লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগ বাতৰিৰে সপোনৰ খবৰৰ সন্ধান )

১. গগৈচাৰে নিজৰ চৰকাৰক এশৰ ভিতৰত আশী নম্বৰ দিয়া বুলি প্ৰকাশ পালে বাতৰি কাকতত৷ তাৰে ৭০ নম্বৰ শিক্ষা আৰু স্বাস্থ্য বিভাগে আহৰণ কৰা বুলি কিন্তু তেখেতে প্ৰকাশ নকৰাৰ হাস্যকৰ খবৰ৷ কোন বিভাগে কিমান নম্বৰ আনিলে বুলি সোধা প্ৰশ্নৰ উত্তৰত স্বভাৱজনিত হাঁহি মাৰি নিজকে প্ৰতিৰোধ কৰিবলৈ তেখেতে চেষ্টা কৰে ৷ 

সংবাদিককক কয় যে টোটেল নম্বৰটোহে তেখেতে ৰাজহুৱা কৰিব পাৰে, মাৰ্ক-শ্চিটখন হাইকামাণ্ড মাতালৈহে পঠোৱা হৈছে ৷ পিছে ফেক্স কৰিবলৈ নিওতেই হাস্যকৰ সাংবাদিকে ইয়াৰ গোপন তথ্য আহৰণ কৰি আনে ৷ 

গগৈ চাৰৰ খাচ মানুহ বুলি পৰিচিত বনৰজাৰ বিভাগে অভয়াৰণ্য হ্ৰাসেৰে নিগেটিভ মাৰ্কিং পোৱা তথা, পোহৰ মন্ত্ৰীয়ে অন্ধকাৰ বিলাই নিগেটিভ মাৰ্কিং পোৱা আৰু উদ্যোগ বিভাগে উৎপাদনৰ সলনি তলা কিনাক লৈ শূণ্য নম্বৰ আহৰণ কৰাটো উল্লেখযোগ্য ৷ 

সীমান্ত উন্নয়ন মন্ত্ৰীয়ে সাফল্যৰ নামত চাহ গছৰ কেই বিঘা মাটি নগাই কাটি তহিলং কৰিলে, কেইজনক নগাই গুলীয়ালে সেই কথাহে উল্লেখ কৰাত গগৈচাৰে খঙতে মাৰ্কিংৰ পৰা বিৰত থাকে ৷ 

আচলতে কামৰ মানুহবোৰ বিসম্বাদী হৈ যোৱাৰ পাছতো মাত্ৰ মাকৰ্চিট ঠিক ৰখাৰ স্বাৰ্থতে সেই সকলৰ মন্ত্ৰীসভাৰ পৰা বাদ দিব নোৱাৰাটো চাৰৰ প্ৰধান দুৰ্বলতা হৈ পৰা বুলি বিশ্লেষকে জনাইছে ৷ কাম কৰা কেইটাও ঠেনঠেনাই থাকিলেও থাকক, অকমৰ্ন্য, ধদুৱা, তেলমাৰি চলা কেইটাক অকলে লৈ নিজৰ চৰকাৰক ফেইল মৰালেহে হব বুলিও চাৰে ধমক দিয়াৰ গোপন খবৰ!

২. ১৩ লাখ সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিলে দিল্লী প্ৰশাসনেঃ সেই সকলক বিশেষ ট্ৰেইনযোগে অসম ৰাওনা কৰিবলৈ হাতোৰা পাৰ্টিয়ে জনালে দাবী৷ সন্দেহযুক্তক বিশেষ মৰ্যদাৰে ভোটাৰ ৰূপে সংস্থাপিত কৰাৰ ক্ষেত্ৰত অসমক পিছ পেলাবলৈ কাকোৱেই দিয়া নহব বুলি মুখ্য সচেতকে স্থিতি স্পষ্ট কৰিলে ৷

৩. অভিযোগনামা দাখিল হব লগা ১৫০ শীৰ্ষ আমোলালৈ বিশেষ ডেপুটেচনৰ ব্যৱ্স্থা দিল্লীলৈ ৷ ৰাজ্যত তদন্ত চলিলে থাকিলেও যাতে কামকাজ চলি থাকিব পাৰে তাৰ বাবেই এই ব্যৱস্থা কৰা বুলি সূত্ৰত পালে প্ৰকাশ ৷ নামত চলিব লগা তদন্তৰ কাম অতি লেহেমীয়া কৰি তেখেতসকলৰ দিল্লীবাসৰ নিৰ্বাসন দীঘলীয়া কৰি তোলাৰ বাবেও বিশেষ নিৰ্দেশ অহাৰ খবৰ৷ তদন্তৰ চলি আছে, প্ৰশাসন নিকা কৰাৰ বাবে ৰজা কেতিয়াও পিছ নোহোহোকে আদি বাণী প্ৰচাৰৰ বাবে জনসংযোগক বিশেষ নিৰ্দেশ ৷

৪. জি এচ ৰোডৰ নাৰকীয় ঘটনাৰ পাছত এইবাৰ মা-কালীৰ চৰণত নৰবলিৰে পুনৰ বিশ্বসভাৰ মজিয়ালৈ গ’ল অসম আৰু অসমীয়াঃ সুখ্যাতিৰে নোৱাৰিলেও কুখ্যাতিৰে দিলে পৰিচয়, এনে খ্যাতি আৰ্জনৰ বাবে সকলো দানৱ অসমীয়াক জাগ্ৰত কৰি তুলিবলৈ সচেতন মঞ্চই গ্ৰহণ কৰিব বিশেষ পদক্ষেপ ৷

৫. আমছুক অতি সোনকালেই চিবিআইৰ দ্বাৰা নিকা ঘোষণা কৰাৰ প্ৰৱল সম্ভাৱনাই দেখা দিছে ৷ মৌচুমী বতাহে উৰুৱাই অনা খবৰ অনুসৰি ২০১৪চনৰ নিৰ্বাচনৰ ঠিক আগে আগে এই ঘোষণাৰ দিন থিৰ কৰা হব ৷ তাতেই আমছুৰ নেতৃত্বত সংখ্যালঘু ছাত্ৰ উন্নয়ন পৰিষদ গঠন কৰাৰ লগতে তেখেতলোকক সংঘৰ্ষ প্ৰতিৰোধৰ নামত আৰু বেছি পৰিমানৰ অবৈধ অস্ত্ৰৰে সু-সজ্জিত কৰাৰ গোপন প্লেনিঙৰ খবৰ ওলাইছে ৷ 

বড়ো আৰু আন আন খিলঞ্জীয়াৰ হাতত থকা অবৈধ অস্ত্ৰৰে নিৰ্বাচনত কৰা ৰিগিং ৰোধ কৰিবৰ বাবে হাতোৰা পাৰ্টিৰ বাবেই এই আমছু সশস্ত্ৰ প্ৰতিৰোধী বাহিনী কামত আহিব বুলি হিচাব নিকাচ চলিছে ৷ কল্কি অৱতাৰ অতি সোনকালেই অসমত প্ৰৱেশ কৰি তাণ্ডৱ চলোৱাৰো খবৰ আকাশবাণী যোগে প্ৰচাৰিত হৈছে ৷

No comments:

Post a Comment