(সামাজিক ব্যংগৰ দৃষ্টিৰে ৰাষ্ট্ৰীয় স্তৰত সপোনৰ বাতৰিৰ সন্ধান)
১. অৱশেষত আইপিএলত ব্যাপক সা-সলনিঃ নতুন নাম হব আই.বি.এল, ইণ্ডিয়ান বুকী লীগ৷ আৰু মেক্সিমাম চেট হোৱা খেল সমূহ চেট মেক্স যোগে প্ৰচাৰ কৰা হ’ব৷ ভাৰতীয় জুৱাৰী সন্থাই জনালে ব্যাপক আদৰণি৷ কালমাদীক নতুন সভাপতিৰ দ্বায়িত্ব দিবলৈ তুলিলে দাবী৷ ই ভাৰতীয় খেলৰ নক্সা সলাই পেলাব বুলি মত পোষণ কৰিলে সচেতন মহলে৷
২. তিহাৰ জেলত কপিল চিবালৰ কবিতা শুনাই শুনাই শ্ৰীসান্থ আৰু চান্দিলাক টৰ্চাৰ কৰাৰ বাতৰি৷ দিল্লী গণ-ধৰ্ষণৰ গোচৰত এজনে আত্মহত্যা কৰাৰ পিছতো এনে কাব্যিক অত্যাচাৰেই থকা বুলি মতপোষণ কৰিলে মানসিক ৰোগ বিশেষজ্ঞই৷ তেনে ঘটনা ৰোধৰ বাবে জেলৰ পুঁথিভৰালৰ পৰা চিবাল চাহাবৰ সকলো কবিতা পুথি আঁতৰাই পেলোৱাৰো আন-অফিচিয়েল পৰামৰ্শ৷ পিছে মন্ত্ৰীৰ কিতাপত হাত দিবলৈ সাহস কৰিব নোৱাৰা বাবে জেল কৰ্তৃপক্ষই নিজৰ অসহায় অৱস্থাৰ কথাত কৰিলে দুখ প্ৰকাশ৷
৩. আম আদমী পাৰ্টিৰ হৈ শীলা দীক্ষিতৰ সমষ্টিত নিজৰ প্ৰাৰ্থীত্ব দিব অৰবিন্দ কেজৰিৱালে৷ চোনিয়াৰ হাতত সুষ্মাৰ পৰাজয়ৰ কাহিনীৰে কেজৰিৱালক ভয় খুওৱাৰ বাবে ৰাষ্ট্ৰীয় মেডিয়াক হাতোৰো পাৰ্টিয়ে দিলে বিশেষ পেকেজ৷ নিগেটিভ প্ৰচাৰৰ বাবে ১০০কোটিৰ বিজ্ঞাপনেৰে উপঢৌকন লোৱাৰ ক্ষেত্ৰত জি-টিভি বাদ পৰি যোৱাত ক্ষোভ প্ৰকাশ জি-সাংবাদিকৰ৷ আচলতে স্পনচৰ কৰা জিণ্ডালৰ ঘৰৰ পৰা এইবাৰ পইচা অনাৰ সাহস নকৰাৰ বাবেই এই পেকেজৰ পৰা জিটিভি বাদ পৰা বুলি সূত্ৰত প্ৰকাশ৷
৪. সুৰা-নাৰী আদি ক্ৰিকেট খেলুৱৈৰ বাবে হব উভৈনদী৷ মেডিয়াৰ বা আৰক্ষীৰ জালত পৰি বদনাম হোৱাৰ ভয়ত সকলো চুক্তি পত্ৰতে বৈধ ঘোষণা কৰাৰ বাবে চেন্নাইত বহা বিচিচিআইৰ মিটিঙত সিদ্ধান্ত গ্ৰহণ৷ বিচিচিআইৰ বাবে মডেল যোগানৰ সমন্বয়ক ৰূপে বিন্দু সিংৰ নাম সৰ্বজন গৃহীত৷ নতুন সভাপতি ডালমিয়াই ক’লে- এইবাৰ ডালত একো কালা থাকিব নালাগে, চব গোৰি চিকনী হোনি চাহিয়ে!
৫. বিজেপিয়ে এইবাৰ পদুম ফুল ফুলিব লগা পুখুৰীক লৈ সমস্যাত পৰিছে৷ আদৱানিয়ে মধ্যপ্ৰদেশত ভাল পদুম ফুলিছে, আৰু যথেষ্ট স্বাস্থ্যবান আৰ সুন্দৰ বুলি কোৱাকলৈ দেশজুৰি প্ৰতিক্ৰিয়া ৷ মধ্যপ্ৰদেশৰ বতৰ ভাল, অৰণ্য জংঘল আছে, তাততো ফুলিবই, গুজৰাটৰ শুকান মৰুভুমি অঞ্চলত পদুম ফুলাই দিয়াটোৱে আটাতকৈ ডাঙৰ সাফল্য বুলি দাবী কৰিলে নৰেন্দ্ৰ মোদীয়ে৷ তাকে শুনি বিচিচিআইৰ উপ-সভাপতিৰ পদত থকা অৰুণ জেটলীয়ে দৰকাৰ হ’লে থাৰ্ড আম্পায়াৰৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন বুলি মত ব্যক্ত কৰিলে৷
৬. ইন্দোৰত চাহ দোকানীয়ে ৰাহুল গান্ধীক দিয়া এহাজাৰ টকাৰ নোটটোক লৈ উদ্বিগ্ন হৈ পৰিছে চাহ দোকানী চৰমৰাজ৷ ডাঙৰ ঘৰৰ ল’ৰা কিবা এটা কৰিব পাৰিব বুলি ষ্টাৰ্ট আপ কেপিটেল ৰূপে ৰাহুলৰ হাতত বিনিয়োগ কৰা ধনৰ সন্দৰ্ভত একো কৰ্ম আঁচনি ঘোষণা নোহোৱাক লৈ তেওঁ হতাশাত ভূগিছে৷ কেতিয়া প্ৰধান মন্ত্ৰীৰ বাবে নিজে ৰেডি হব, কেতিয়া সেইটো চাকৰি কৰিব পাৰিব, তালৈ ৰৈ নাথাকি দিল্লীৰ পাৰ্টি অফিচতে ৰাহুল টি ষ্টল খুলিলেই কেচ ফ্ল অতি সোনকালে ভাল হব বুলি চৰমৰাজে প্ৰেছ বিজ্ঞপ্তি যোগে জনালে৷ বেছিদিন আৰু সেই এহাজাৰ টকাৰ যথাযোগ্য বিনিয়োগ নাপালে সাৰদাৰ দৰেই চীট কৰিবলৈ ফাণ্ডত পেলালে বুলি অৰ্থনৈতিক অপৰাধ শাখাত গোচৰ ৰুজু কৰাৰ ভাবুকি দিলে৷ তাকে দেখি যুৱ কংগ্ৰেছৰ এক সচেতন যুৱকৰ দলে, ৰাহুলদা অতি সোনকালেই তৈয়াৰ হৈ উঠিব আৰু ধৈৰ্য নেহেৰুৱাবৰ বাবে চৰমৰাজলৈ আবেদন জনায়৷ লগতে চৰমৰাজ কেনেকৈ সংবাদ মাধ্যমৰ ওচৰ পালেগৈ তাত বিৰোধী দলৰ হাতত থকা বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰে ৷
৭. দেশৰ অৰ্থনৈতিক উন্নতিৰ হাৰ ৫% শতাংশৰ তলত হোৱাত ক্ষুদ্ধ চিদাআৰাম চাহাবে ক’লে- এই সংখ্যাৰ খেল আঁতৰাবৰ হ’ল৷ চিবিএছই ৰ দৰে এইবাৰ উন্নতিৰ হাৰতো গ্ৰেড পদ্ধতিৰ অৱলম্বন কৰাৰ কথাত চিবাল চাহাবেও সন্মতিসূচক ইংগিত দিছে৷ গ্ৰেড পদ্ধতিৰে অন্ততঃ সাধাৰণ মানুহে বুজিব নোৱাৰাকৈ তথ্য প্ৰকাশ কৰিলে অহা নিৰ্বাচনত উপকৃত হব বুলিও মত প্ৰকাশ কৰিলে৷ এই পদ্ধতিমতে বিগত সময়তকৈ যদি ১শতাংশৰ তললৈ নামে তেতিয়া এ-গ্ৰেড, আৰু একে হাৰ থাকিলে বা তাত বিন্দু মাত্ৰও যোগ হ’লে তাত এ প্লাছ ঘোষণা কৰাৰ বাবে চিবাল চাহাবে দিলে নতুন ফৰ্মূলা৷ এই ফৰ্মূলাৰ ফাইল ১০জনপথত মোহৰ লগাবলৈ তৎকাল শাৰীত থিয় হৈ থকাৰ খবৰ৷
৮. বন্ধ হোৱা কিংফিচাৰ এয়াৰ লাইনছৰ সকলো বিমান কিনি লব কেন্দ্ৰীয় চৰকাৰে৷ দেশৰ সংগ্ৰাহলয় সমূহত এই বিমান ৰখাৰ হব বিশেষ ব্যৱস্থা৷ দেশৰ নতুন প্ৰজন্মই ৰাজীৱ গান্ধীয়ে কেনেকুৱা প্লেন চলাইছিল আৰু চোনিয়া মাতাই ক’ত চাহ-ভাত যোগান ধৰিছিল সম্যক জ্ঞান দিয়াৰ বাবেই লোৱা হৈছে বিশেষ পদক্ষেপ৷ "ৰাজীৱ উৰাজাহাজ শিক্ষা আঁচনি"ৰ জৰিয়তে দেশৰ বিভিন্ন অঞ্চলৰ এই সকল শিশুৰ কল্যানৰ বাবে লোৱা হব এই ব্যৱস্থা ৷ যুগান্তৰকাৰী এই সিদ্ধান্তক আদৰণি জনাই বিজয় মালিয়াই গোৱাত বিশেষ পাৰ্টিৰ আয়োজন কৰে আৰু কেলেণ্ডাৰ গাৰ্ল সকলে পৰিবেশন কৰা এই খাদ্যত প্ৰতি থালীত কিমান খৰছ পৰিল, সেই কথা "আম আদমী"ৰ ভয়ত ৰাজহুৱা কৰাৰ পৰা বিৰত থাকে৷
৯. খাদ্য নিৰাপত্তা বিলৰ বাবে বহিব লোকসভাৰ বিশেষ অধিবেশন৷ আনে খাদ্য পাওক বা নাপাওক, সদস্যসকলে নিজৰ ডিএ টিএৰ নামত কোটি টকা পোৱাৰ ব্যৱস্থা কৰাৰ বাবে সংসদীয় মন্ত্ৰীলৈ জনালে কৃতজ্ঞতা৷ মূল অধিবেশনত নহয়, এইদৰে সকলো বিল বিশেষ অধিবেশনত পাছ কৰাবলৈ এই সৰ্বদলীয় প্ৰস্তাৱ গ্ৰহণ কৰিব লাগে বুলি শাৰদ যাদৱে বিশেষ প্ৰস্তাৱ দিব বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে৷
১০. পৰাজয় বৰণ কৰাৰ পাছত য়েড্ডুৰাপ্পাই আন ৰাজনীতিক সকলৰ দৰেই ক্ৰীড়া ব্যৱস্থাপনাত ভৰি দিবলৈ ওলাইছে৷ ক্ৰিকেট সন্থা, অলিম্পিক সন্থা আদিত ব্যাপক প্ৰতিযোগীতাৰ পৰা আঁতৰি তেখেত গ্লফাৰ এচোচিয়েছনৰ দ্বায়িত্ব লবলৈ আগবঢ়া বুলি বিশেষ সূত্ৰত প্ৰকাশ৷ কইনাধৰাৰ পৰা প্ৰকাশিত এক বিজ্ঞপ্তিয়ে দাবী কৰা মতে গগৈ চাৰৰ আঁচনি কপি কৰি বিহাৰত নিতীশে চৰকাৰ চলাই আছে, সেইদৰে গল্ফ কৰ্চত ভৰি দিয়াৰ বাবে বিৰোধী দল হ’লেও গগৈ চাৰৰ পৰাই য়েড্ডুৰাপ্পাইয়ো প্ৰেৰণা লৈছে৷ বিজ্ঞপ্তিৰ শেষত মিচা ক’লে কি ডাল হব বুলি লিখি দিয়া বাক্যই বিজ্ঞপ্তি খনৰ সাৰ্বজনীনতাক প্ৰতীয়মান কৰিছে ৷
No comments:
Post a Comment