জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
মিছামাছৰ গ্ৰেভী

উপকৰণ-
মিছামাছ- ২৫০গ্ৰাম(বাকলি আঁতৰাই চাফা কৰি থোৱা)
মিঠাতেল-৩ চামুচ(ডাঙৰ চামুচ এখনেৰে)
নাৰিকল(সতেজ)- এফাল
বিলাহী(মজলীয়া ধৰণৰ)-২টা
পিয়াজঁ-১টা(মিহিকৈ কাটা)
নহৰু-৪/৫ ফুট(অলপ ঠেতালি লোৱা হলে ভাল)
জলকীয়া পাউদাৰ-১ চাহৰ চামুচ
জিৰা পাউদাৰ-১ চাহৰ চামুচ
গৰম মচলা পাউদাৰ-১/২ চাহৰ চামুচ
লং, ইলাইচী,দালচেনী(গোটাকৈ কেইটামান)
নিমখ, হালধি (আন্দাজ মতে)
চেনী-১/২ চামুচ
পানী-একাপ
(নাৰিকল ফাল চাফা কৰি সৰুকৈ কাটি তাৰ লগত 
বিলাহী দি মিহি কৈ পিহি লব )

ৰন্ধন প্ৰণালী-
প্ৰথমে মিছামাছ খিনিত নিমখ-হালধি অলপ খানি লওঁক। এতিয়া কেৰাহীত তেল গৰম হলে মিছামাছ খিনি ৰঙা হোৱাকৈ ভাজি লৈ কেৰাহীৰ পৰা নমাই আনক। সেই তেলতে লং, ইলাইচী, দালচেনী গোটাকৈ আন্দাজ মতে দুটামানকৈ দি দিয়ক, তাৰ লগতে কাটি থোৱা পিয়াজঁ আৰু থেতালি থোৱা নহৰুখিনি দিয়ক। 

এতিয়া জোখমতে নিমখ-হালধি দি বাকী থকা মচলা জলকীয়া,জিৰা, গৰম মচলাৰ পাউদাৰ দিব। তাৰপিছত আগতিয়াকৈ তৈয়াৰ কৰি থোৱা নাৰিকল আৰু বিলাহীৰ পেষ্টখিনি কেৰাহীত ভাজি থকা মচলাৰ লগত দি অলপ সময় ভাজক। এতিয়া পানী দি গ্ৰেভীৰ দৰে কৰি লক, তাৰপিছত ভাজি থোৱা মিছামাছ খিনি আৰু লগতে চেনী দি গ্ৰেভীখিনি ঘন হ’লে নমাই দিয়ক। এতিয়া ভাতৰ লগত গৰমে গৰমে পৰিবেশন কৰক আৰু জুতি লগা ব্যঞ্জনৰ সোৱাদ লওক৷
----আজিৰ ৰেচিপি যুগুতালেঃ মুম্বাইৰ পৰা দীপা দেৱীয়ে ৷

No comments:

Post a Comment