লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(হাস্য ব্যংগৰে সত্যৰ সন্ধান)
১. কামাখ্যাধামৰ মোহত পৰিল অষ্ট্ৰেলিয়াৰ সাংবাদিক৷ তেখেতে ব্যক্ত কৰা মতে ধৰ্মৰ নামত ইমান মুকলিকৈ চৰচ-গাঞ্জাৰ প্ৰচলন আৰু মুক্ত সেৱনৰ ঠাই, এই পৃথিৱীত দ্বিতীয়খন নাই ৷ এইখন ধাম দেখি তেওঁৰ আমেৰিকাৰ লচ-ভেগাচ আদি মহান ঠাইলৈ মনত পৰিছে৷ আৰক্ষী প্ৰশাসনে চকুৰ আগতে নিচা সেৱন কৰা সকলকো ধুনীয়াকৈ  আলপৈচান ধৰাটো, আতিথ্য দিয়াটো বিশ্বতে বিৰল ঘটনাবুলি মত প্ৰকাশ কৰিছে আৰু অচিৰেই ইয়াৰ বিতং ৰিপৰ্ট  আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দি বিশ্ব সভাত অসমৰ নাম উজ্বলাই তুলিব বুলি মত প্ৰকাশ কৰে ৷

২. মঙলদৈৰ ব্লাড বেংকৰ ঘটনাৰ নিজা ববীয়া তদন্ত কৰিছে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে৷ সেই উদ্দেশ্যে প্ৰতিনিধি আহি অসমত ফাইভ ষ্টাৰ হোটেল নথকা কথাটো অতি অমানৱীয় কথা বুলি সংবাদ মাধ্যমক মত প্ৰকাশ কৰিলে আয়োগৰ প্ৰতিনিধিয়ে৷

মংগলদৈলৈ যাবলৈ লেণ্ড ক্ৰুইজাৰ বিচাৰিলে প্ৰতিনিধি দলে৷ পিছে স্থানীয় প্ৰশাসনে লোকেলি উপলদ্ধ ক্ৰুইজাৰ খনকে মাতি আনে ৷ ফলত  মহিন্দ্ৰা ক্ৰুইজাৰত বহাই দিয়াত অতি আশ্চৰ্য প্ৰকাশ কৰিবলৈ বাধ্য হয় ৰাষ্ট্ৰীয় প্ৰতিনিধি সকলে৷ এনে ক্ৰুইজাৰত পান জপাদি জাপি থেলা-হেঁচাতে মানৱ অধিকাৰ লংঘন কৰি থকাৰ কথাও প্ৰতিবেদনত লিখিব বুলি সঁকিয়াই দিয়ে ৷

৩. শ্ৰীসান্থক তিনি ঘণ্টা জেৰা কৰিলে পঞ্চতাৰকা হোটেলত৷ বিচিচিআই নামৰ দামী, বিলাসী সংগঠনটোৰ দুৰ্নীতি নিবাৰক শাখাৰ প্ৰতিনিধিয়ে স্পট ফিক্সিংৰ বাবে জেললৈ যোৱা খেলুৱৈক জেৰা কৰিবলৈ পঞ্চতাৰকা হোটেল মৌয্য শ্বেৰাটন হোটেলত শিবিৰ পাতি লয়৷ তাৰ পাছত বিলাসী গাড়ীত আহি জেৰাৰ সন্মুখীন হবলৈ আহি ওলায় শ্ৰীসান্থ৷ তিনিঘণ্টা এই দুৰ্নীতিনিবাৰক শাখাৰ মানুহৰ সংগদান কৰি শ্ৰীসান্থে অতিশয় স্বস্তি অৰ্জন কৰা বুলি নিজে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ বিচিচিআইয়ে যে অতি সোনকালেই তেওঁক ক্লীনচিট দিবই সেই কথাও সজোৰে কয়৷ লগতে তিহাৰ জেলতো মৌৰ্য শ্বেৰাটনৰ শাখা খুলিলে সঘনে জেল গমন কৰা ভিআইপি সকলক এইদৰে আৰামী জেৰা কৰাটো সম্ভৱ হব বুলি মত প্ৰকাশ কৰে৷ অভিযুক্তক জেৰাৰ ক্ষেত্ৰত বিচিচিআইৰ পৰা শিক্ষা লবলৈ তেওঁ চিবিআই, দিল্লী পুলিচ আৰু মুম্বাই পুলিচ কৰ্তৃপক্ষলৈ আহ্বান জনায়৷

৪. গুৱাহাটীৰ পৌৰ নিগমৰ নিৰ্বাচনত আঞ্চলিকতাবাদী হাতীটোক হোৱাট ৱাছ কৰি দিলে গুৱাহাটী বাসীয়ে৷ এতিয়া এই বগাহাতীৰ দ্বায়িত্ব লবলৈ মহন্ত নামৰ মাউত জনক ৰাইজে বিচাৰি থকাৰ খবৰ প্ৰকাশ৷ এই ঘটনাত শাসকীয় দলৰ সচেতকে অতিশয় দুখ প্ৰকাশ কৰে৷ তেওঁলোকে কয় যে, বিজেপিক কংগ্ৰেছৰ সতে সমুখ সমৰলৈ অহাৰ পৰা বাৰণ কৰিবলৈকে এই বগাহাতীটোক জীয়াই ৰখাৰ প্ৰয়োজন আছে৷ বগাহাতী পাৰ্টিয়ে ভোট বিভাজন কৰি থাকিলেহে নিম্নতম ভোটৰ সংখ্যাত হাতোৰা পাৰ্টিয়ে বিজয় সাব্যস্ত কৰি থাকিব পাৰিব আৰু প্ৰগতিৰ আকৰ স্বৰূপ গেলা-পঁচা-আৰ্ৱজনাৰে ভৰা মহানগৰী ৰাইজক উপহাৰ দিব পাৰিব৷
মাউতে পলায়ন কৰিলেও হাতোৰা পাৰ্টিয়েই সদ্যহতে কলগছ আদি দি বগাহাতীটোক শুশ্ৰষা কৰি থকাৰ বাতৰি পোৱা গৈছে৷ হাতোৰা পাৰ্টিৰ এনে অতি মানৱীয় কামত সচেতন মহ’লে ব্যক্ত কৰিলে সন্তোষ৷

৫. গ্ৰীষ্মকালীন চুটিৰ বতৰত চৌ-দিশে আৰম্ভ হৈছে সাংস্কৃতিক কৰ্মশালা৷ সেয়ে সদৌ অসম বিডিঅ’ সন্থাৰ উদ্যোগতো এক গ্ৰীষ্মকালীন কৰ্মশালাৰ আয়োজন কৰা হৈছে৷ তাত খণ্ড উন্নয়ন বিষয়া সকলক উপাৰ্জনৰ সৈতে সংগতিহীন সম্পত্তিক কেনেকৈ আইনগত ভাৱে লুকুৱাব লাগে, সেই সন্দৰ্ভে বিশেষ প্ৰশিক্ষণ দিব চাৰ্টাড একাউটেণ্ট সন্থাই৷ এই বিষয়ে সজাগতা নোহোৱা বাবেই বিডিঅ’ সকলে সম্পত্তিৰ হিচাব দিব নোৱাৰিছে আৰু সঘনে সংবাদ মাধ্যমৰ শিৰোনামা পাই, মানুহৰ চকুত পৰিছে আৰু সেয়া শুভ লক্ষণ নহয় বুলি অনুভৱ কৰি, বিডিঅ’ সন্থাই এনে প্ৰশংসনীয় কৰ্মশালাৰ আয়োজন কৰিছে ৷ তাৰ বাবে ৰিজৰ্টত ম.মা.মা সকলো ধৰণৰ যা-যোগাৰেৰে সুন্দৰ ব্যৱস্থাপনা কৰা বুলি উদ্যোক্তাই জনাইছে৷ এনে কৰ্মশালাই ব্যক্তিগত সম্পত্তি আহৰণ খণ্ডটো খণ্ড উন্নয়ন বিষয়া সকলে এক উচ্চ স্তৰৰ কৰ্ম সংস্কৃতিৰ পৰিচয় দিব পাৰিব বুলি ম দৃঢ়তাও প্ৰকাশ কৰিছে ৷

No comments:

Post a Comment