১. বৰপেটাৰ চেঙাত অসমৰ কৃষকৰ চমকপ্ৰদ সাফল্যঃ এবিঘা মাটিত উৎপাদন কৰিলে ৩৭মোন ধান ৷
২. অসমৰ ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ উদ্যমত এইবাৰ লেকমি ফেশ্বন উইকৰ মঞ্চত প্ৰদৰ্শিত হ’ল অসমীয়া মেখেলা চাদৰ ৷
৩. প্ৰায় সাত লাখ ভক্তৰ সমাগমেৰে উখল-মাখলকৈ উদযাপিত হ’ল এই বৰ্ষৰ অম্বুবাচী মেলাঃ আজি নিবৃত্তি, মুকলি হব কামাখ্যা মন্দিৰৰ দুৱাৰ ৷
৪. আজি পুনৰ আলোচনাত বহিব আলফা আৰু কেন্দ্ৰীয় চৰকাৰঃ জুলাই মাহতে অনুপ চেতিয়াৰ প্ৰত্যাৰ্পণৰ ইংগিত ৷
৫. শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ অৱসানঃ ঘৰ পালেহি অসমৰ দহ তীৰ্থযাত্ৰী ৷
৬. বজালী মহাবিদ্যালয়ত ৰসায়ন প্ৰযুক্তিৰ নতুন ধাৰাৰ ওপৰত আজিৰ পৰা আয়োজিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুদিনীয়া আলোচনাচক্ৰ ৷
৭. দক্ষ পৌৰ নিগম গঠন কৰাই কংগ্ৰেছৰ লক্ষ্য বুলি ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়েঃ আৰু ক’লে অগপৰ ভোট পাইহে জিকিল বিজেপি ৷
৮. এইচ আই ভি কাণ্ডঃ ৰাজ্য চৰকাৰলৈ জাননী জাৰি কৰিলে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে, চাৰি সপ্তাহৰ সময় দিলে মুখ্য সচিবক ৷
৯. অহা ৬জুলাইত অসমলৈ চি পি যোশীঃ বৰ্ধিত কাৰ্যনিৰ্বাহকৰ বৈঠক পাতিব প্ৰদেশ কংগ্ৰেছে ৷
১০.আমেৰিকাৰ সতে উচ্চ শিক্ষা সম্পৰ্কীয় চাৰিখনকৈ চুক্তি স্বাক্ষৰ কৰিলে ভাৰতে ৷
চিন্তনীয় খবৰঃ
১. বিধ্বস্ত অগপত চলিছে পদত্যাগৰ ধুমুহাঃ দল ত্যাগৰ পথলৈ আগবাঢ়িছে বহু নেতা-পালিনেতা ৷
২. উত্তৰাখণ্ডত উদ্ধাৰকাৰী হেলিকপ্তাৰ দুৰ্ঘটনাত পতিত হ’ল গৌৰীকুণ্ডতঃ বায়ুসেনাৰ জোৱানসহ ১৯জনৰ মৃত্যুৰ দুখজনক খবৰ৷
৩. ৰাজ্যৰ শিক্ষাৰ্থীক লৈ চৰকাৰে কৰিছে খেলাঃ মাধ্যমিক, উচ্চ মাধ্যমিক পৰ্যায়ত মাত্ৰ ৩১-১৮% প্ৰশিক্ষিত শিক্ষকেৰে চলিছে শিক্ষা ব্যৱস্থা ৷
৪. বলাৎকাৰক লৈয়ে গাৰো পাহাৰত নৃশংস নৰসংহাৰঃ অসমলৈ পলাই আহিছে শ শ লোক, মেঘালয় আৰক্ষীয়ে পৰিয়ালক চমজাই দিলে ৮ শ্ৰমিকৰ মৃতদেহ ৷
৫. ড্ৰাগচৰ গ্ৰাসত পৰিছে প্ৰায় ২০০মিলিয়ন লোকঃ সংবাদ মাধ্যমত প্ৰকাশ পোৱা এই বৃহৎ সংখ্যাৰ মূল কাৰণ যুৱ-প্ৰজন্মৰ হীনমন্যতা বুলি কৰিলে উল্লেখ ৷
৬. তিৱা ভাষা গৱেষণা কেন্দ্ৰৰ লাওলোৱা অৱস্থাঃ নাই ভৱন, নাই বেতন, তিৱা পৰিষদৰ পৃষ্ঠপোষকতা কৰিলে দাবী ৷
৭. জুলাইৰ ভিতৰতে সকলো টেট’ উত্তীৰ্ণ প্ৰাৰ্থীক নিযুক্তিৰ বাবে উঠিল দাবীঃ চৰকাৰৰ ভূল নীতি আৰু মন্ত্ৰীৰ ভুৱা আশাত বন্দী হৈ ৰল হাজাৰ হাজাৰ যোগ্যতা সম্পন্ন নিবনুৱা ৷
৮. অসম চৰকাৰে দখল কৰিছে কমতাপুৰৰ মাটিঃ বিশ্বজিত ৰায়ে তুলিলে দাবী, বঙাইগাঁৱত আক্ৰাছুৰ "তলা মৰা" কাৰ্যসূচীত ৷
৯. যোৰহাটিত জাপানিজ এনকেফেলাইটিছৰ সংহাৰী ৰূপৰ চিন্তনীয় খবৰ ৷
১০. ৰাজ্যত প্ৰায় ২লাখ বিঘা ভূমি দখলৰ অভিযোগ উঠিল কেন্দ্ৰীয় মন্ত্ৰী ৰাণী নৰহৰ পৰিয়াল পৰিজন, সহযোগীৰ বিৰুদ্ধেঃ গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ ৰুজু হোৱাৰ বাতৰিয়ে পালে সংবাদ শিৰোনামা৷
No comments:
Post a Comment