাদ দিয়া নাই, আচলতে খেলা বাদ দিয়াৰ বাবেহে বুঢ়া হৈছে ৷

৬. প্ৰথম প্ৰেম আচলতে অলপ মূৰ্খামী আৰু বহুত বহুত উৎসুকতাহে ৷

৭. আমি অতীতৰ কথা সোঁৱৰি থাকি জ্ঞানী হব নোৱাৰো, কিন্তু ভৱিষ্যতৰ দ্বায়িত্ববোধৰ উপলব্ধিৰেহে ই সম্ভৱ ৷

৮. নিজক বিচাৰি পোৱাটো জীৱন নহয়, নিজকে গঢ়ি তোলাটোহে আচলতে জীৱন৷

৯. যি সকলে ভাৱে যে এই কামটো সমাধা কৰাটো সম্ভৱ নহয়, তেওঁলোকে প্ৰকৃততে কামটোত লাগি থকা কেইজনক বাঘাত নজন্মোৱাটোৱেই ভাল৷

১০. যি কৰিব লগীয়া হৈছে সেয়া কৰিয়েই পেলাওক, ই নহ’লে আনন্দ দিব, নহ’লে দিব মহানুভৱতা ৷

No comments:

Post a Comment