লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. বেছি ভাগ ব্লাড বেংকত নাই পেথ’লজিষ্ট, সেই বাতৰিয়ে মানুহক দু-চিন্তাত পেলোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰিলে বিশ্ব শৰ্মাই৷ বিশ্বদাই গধূলি নামঘৰত কোৱামতে, "অথিৰ ধন-জন, অথিৰ জীৱন, অথিৰ যৌৱন, অথিৰ এহি সংসাৰ" বুলি স্বয়ং গুৰুজনাই কৈ গৈছে, আৰু আমি সেই আদৰ্শক পালন কৰিব লাগে বুলি কৈছে৷ "পাৰ কৰা নাৰায়ণ" বুলি সংসাৰৰ এই মায়াজালৰ পৰা মুক্তি পাবলৈ প্ৰাৰ্থনা কৰিবলৈ কৈছে৷ 

ভকত সকলে অভিযোগ কৰামতে এই মায়াজালৰ পৰা মুক্তি পাবলৈকে সহজ হোৱা বাটটো বন্ধ কৰিবলৈ সাংবাদিক সন্থাই ষড়যন্ত্ৰ কৰিছে৷ সেয়ে এইডছ হৈ মায়াৰ সংসাৰ এৰিবলৈ লোৱাৰ বাটত এই পেথ’লজিষ্ট নামৰ প্ৰাণীবিধক আনি বহুৱাবলৈ খাটনি ধৰি পেপাৰত লিখা মেলা কৰিছে৷ 

কিন্তু অথিৰ এই সংসাৰ এৰি মায়াৰ বান্ধোনৰ পৰা মুক্তি পোৱাৰ পথ কণ্টকহীন কৰি ৰখা অসমৰ মাননীয় স্বাস্থ্যসেৱাক বিশ্ব শৰ্মাৰ নেতৃত্বত সমগ্ৰ ভকত সমাজে ভূৱসী প্ৰশংসা কৰিছে৷ আৰু সহজে যাতে স্বৰ্গাৰোহন কৰিব পাৰে তাকো নিশ্চিত কৰিবলৈ বিভিন্ন পদক্ষেপ গ্ৰহণৰ বাবে আহ্বান জনাইছে৷ ইয়াৰ বাটত যাতে সাংবাদিক সকলৰ কু-চক্ৰান্ত সফল হব নোৱাৰে তাৰ বাবে উচিত, তথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো দাবী জনায়৷

সেই দাবীৰ প্ৰতি চকু দি বিভাগে স্বৰ্গাৰোহনৰ টিকটো অচিৰেই এচএমএছ সেৱা যোগে উপলব্ধ কৰি ভকত-বৈষ্ণৱ সকলক উদ্ধাৰ কৰাত আগভাগ লব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ হৰি বিষ্টু!

২. পৌৰ নিগমৰ নিৰ্বাচন নিকা নাছিল বুলি দাবী কৰিলে বিজয়া বাইদেৱে৷ বাইদেৱে কোৱামতে ইমান লেতেৰা মহানগৰীত ইমান বোকা-পানীৰ বতৰত নিকা নিৰ্বাচন পতাটো একেবাৰেই অসম্ভৱ কথা৷ তাতে ৰাজনীতিৰ বোকা ছটিওৱা, গুণ্ডা বাহিনীৰ শিলগুটি দলিওৱা আদিয়ে পৌৰ নিগমৰ নিৰ্বাচনক একেবাৰে লেতেৰা কৰি তুলিছিল৷ লগতে শেষ ৰাতিৰ খেলত মদ, টকা আদি বিতৰণৰ গণতান্ত্ৰিক পৰম্পৰা ৰক্ষাইও ইয়াক লেতেৰা কৰাত উদগনি যোগাইছিল৷ আচলতে নিৰ্বাচনী ৰাজনীতিটোৱেই লেতেৰা বস্তু, ইয়াত ঘূলি লবলৈ ৰাজনীতি ভালপোৱা লেতেৰা মানুহবোৰেহে পাৰে, বাকী সমাজৰ নিকা, চাফা মানুহে তাত সোমাবলৈ যাবলৈ কেতিয়াও প্ৰস্তুত হবই নোৱাৰে৷ 

এই লেতেৰা পদ্ধতিৰ সতে দীৰ্ঘ দিনীয়া অভিজ্ঞতা থকা বাবেহে লেতেৰা বোকাতো ইমান কেইপাহ পদুম ফুল ফুলাবলৈ সক্ষম হোৱা বুলি বাইদেৱে গৌৰৱ কৰে৷ 

৩. বগাহাতীক পচলা খুৱাবলৈ অমান্তি হৈছে মালিক পক্ষৰ একাংশ৷ সেয়ে হাতী পালন কৰা পৰিষদৰ পৰা ধুম ধাম পদত্যাগ কৰাৰ ধুম উঠিছে৷ যদিও ই এটা সাময়িক কথাহে, তাকে লৈ মূল মাউত মহন্ত নামৰ ব্যক্তিজন একেবাৰেই উদ্বিগ্ন হৈ পৰা নাই বুলি খবৰত প্ৰকাশ৷ লাদন নিদিয়া হাতীক কিমান খুৱাই থাকিব বুলি পদত্যাগী সকলৰ সচেতকে প্ৰকাশ কৰিছে৷ 

এই হাতীটো মাউত সকলৰ দৰেই মদৰ জুতি লৈ লৈ অকমন্য আৰু অকাল বৃদ্ধ হৈ পৰা বুলি গোপন মন্তব্য প্ৰকাশ কৰিছে৷ ঠিকা-নাই ঠুকলি নাই, ক্ষমতা নাই, পাৱাৰৰ আশা নাই, তথাপি কিমান দিন ভাল দিন অহাৰ আশাৰ চাকি জ্বলাই ৰাখিব বুলি এই সকল যৌৱন ভটিওৱা মাউতে ক্ষোভ প্ৰকাশ কৰিছে৷

মাউত সকলৰ এনে দায়এৰা মনোভাৱৰ বাবেই হাতীৰ এনে দুৰৱস্থা হোৱাৰ লগতে, ইয়াক অতি সোনকালেই আইচিইউত ভৰাই শুশ্ৰুষা কৰিবলৈও বন্য-প্ৰাণী প্ৰেমী সকলে আহ্বান জনাইছে৷

৪. লেকমি ফেচন উইকত মেখেলা চাদৰ প্ৰদৰ্শিত হোৱাক লৈ গোটেই ৰাজ্য উল্লাসিত হৈ থকাৰ মাজতে ঠেকমনৰ অসমীয়া সংস্থাই তালৈ ডিজাইনাৰে অসমীয়া ব্লাউজ নিবলৈ পাহৰি যোৱা বুলি ইচ্যু লৈ হাংগামা কৰিবলৈ লোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ পাইছে৷ ঠেকমনৰ অসমীয়া সংস্থাক আধুনিকা ফেশ্বনেৱল মহিলা সংঘই সোঁৱৰাই দিয়ে যে, অসমীয়া নাৰীয়ে বুকুতো মেথনি মাৰিও থাকে, সেয়ে অসমীয়া সাজপাৰত ব্লাউজৰ প্ৰয়োজনীয়তা একেবাৰেই অপৰিহাৰ্য নহয়৷ এনেয়েও মেথনি শৈলীৰ পোচাক ইতিমধ্যেই ফেশ্বন জগতে আঁকোৱালি লৈছে, আৰু অসমীয়া নাৰীসকলেও তাক ৰাজহুৱা স্থানত পিন্ধি আধুনিক মনৰ হবলৈ আগবাঢ়ি অহাৰ প্ৰয়োজনীয়তা সময়ে দাবী কৰিছে বুলি মত প্ৰকাশ কৰিছে৷ 

মাত্ৰ হাত কটা ব্লাউজৰ দৰে অনা-অসমীয়া শৈলীৰ বস্ত্ৰ পৰিধান কৰি মডেল সকলক অসমীয়া সজোৱাতকৈ, মেথনি ষ্টাইলত দিয়া হ’লে বেছি খিলঞ্জীয়া তথা এথ’নিক, ট্ৰাইব ফিউজনৰ ৰূপ দিব পৰা গ’ল হেতেন বুলি আধুনিকা সংঘই মত প্ৰকাশ কৰিছে৷ তেতিয়া অসমীয়া নাৰী কিমান আগৰণুৱা সেই কথাইও ৰাষ্ট্ৰীয় মঞ্চ পালে হেতেন বুলি মত প্ৰকাশ কৰিছে৷ 

লগতে অসমীয়া নাৰীৰ আধুনিক পৰিচয়ৰ বাবে জিএছ ৰোডৰ বাৰ কেইখনত সন্ধিয়া আৰু মাজৰাতি বাণীবন্ধন কৰা ভিডিঅ’ এনে খিলঞ্জীয়া সাজপাৰ পৰিবেশনৰ আগতে দেখুওৱাটো ভাল আছিল বুলিও মত প্ৰকাশ কৰিছে ৷ অনাগত সময়ত ঠেকমনৰ অসমীয়া সন্থা আৰু বহল মনৰ আধুনিকা সংঘৰ মাজত আদৰ্শগত কাৰণত এনে সংঘাতে আকৰ্ষণীয় ৰূপ পোৱাৰ ব্যাপক আশংকা আছে৷

৫. পেপাৰৰ মালিক সকলে চীট-ফাণ্ডৰ কোম্পানীৰ মালিক সকলৰ সৈতে ভালকৈ দৰদাম কৰাৰ খবৰ আহিছে৷ এই ক্ষেত্ৰত ভুৱা বিত্তীয় কোম্পানী সমূহৰ পৰা বাতৰি পৰিবেশনৰ পৰা বিৰত থকাৰ বাবে বিশেষ পেকেজ গ্ৰহণ কৰাৰ বতৰা পোৱা গৈছে৷ তাৰোপৰি এনে কোম্পানীবোৰে অসম এৰিবৰ বাবেও সহায় কৰাৰ বাবে পেপাৰৰ বেপাৰ কৰা অসমীয়া উদ্যোগী সমূহ নিজেই আগবাঢ়ি অহাৰ শলাগনীয় উদ্যমৰ খবৰে অসমবাসীক উল্লাসিত কৰি তুলিছে৷ 

সেই আপাহাতে অসম এৰি যাবলৈ ওলোৱা ভুৱা বিত্তীয় কোম্পানীৰ টিভি চিনেল, ৰেডিঅ’ চেনেল, ৰিজৰ্ট, ভূ-সম্পত্তি আদি অতি কম দামতে অসমীয়া নতুন ধনীয়ে কিনি লবলৈ সুবিধা লাভ কৰিছে৷ এই সুবিধা গ্ৰহণ কৰি "বাতৰিৰ সময়ত অসম" নামৰ চেনেলটোৰ মালিকীস্বত্ব হস্তগত কৰাৰ বাবে অ’ডি-অন্ত  বৰুৱাক সকলোৱে অভিনন্দন জ্ঞাপন কৰিছে৷ 

এনে ভুৱা কোম্পানীৰ পৰা খোদ খিলঞ্জীয়া অসমীয়াই সকলো সম্পদ হস্তগত কৰি লবই লাগে, আৰু এই ক্ষেত্ৰত বৰুৱাদাই দেখুওৱা আদৰ্শ সকলোৱে গ্ৰহণ কৰক বুলি সচেতন শৰ্মাই সুখ দুখৰ ৰসাল প্ৰতিবেদকক জনাইছে৷ বাতৰি কাকতৰ মালিক নহ’লে এনেবোৰ সুবিধা লব নোৱাৰি বুলি গম পোৱাৰ পাছৰ পৰাই কণী, পাণ, মাছ আদিত মাথা ঘমাই থকা সকলেও দৈনিক আৰু সাপ্তাহিক বাতৰি কাকত খোলাৰ পৰিকল্পনা কৰা বুলি শৰ্মাই গোপন খবৰ ব্যক্ত কৰিছে ৷

No comments:

Post a Comment