যি কথা নহয় সঁচাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচাঃ

যি কথা নহয় সঁচাঃ

Share This
(ভাল লগা গুজৱেৰে সপোনৰ বাতৰিৰ সন্ধান)

১. গিএনআৰচিয়ে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰদান কৰিলে ৭কোটি টকাৰ অত্যাধুনিক সা-সৰঞ্জাম ৷ উন্নত চিকিৎসা সেৱা সমাজৰ সকলো শ্ৰেণীৰ মানুহৰ বাবে উপলদ্ধ কৰাৰ ক্ষেত্ৰত গিএনআৰচিৰ এনে চমকলগা পদক্ষেপৰ ভুয়সী প্ৰশংসা কৰিলে সচেতন মহলে ৷ মেডিকেল কলেজত গিএনআৰচিৰ বিশেষজ্ঞয়ো দিব দুখীয়া ৰোগীলৈ বিনামূলীয়া সেৱা, সপ্তাহত দুদিনকৈ৷ 

ৰোগীক লৈ ব্যৱসায় নহয়, চিকিৎসা এক সেৱাহে তাক উপলদ্ধি কৰি এই মহৎ পদক্ষেপ ঘোষণা কৰি ডাঃ বৰাই কয় যে, সকলো মেডিশ্বপটো চাৰি ভাগৰ এভাগ দৰৱ বিনামূলীয়াকৈ সমাজৰ দুখীয়া শ্ৰেণীৰ বাবে বিনামূলীয়াকৈ দিয়াৰ ব্যৱস্থা কৰা হব ৷ চিকিৎসা সেৱাত পইচাই সৰ্বস্ব নহয় বুলি ডাঃ বৰাৰ এনে ঘোষণাত সদৌ অসম নাৰ্চিংহোম ব্যৱসায়ী সংস্থাই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বুলি গোপন সূত্ৰত প্ৰকাশ ৷

সংবাদ মেলতে উপস্থিত থাকি, সমাজৰ বেছি ভাগ মানুহৰ স্নায়ু আৰু মগজু ঠিক থাকিলেহে সমাজ এখন ঠিক থাকিব বুলি প্ৰকাশ কৰি অসমৰ চুপাৰ বুদ্ধিজীৱি হি-মেন বৰগোহাঞি ডাঙৰীয়াই ডাঃ বৰাৰ মহানুভৱতাৰ কথা শলাগ লয়৷ লগতে স্বাস্থ্য সম্পৰ্কীয় বাতৰ্লোচনী খনো সকলো বিদ্যালয়লৈ বিনামূলীয়াকৈ প্ৰদান কৰা হব, আৰু ই ছাত্ৰ-ছাত্ৰী-অভিভাৱক, শিক্ষকৰ স্বাস্থ্য সচেতনতা বৃদ্ধি কৰিব আৰু ইয়াৰ প্ৰভাৱ সমাজত সুদূৰ প্ৰসাৰী হবই বুলি বৰগোহাঞি ডাঙৰীয়াই দৃঢ়মত প্ৰকাশ কৰে ৷

২. মোহ-অন্ত পৰিছে মোহন্তৰ, লব সন্যাসঃ অসমীয়া আঞ্চলিকতাবাদী ৰাইজৰ আশা-আকাংক্ষাক সম্পূৰ্ণ সন্মান জনাই, ৰাজনীতিৰ মোহৰ পৰা মোহন্তদেৱে স্বেচ্ছামূলক অৱসৰ লব বুলি আজি ঘোষণা কৰে৷ তেখেতৰ এই আচম্বিত ঘোষণাই আঞ্চলিকতাবাদক ভাল পোৱা অসমীয়া সকলক এক প্ৰকাৰ হচকিত কৰি তুলিছে৷ কালিলৈকে বাতৰি কাকতৰ শিৰোনামাত স্থান পোৱা মোহন্তৰ দম্ভালি কমা নাই জাতীয় বাতৰিৰ এই সিদ্ধান্তই জোকৰ মুখত চূণ দিয়া বুলি বিবেচিত হৈছে ৷

আজিৰ সংবাদমেলত সম্বোধন কৰি মোহ-অন্ত পৰা ঘোষণা কৰি ডাঙৰীয়াই কয় যে ব্ৰহ্মচৰ্যৰ সময়ৰ পৰাই গাহস্থ্য জীৱনলৈকে অসমীয়া ৰাইজে যি অশেষ অফুৰন্ত মৰম চেনেহৰে তেখেতক উপচাই দিলে, সেয়া তেখেতে কেতিয়াও পাহৰিব নোৱাৰে৷ গাহস্থ্যৰ লগতে আনৰ গৃহস্থীৰো দ্বায়িত্ব লোৱাৰ দৰে অতি বিতৰ্কিত কামৰ পাছতো অসমীয়া ৰাইজে তেখেতক মৰম চেনেহৰ পৰা বঞ্চিত নকৰিলে৷ সেয়ে এতিয়া চুগাৰে পালে, যৌৱন ভটিয়ালে, এতিয়া আগৰ শকতিও নাই, ৰাইজৰো ভকতিও নাই৷ 

সেয়ে ৰাজনৈতিক সন্যাস গ্ৰহণেৰে এক নতুন অভিলেখ ৰচনা কৰিবলৈ তেখেতে সিদ্ধান্ত লৈছে ৷ অতি কম বয়সতে ৰাজ্যৰ মুইখমনতিৰি হৈ কৰা ৰেকৰ্ডৰ পাছত একেবাৰে কম হয়সতে ৰাজনৈতিক মোহ-অন্ত পেলোৱা আৰু সন্যাস ধৰ্ম পালন কৰিবলৈ স্বেচ্ছাই অৱসৰ লোৱা কনিষ্ঠতম ভাৰতীয় ৰাজনীতিবিদ ৰূপে তেখেতৰ নাম সোণালী আখৰেৰে অসমৰ ইতিহাসত লিখা থাকিব৷ আদবানি চাৰকো মোহ-অন্ত কাণ্ডৰ পৰা কিবা শিকিবলৈ ৰাষ্ট্ৰীয় দল সমূহে টুইটাৰ যোগে আহ্বান জনোৱা বুলিও জানিব পৰা গৈছে ৷

৩. সেউজ বিপ্লৱৰ সপোনেৰে এইবাৰ সোন-গুটিৰ অসমঃ
 মোহ-অন্ত পেলাই মোহন্ত চাহাবে বিদায় লোৱাৰ পাছৰ পৰাই আঞ্চলিকতাবাদী শিবিৰত পুনৰ ব্যাপক উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা গৈছে ৷ নতুন ৰূপ দিবলৈ বুলি সকলোৱে দাড়ি চুলি খুৰাই নিমজ হবলৈ বুলি চেষ্টা কৰা বাবে আমবাৰীত থকা সকলো চেলুনৰ ব্যৱসায় ৰমক-জমক হৈ পৰা বুলি জানিব পৰা গৈছে ৷ পিছে মোহন্ত দেৱৰ একান্ত ভক্ত সকলে তেখেতৰ লগতে সন্যাস লব বুলি ঘোষণা কৰিছে ৷ ৰাজীনিতয়েই দেশ বা ৰাইজক সেৱা কৰাৰ একমাত্ৰ পথ হব নোৱাৰে বুলি মোহন্ত ভক্ত উৎকল দত্তই প্ৰকাশ কৰে৷ 

এইবাৰ ভকতিৰ মাজৰে অসমীয়া ৰাইজলৈ ভকতি আনিব বুলি এক ভক্তিশালী দৃঢ়তা প্ৰকাশ কৰে৷ গুৰুজনাৰ আদৰ্শেৰে মোহময় নামধৰ্ম প্ৰতিষ্ঠা কৰিবলৈ ডাঙৰীয়াই মনমেলা বুলিও ব্যক্ত কৰে৷ বট’দ্ৰৱাতে ১০০একৰৰ বৃহৎ মোহময় নামধৰ্মৰ আশ্ৰম প্ৰতিষ্ঠা কৰিবলৈ লোৱা হৈছে৷ তাতে গোপীনি কীৰ্তন, পৰস্ত্ৰী হৰণ ভাওনা আদিৰ পাতনি মেলা হব৷ সকলো মায়া-মোহৰ ভক্তপ্ৰাণ ৰাইজক দলে বলে ডাঙৰীয়াৰ আশ্ৰমত শৰণ লবলৈ অনুৰোধ জনোৱা হ’ল৷ এনে আদৰ্শৰ যোগেদি সময়ৰ কাম সময়ত কৰি, সন্যাস তথা ভকতি আন্দোলনৰ যোগে মোহন্ত দেৱে বাকী থকা দশক কেইটিতে শ্ৰীশ্ৰী উপাধি লভিবলৈ সক্ষম হব বুলি সচেতন ৰাইজে আশা প্ৰকাশ কৰিছে ৷ সংস্কৃতি আৰু ভকতিৰ ৰসেৰে অসমত এক নতুন আন্দোলনৰ নেতা হৈ অসমীয়াক ন-ৰূপেৰে নেতৃত্ব দিবলৈ ওলোৱা মোহন্ত দেৱলৈ অসমীয়াৰ সুখ দুখৰ পাঠক সকলেও শুভেচ্ছা জ্ঞাপন কৰিছে৷

আঞ্চলিকতাবাদী দলৰ মঞ্চ খালী কৰি দিয়াৰ পাছত নৱ-গঠিত চিকুণ নেতা সকলে দলৰ চিহ্নৰ পৰা বিশালাকাৰ প্ৰতীক আঁতৰাই, অতিকৈ কামৰ "গৰু"ক নতুন প্ৰতীক ৰূপে ঘোষণা কৰিছে, আৰু "বগা হাতী"ৰ পালি সোনৰ অসমৰ সপোন দেখাতকৈ "গৰু"ৰ পাছত ঘূৰি সেউজ অসমকে গঢ় দিব বুলি প্ৰতিজ্ঞা গ্ৰহণ কৰিছে৷ লগতে অনাগত নিৰ্বাচনত এই শক্তি জয়লাভ কৰিলে, আধা-বাটতে সন্যাস লোৱা ৰাজনৈতিক সৈনিক সকলৰ বাবে "চৰ্ট-টাৰ্ম চাৰ্ভিছ"ৰ প্ৰেৰণাৰে "জীৱন-জোৰা অকাল বৃদ্ধ পেঞ্চন" দিবলৈ বয্ৱস্থা কৰিব বুলি ইস্তাহাৰত অন্তভু্ক্ত কৰাৰ কথা চিন্তা কৰিছে৷  জয়তু আঞ্চলিকতাবাদী, ও হৰি, ও ৰাম... এতিয়া মাহ প্ৰসাদ খাব পাৰে......!!!!!
---------------------------------------------------
বিশেষ দ্ৰষ্টব্যঃ প্ৰকৃততে ONGC য়ে অসম চিকিৎসা মহাবিদ্যালয়লৈ দান কৰিলে ৭কোটি টকা ৷ চকুৰে পিং-পিং দেখি গিএনআৰচি পঢ়াৰ ফলতে গুজৱটোৰ জন্ম ৷
শেহতীয়া যি কথা নহয় সঁচা লেখা পঢ়িবলৈ ইয়াতে ক্লিক কৰক

No comments:

Post a Comment