সুখৰ খবৰঃ
১. উচ্চ শিক্ষাৰ মান ৰক্ষাৰ স্বাৰ্থত বিশ্ববিদ্যালয়ৰ ভিজিটৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপঃ চিএমজে বিশ্ববিদ্যালয় ভংগ কৰাৰ নিৰ্দেশ দিলে মেঘালয়ৰ ৰাজ্যপালে ৷ বিশ্ববিদ্যালয় অনুদান আয়োগেও গঠন কৰিলে ৯জনীয়া তদন্ত কমিটি ৷
২. শিল্পী দিৱসত ঐতিহাসিক হামদৈ পথাৰত জাতীয় সংগীতে লাভ কৰিব বিশ্বজোৰা স্বীকৃতিঃ ৩৫হাজাৰ ছাত্ৰ ছাত্ৰীয়ে একেলগে গাব "অ’ মোৰ আপোনাৰ দেশ" ৷
৩. এইবাৰ অসমতো সম্ভৱ হ’ব যকৃৎ সংৰোপন ব্যৱস্থাঃ উত্তৰ পূৱত ক্ৰমাত বৃ্দ্ধি হোৱা যকৃত ৰোগীৰ যতন লবলৈ বিখ্যাত গ্লৱেল হাস্পতালৰ সহযোগত গুৱাহাটীৰ হায়াট হাস্পতালত আৰম্ভ হ’ল "লিভাৰ ক্লিনিক"৷
৪. উত্তৰ কাছাৰ স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপে দ্বিতীয়বাৰৰ বাবে শপত লব দেৱজিত থাওচেনে ৷
৫. এইবাৰ ৰেলৱেৰ নতুন চমকঃ এছ এম এছ যোগে টিকেট বুকিং সেৱা আগবঢ়োৱাৰ বিশেষ আঁচনিৰ চলিছে যো-জা ৷
৬. ষষ্ঠ আন্তঃ ৰাষ্ট্ৰীয় বড়ো মহোৎসৱ মেঘালয়তঃ অহা বছৰৰ ফেব্ৰুৱাৰী মাহত মেঘালয়ত অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে গাৰো পাহাৰৰ ৰাইজ ৷
৭. বহুদিন পিছ লোৱাৰ পিছত অৱশেষত অসমৰ আন এক ভুৱা বিত্তীয় প্ৰতিষ্ঠান ৰাংঢালীৰ মুৰব্বীক আৰক্ষীৱে কৰিলে গ্ৰেপ্তাৰ৷
৮. পাঁচ বছৰ পাচত আদালাতে দিলে চূডান্ত ৰায়ঃ নলবাৰীত বলাৎকাৰীক সাত বছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ ৷
৯. মৰাণ আন্তঃ বিদ্যালয় ফুটবলৰ সামৰণিঃ দ্বিতীয়বাৰলৈ চেম্পিয়ন খোৱাং উচ্চতৰ মাধ্যমিক বিদ্যালয়৷
১০. "ফাদাৰ অৱ দ্যা ইয়েৰ" সন্মান লাভ কৰি গৌৰৱান্বিত হ’ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বিল ক্লিণ্টনঃ আমেৰিকাৰে এটা সামাজিক সংস্থাই পিতৃ দিৱসত প্ৰদান কৰিলে এই সন্মান ৷
চিন্তাজনকঃ
১. উৎকট গৰমত অসমত মহিলাসহ ৯জনৰ মৃত্যুৰ বাতৰিঃ ১৯৭৯ৰ ৬জুনৰ পাছত আটাইতকৈ গৰমৰ দিন ৰূপে চিহ্নিত হ’ল ২০১৩ৰ ১২জুন৷
২. গৰমটো গৰমেই, ইফালে দেখা দেখি নাই বিজুলী বাইদেউৰঃ অতিষ্ঠ ৰাজ্যবাসী, স্কুল কলেজৰ ছুটী ঘোষণা ৷
৩. আন্তঃগাঁথনি আৰু সকলো প্ৰস্তুতি সম্পূৰ্ণ নোহোৱাকৈয়ে কটন ৰাজ্যিক বিশ্ববিদায্লয়ত নামভৰ্তিক লৈ উদ্বিগ্ন আছুঃ মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু উপাচাৰ্যলৈ দিলে পত্ৰ ৷
৪. বিজেপিৰ অভিমানী আদৱানি পুনৰ উভতিল দললৈঃ এইবাৰ এনডিএৰ সংকট বঢ়াইছে নীতিশ কুমাৰৰ স্থিতিয়ে ৷
৫. কৃষি ভূমিত উদ্যোগ স্থাপনৰ বিৰোধিতাৰে দিলে স্মাৰক পত্ৰঃ ভূমি-কৃষি নীতি ঘোষণাৰ দাবীত কৃষক পৰিষদে ৷
৬. গহপুৰত ব্যৱসায়ীক অপহৰণৰ ঘটনাঃ ২০লাখ টকা মুক্তিপণ দাবীৰ ঘটনা
৭. প্ৰসহনত পৰিণত ৰঙিয়া মহকুমাৰ বহু পানী যোগান আঁচনিঃ বিকল আঁচনিৰ নামত মাহে শ শ লিটাৰ ডিজেল আবণ্টন ৷
৮. গগৈ-হিমন্তৰ বিসম্বাদ এখন টাইম পাছ নাটক বুলি আখ্যা দিলে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷
৯. গোলাঘাটত শিক্ষা বিভাগৰ জয়ঢোলঃ এজনীয়া শিক্ষেকেৰে চলি আছে ৭১খনকৈ বিদ্যালয়৷
১০. কামৰূপ কলেজত গৱেষণাৰ নামত দুৰ্নীতিঃ এইবাৰ অভিযোগ উঠিল অৱসৰপ্ৰাপ্ত অধ্যক্ষৰ বিৰুদ্ধে ৷
No comments:
Post a Comment