সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ বতৰা

সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. অৱশেষত ৰাজনৈতিক দলো ৰাইজৰ জবাবদিহি হব লাগিব তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তেঃ কেন্দ্ৰীয় তথ্য আয়োগে এক বিশেষ ৰায়দান যোগে স্পষ্ট কৰি দিয়ে যে ৰাজনৈতিক দল সমূহ ৰাজহুৱা প্ৰশাসনিক গোট আৰু ইয়াৰ স্বচ্ছতাৰ বাবে ৰাইজৰ ওচৰত ই হব লাগিব দায়বব্ধ ৷

২. নতুন কেগৰ নিযুক্তিৰ ওপৰত এইবাৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ল প্ৰশান্ত ভূষণঃ ৰাজহুৱা স্বাৰ্থ-জড়িত বিষয় ৰূপে নীতি নিৰ্দেশনা নমনা এই নিযুক্তি অবৈধ বুলি অভিযোগ তুলি  ন্যায়ৰ বাবে জনালে আবেদন৷

৩. ভাৰতীয় চিনেমাৰ সুখবৰঃ ৰণবীৰ কাপুৰ অভিনীত নতুন ছবি "য়ে জৱানী হে দিৱানী"য়ে সপ্তাহন্তৰ আয় আহৰণৰ ক্ষেত্ৰত অভিলেখ গঢ়ি লাভ কৰিলে এই সপ্তাহৰ আমেৰিকাৰ শীৰ্ষ দহখন ছবিৰ সৈতে স্থান ৷

৪. ইউ.পি.এ চৰকাৰে সংসদত উত্থাপন কৰিব লগা খাদ্য নিৰাপত্তা বিষয়ক বিলক প্ৰয়োজনীয় সংশোধনীৰে খেতিয়ক সকলৰ স্বাৰ্থক সুৰক্ষা নিদিয়ালৈ সমৰ্থন নজনায় বুলি দাবী তোলা বাওঁপন্থীৰ পক্ষত থিয় দিলে সমাজবাদী পাৰ্টিয়েও ৷

৫. শিৱসাগৰ জিলাত অ’ এন জি চিয়ে নিৰ্মাণ কৰিবলৈ লোৱা ৩০০ বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়খন জিলাখনৰ ৰজাবাৰী চাহ বাগিচাত স্থাপিত হবঃ অ’ এন জি চিৰ অসম এছেটৰ কাৰ্যবাহী সঞ্চালক বি.কে.বৰুৱাই ৰাজহুৱা সংগঠন সমূহৰ উপস্থিতিত উপায়ুক্তৰ কাৰ্যালয়ত হোৱা এক সভাত এইকথা ঘোষণা কৰে ৷

৬. বিশ্ব অভিলেখৰ বাবে গামোচা বোৱা দহ গৰাকী শিপিনী আৰু নেতৃত্ব লোৱা অভিজিত বৰুৱালৈ ১০লাখ টকা বিতৰণ কৰিলে মুখ্যমন্ত্ৰীয়েঃ বিশ্বৰ আটাইতকৈ দীঘল হাতেবোৱা বস্ত্ৰৰ বাবে গীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ পৰা এই উদ্যমে লাভ কৰিছিল স্বীকৃতি৷

৭. চিকিৎসা বিজ্ঞানে আনিব অচিৰেই সুখবৰঃ পৰীক্ষাগাৰত নিৰ্মিত হব কৃত্ৰিম যকৃত, আমেৰিকাৰ MITত চলি থকা গৱেষণাৰ কথা  প্ৰকাশ কৰিলে ভাৰতীয় মূলৰ গৱেষক সংগীতা ভাটিয়াই ৷

৮. অসমৰ শিৰ দেশৰ আগত নত কৰা জি এচ ৰোড কাণ্ডৰ পুনৰ শুনানিৰ বাবে ৰাজ্য চৰকাৰৰ আবেদনৰ ভিত্তিত, নিম্ন আদালতে ইতিমধ্যে দোষমুক্ত বুলি ঘোষিত কৰা সকলৰ বিৰুদ্ধে পুনৰ শুনানি লব উচ্চ ন্যায়ালয়ে, অহা ১৬ জুলাইত৷
৯. অহা ৫জুনত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামীলৈ "পৰিবেশ বঁটা" প্ৰদান কৰা হব যোৰহাটতঃ লগতে বুৰঞ্জীবিদ ভৈৰৱ চন্দ্ৰ সন্দিকৈলৈ মৰণোত্তৰ ভাৱে প্ৰদান কৰা হব "জনৰত্ন" উপাধি ৷

১০. মাজুলী মহাবিদ্যালয়ত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্ম-জয়ন্তী উদযাপনৰ আয়োজনঃ অহা ১৭জুনত বিভিন্ন প্ৰতিযোগিতাৰে সৈতে দিনটো যোৰা কাৰ্যসূচী আয়োজিত হোৱাৰ খবৰ৷

চিন্তাজনক খবৰঃ
১. নাগিনীজানত ধাৰাসাৰ গুলীবৰ্ষণ, যুদ্ধসদৃশ পৰিবেশত গুলীৰে প্ৰত্যুত্তৰ দিলে অসম আৰক্ষীয়েঃ নগাৰ গুলীত নিহত এজন অসমৰ যুৱক, নিহতৰ আত্মীয়লৈ চৰকাৰে ঘোষণা কৰিলে ৫লাখ টকাৰ সাহাৰ্য ৷

২. আভ্যন্তৰণী নিৰাপত্তা বিষয়ক বৈঠকৰ বাবে মুখ্যমন্ত্ৰী দিল্লীলৈঃ সমান্তৰালকৈ ১৫জনকৈ বিসম্বাদীও ৰাওনা হ’ল ৰাজধানী অভমুখে ৷

৩. অসমীয়াক উচ্ছেদৰ দাবীৰে এইবাৰ অৰুনাচলীয়ে পাতিছে সভাঃ অসম-অৰুণাচল সীমান্ততো ৰক্তক্ষয়ী ঘটনাৰ আশংকা ৷

৪. ধন দাবী, কুটাঘাতৰ পৰিকল্পনাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল দুই এন ডি এফ বি সহ অগপৰ প্ৰাক্তন মন্ত্ৰীও ৷

৫. ৰাহুল গান্ধীৰ প্ৰতিকৃতি দাহ কৰিলে অগপইঃ অভিযোগ তুলিলে প্ৰফুল্ল মহন্তই- মাওবাদীৰ উত্থানৰ আঁৰত আছে কংগ্ৰেছ!

৬. পদ্মনাথ গোহাঞিবৰুৱা, মহেশ্বৰ নেওগ, হোমেন বৰগোহাঞিৰ পঢ়াশালিৰ দুৰৱস্থাঃ উৱলি যাবলৈ ধৰি সংবাদ শিৰোনামা লাভ কৰিলে লখিমপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে৷

৭. ১৪বছৰে গুৱাহাটীৰ কাৰাগাৰত থকা আই এছ আইক অচিৰেই দেশান্তৰ কৰাৰ নিৰ্দেশ দিলে গুৱাহাটীৰ আদালতে ৷

৮. মহিলা শ্ৰমিকক বলাৎকাৰৰ অপচেষ্টাঃ উত্তপ্ত পৰিস্থিতিৰ মাজত চাবুৱাৰ শিয়ালকটী বাগিচা ৷

৯. ৰাজ্যত চৰকাৰী সাহাৰ্যৰ পৰা বঞ্চিত ১০ লাখ প্ৰতিবন্ধীঃ অসমৰ ১২লাখ প্ৰতিবন্ধীৰ ভিতিৰত ২লাখকহে প্ৰদান কৰা হ’ল চৰকাৰী প্ৰমাণ পত্ৰ ৷


১০. সংখ্যালঘু অঞ্চলত কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিলে আমছুৱেঃ সংখ্যালঘু উন্নয়ন পৰিষদে ক’লে- এইয়া আমছুৰ ৰাজনৈতিক চতুৰালিহে ৷

No comments:

Post a Comment