অসমীয়াৰ বাণিজ্য - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়াৰ বাণিজ্য

অসমীয়াৰ বাণিজ্য

Share This
ইমু চৰাই আৰু অসমত ইয়াৰ বাণিজ্যিক প্রসাৰতাৰ সুযোগ . . .
#সুৰজিত নেওঁগ
Emu বা ইমু চৰাই যাৰ বৈজ্ঞানিক নাম Dromaius novaehollandiae, অষ্ট্রেলিয়া মহাদেশৰ এবিধ স্থানীয় চৰাই যি উচ্চতাৰ ফালৰ পৰা পৄথিৱীৰ ভিতৰতে দ্বিতীয় বৄহত্তম চৰাই । এই চৰাইবিধ অষ্ট্রিচ চৰাইৰ বংশধৰ । এই চৰাইবিধ অষ্ট্রেলিয়াৰ মুলভুখণ্ডতে থাকে যদিও ইহঁতে সাধাৰণতে জনবসতি অঞ্চল বা ঘনহাবিতলীয়া ঠাই এৰাই চলে । এই চৰাইবিধৰ গাটো মিহি মুগা বৰণীয়া পাখিৰে আবৄত যদিও ইহঁতে উৰিব নোৱাৰে । পুৰ্ণবয়স্ক ইমু চৰাইএটা প্রায় ২ মিটাৰ বা ৬.৬ ফুট পৰ্য্যন্ত ওখ হয় । দীঘল ডিঙি আৰু দীঘল ভৰিৰে গঠিত এই চৰাইবিধে খাদ্য বা আন কাৰণত বহুদুৰ বাট অতিক্রম কৰিব পাৰে আৰু প্রয়োজন অনুসাৰে ঘন্টাত প্রায় ৭০ কিমি প্রতিঘন্টা বেগেৰে দৌৰিবও পাৰে । ইহঁতৰ দীঘল ভৰিকিটাৰ সুবাদত এবাৰত বা এখোজত প্রায় ৯ ফুট মান আগুৱাই যাব পাৰে ।

ইমু চৰাইবোৰ সাধাৰণতে অঘৰী স্বভাবৰ হয় আৰু খাদ্যৰ সন্ধানত বহু দুৰ ভ্রমি ফুৰে; ইহঁতে আনকি কেইবা সপ্তাহলৈকে একো নোখোৱাকৈও ঘুৰি ফুৰিব পাৰে । পোক পৰুৱা আৰু বিভিন্ন উদ্ভিদ ইহঁতৰ প্রধান খাদ্য । আচৰিত যেন লাগিলেও সঁচা যে ইহঁতি খাদ্য খোৱাৰ পিছত সৰু সৰু শিলগুটি, কাচঁৰ টুকুৰা বা আন ধাতুৰ টুকুৰা গিলি খায় যাতে এইবিলাকে ইহঁতৰ খাদ্যবস্তুবোৰ পিহি পাচন প্রক্রিয়াটো সহজ কৰি তোলে । ইমুৱে নিয়্মীয়াকৈ পানী নাখালেও এবাৰত যথেষ্ঠ পৰিমানে পানী খায়; ইহঁতি পানীৰ ওপৰত অতি সহজতে ওপঙি থাকিব পৰাৰ লগতে ভালকৈ সাতুৰিবও পাৰে । এই চৰাইবিধ যথেষ্ঠ উৎসুক স্বভাৱৰ হয় আৰু আন যিকোনো জন্তু বা মানুহক অবিকল ভাৱে নকল কৰিব পাৰে । এই বৄহত চৰাইবিধে ৰাতি একেৰাহে নুশুৱে যদিও চুটি চুটি কেইবাটাও কেপত বহি বহি টোপনীয়াই ।

বেচ মজবুট হাতোৰাৰে গঠিত ইহঁতৰ ভৰি দুখনেই আত্মৰক্ষাৰ প্রধান আহিলা । যিকোনো এনে চৰাই বা জন্তুৰ ভিতৰত ইহঁতৰ ভৰি দুখন আটাইতকৈ শক্তিশালী আৰু ইয়াৰ সহায়ত ইমুৱে আনকি তাৰঁৰ বেৰা পৰ্য্যন্ত ফালি বা চিঙি পেলাব পাৰে । ইহঁতৰ দৄষ্টিশক্তি আৰু শ্রৱনশক্তি বৰ প্রখৰ যাৰ সহায়ত অতি সহজেই চিকাৰ কৰিব পাৰে । ইহঁতি প্রাকৄতিক ভাৱে যিকোনো পৰিবেশৰ লগত নিজকে খাপ খোৱাই ল'ব পাৰে আৰু নিজৰ গাৰ ৰং প্র্য়োজন অনুসৰি camouflage কৰিব পাৰে । এই চৰাইবিধে ভিন্ন তাপমাণৰ সুদীৰ্ঘ তাৰতম্য সহ্য কৰিব পাৰে আৰু নিজৰ গাৰ তাপমাণ প্রয়োজন অনুসৰি নিয়ন্ত্রিত কৰিব পাৰে । মতা-মাইকী চকুৰে চাই চিনাত যথেষ্ঠ কঠিন যদিও মাইকী জনীৰ তীব্র মাতটোৰ পৰা প্রাথক্য বুজিব পৰা যায় । এজনী ইমুৱে বছৰটোৰ মে আৰু জুন মাহত কণী পাৰে; ইহঁত বহুগামী, এটা চিজনত কেইবাবাৰো সহবাস কৰে আৰু কেইবাদিনৰ অন্তৰে অন্তৰে কণী পাৰে । কণীবোৰ মতা ইমুৱে (দেউতাকে) প্রতিপাল কৰে; কণীফাটি পোৱালী ওলোৱাৰ পিছত প্রায় ৬ মাহৰ ভিতৰত পূৰ্ণ ৰুপ ধাৰণ কৰে । ইহঁতি ১০ ৰ পৰা ২০ বছৰমান জীয়াই থাকে ।

## অসমত ইমু চৰাই ##

শেহতীয়াকৈ ২০০৬ চনত ইমু চৰাইক অসমলৈ আমদানি কৰা হয় ব্যৱসায়িক ভিত্তিত ইয়াৰ প্রসাৰ কৰিবৰ উদ্দেশ্যে । আৰম্ভনীতে ই যথেষ্ঠ খৰচি যদিও দীৰ্ঘম্যাদী ব্যৱসায়ৰ বাবে অতি লাভজনক । যদিও এই সমষ্ট কাৰবাৰটো ভাৰতবৰ্ষত নতুন তথাপিও ইয়াৰ প্রসাৰতাৰ বহুতো থল থকাৰ ওপৰিও ব্যৱসায়িক ভাবে অতি লাভজনক । ইমু পালন ঠিক আমাৰ আন মূৰ্গী বা হাঁহ বা গাহৰী পালনৰ নিচিনাই এটা ব্যৱসায় যদিও ইয়াৰ লাভালাভ আন আন জন্তুতকৈ বহুত বেচ ভাল বুলি ইয়াৰ স্থানীয় পালক সকলে কয় । অৱশ্যে আমি সচৰাচৰ বিচৰা হ্রস্বম্যাদী ব্যৱসায়ৰ বাবে ই উপযুক্ত নহয় । এজোৰ ইমুৰ আৰম্ভনী দাম প্রায় ৫০ হাজাৰ টকা হলেও ইয়াৰ পৰা হ'বপৰা লাভ বহু বেছি যি প্রায় ২০ ৰ পৰা ২৫ বছৰৰ ভিতৰত ঘুৰি আহিব । ইমু চৰাইৰ বৄহত আকাৰৰ সেউজীয়া ৰঙৰ কণীটো সজোৱা সামগ্রী হিচাপে প্রায় ২০০০ টকাত বিক্রি হয় । তাৰোপৰি ইয়াৰ চৰ্বিৰ পৰা উলিওৱা তেল ৫ ৰ পৰা ৭ হাজাৰ টকা লৈকে দেশত বিক্রি হয় আৰু আন্তৰাষ্ট্রীয় বজাৰত ইয়াৰ মূল্য প্রায় ২০ ৰ পৰা ২৫ হাজাৰ টকা ! ইমু চৰাইৰ মাংস ১০০০ টকাৰ পৰা ৮০০০ টকালৈকে বিক্রি হয় চৰাইটোৰ আকাৰ অনুসৰি । অসমৰ জলবায়ু আৰু তাপমানৰ লগত খাপ খুৱাই ইমু চৰায়ে শীতকালত প্রতি ৩ দিনৰ মুৰে মুৰে কণী পাৰে ।

পানীৰ উৎস থকা ঠাই ইমু পুঁহিবৰ বাবে উৎকৄষ্ট আৰু এই ব্যৱসায় মুঠেও শ্রমিকপ্রধান (labour intensive) নহয় । ইমু চৰাই মুটামুটি কোনো বেমাৰৰ দ্বাৰৈ অক্রান্ত নোহোৱাটো এটা প্রধান সুবিধা ।

সমগ্র পূৰ্বাঞ্চলতে প্রথমবাৰৰ বাবে গুৱাহাটীৰ ছয়মাইলৰ ওচৰত ইমু ফাৰ্ম খোলে Live Stock Research and Trading Private Limited নামৰ ব্যক্তিগত ব্যৱসায়িক প্রতিস্থানটোৱে । এই ব্যৱসায়ৰ ধাৰণাটো ক্রমে আমাৰ ইয়াৰ থলুৱা লোক সকলৰ মাজত শিপাইছে যদিও ইয়াৰ ব্যপ্ততা খুবেই খীন । ইচ্ছুক যুৱব্যৱসায়ী সকল আগবাঢ়ি আহিলে ইয়াৰ দ্বাৰা লাভৱান হোৱাৰ পুৰামাত্রাই সম্ভাৱনা আছে ।

No comments:

Post a Comment