যি কথা নহয় সঁচা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

যি কথা নহয় সঁচা

যি কথা নহয় সঁচা

Share This
(হাস্য বংগৰে সত্যৰ সন্ধান)
হেড মাষ্টৰলৈ স্মাৰ্ট ফোন বিতৰণ কৰিব শিক্ষা বিভাগে

শিক্ষা মন্ত্ৰীৰ টুইটাৰ আৰু ফেচবুক যোগে সঘন ঘোষণা আৰু শিক্ষা সম্পৰ্কীয় বা-বাতৰিৰ আপডেট লব পৰাকৈ ব্যৱস্থা কৰি দিব শিক্ষা বিভাগে৷ সেই উদ্দেশ্যে ব্যক্তিগত মোবাইল কোম্পানীৰ সতে দৰ দাম চলাই থকা বুলি নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ ৷ অচিৰেই অংক মিলিলে হেড মাষ্টৰ সকল আৰু প্ৰিন্সিপাল সকলৰ হাতে হাতে দেখিবলৈ পাব স্মাৰ্ট ফোন৷ 
স্মাৰ্ট ফোনৰ জৰিয়তে গোটেই শিক্ষাৰ প্ৰশাসনিক ব্যৱস্থাটোলৈ বৈপ্লৱিক পৰিবৰ্তন আনিবলৈ সক্ষম হব বুলি দাবী কৰি শিক্ষা বিভাগৰ অক্লান্ত কৰ্মী বিশ্ব শৰ্মাই জানিবলৈ দিয়ে যে, ইয়াৰ দ্বাৰা ক’ত ক’ত বিল্ডিং নিৰ্মাণ হৈ আছে, কাম কাজ ঠিক মতে হৈছেনে নাই, শিক্ষক আহিছেনে নাই, শিক্ষকে পঢ়াইছেনে নাই, দুপৰীয়া আহাৰ ৰান্ধিছেনে নাই, চৰুৰ তলত জুই ঠিক মতে জ্বলিছেনে নাই, সকলো থ্ৰী-জিৰ ভিডিঅ’ কলিং যোগে খোদ মন্ত্ৰীয়ে আচম্বিতে ভ্ৰাম্যভাষেৰে পৰিদৰ্শন কৰিব ৷ এইয়া প্ৰজাৰ সুখ দুখৰ খবৰ লবৰ বাবে ভেশ ধৰি ফুৰা ৰজা বিক্ৰমাদিত্যৰ এক আধুনিক ৰূপ স্বৰূপ হব বুলি শৰ্মাই জানিবলৈ দিয়ে ৷

স্মাৰ্ট ফোনৰ জড়িয়তে কোন কলেজত কোন প্ৰফেচাৰে স্মাৰ্ট কাৰ্ড পাঞ্চিং কৰিও মাজতে স্কুলৰ পৰা ল’ৰা আনিবলৈ গৈছে, পাৰ্টি অফিচলৈ গৈছে, খুলশালীৰ নামত কৰা ঠিকাৰ বিল উলিয়াবলৈ ওলাই গৈছে সকলো পৰ্যবেক্ষন কৰা হব বুলি জনাইছে৷ প্ৰফেচাৰ সন্থাই এনে স্মাৰ্ট ফোনৰ ব্যৱস্থা কৰিবলৈ লোৱা কথাটোক ভূতৰ ওপৰত দানৱ পৰাৰ দৰে অনুভৱ কৰাৰ লগতে প্ৰফেচাৰ সকলক পলৰীয়া নেকি, এইদৰে চেক কৰিবলৈ বুলি তীব্ৰ প্ৰতিবাদ জনাইছে৷ পাঞ্চিং মেচিনৰ ভূতে খেদি তাৰ পৰা সাত সাৰিবৰ বাবে বুদ্ধি উলিয়াই লওঁতেই এতিয়া স্মাৰ্ট ফোন, থ্ৰী-জি কলিংৰ মাধ্যমেৰে ভিডিঅ’ৰে মন্ত্ৰীৰ ভাম্যভাষ পৰিদৰ্শনৰ ব্যৱস্থাক এক প্ৰফেচাৰ সমাজৰ বিৰুদ্ধে এক ষড়যন্ত্ৰমূলক, অপমানজনক পদক্ষেপ বুলিও সন্থাই গৰিহনা দিছে ৷

ছাত্ৰ সন্থাৰ তৰফৰ পৰা এই পদক্ষেপত মন্ত্ৰীৰ কমিচনৰ অংক জড়িত থকা বুলি আঙুলিয়াই দিছে আৰু এই ক্ৰয় প্ৰক্ৰিয়া স্বচ্ছ কৰিবৰ বাবে দাবী জনাইছে ৷ স্মাৰ্ট ফোন দিলেই জানো শিক্ষাৰ কিবা উন্নতি হব বুলিও প্ৰশ্ন তুলিছে ৷ এই স্মাৰ্ট ফোনৰ জড়িয়তে হব লগা পৰ্যবেক্ষণ মাত্ৰ প্ৰফেচাৰ আৰু বিল্ডিং বনোৱা ঠিকাৰ কামৰ মাজতে আৱদ্ধ ৰাখিবলৈকো ছাত্ৰ সন্থাই সঁকিয়াই দিয়ে৷ ছাত্ৰ ছাত্ৰীক সমদল, প্ৰতিবাদলৈ বুলি ক্লাছৰ পৰা উলিয়াই নিয়াক এই ব্যৱস্থাৰে বাধা প্ৰদান কৰিলে এক বৃহৎ গণতান্ত্ৰিক আন্দোলনেৰে প্ৰতিৰোধ গঢ়ি তোলা হব বুলি ভাবুকি প্ৰদান কৰে ৷

স্মাৰ্ট ফোন পাব বুলি গম পাই হেড মাষ্টৰ আৰু প্ৰিন্সিপাল সকলৰ গাত তৰণি নাইকিয়া হোৱাৰ খবৰ৷ স্মাৰ্ট ফোন দিলেই জানো বুঢ়া শিক্ষক সকল হঠাত তথ্য প্ৰযুক্তিৰ সৈতে স্মাৰ্ট হব পাৰিব বুলি তেওঁলোকে প্ৰশ্ন তোলে৷ লগতে এনে ফোন দিলেই নহব, লগতে এমহীয়া প্ৰশিক্ষণৰ ব্যৱ্স্থা কৰিবও লাগিব বুলি দাবী কৰে ৷ এমাহতেও যে শিকিব পাৰিব তাৰ গেৰাণ্টি দিব নোৱাৰিব বুলিও প্ৰধান শিক্ষক সংস্থাই জনাইছে৷ এইয়া বুঢ়া বাঁহ পোনোৱাৰ এক অপচেষ্টাৰ বাহিৰে একো নহয় বুলিও অভিহিত কৰিছে৷ 
শ্ৰীমতী ও পো-জী সন্থায়ো প্ৰথমে সেইটো বুঢ়াৰ পৰা হস্তগত কৰিব পাৰিব বুলি আদৰণি জনাইছিল যদিও, সেইটোত খোদ মন্ত্ৰীৰ ফোন আহিব আৰু কিবা হ’লেই ব্যৱস্থা লব বুলি কোৱাত জকজকাই আহিছে আৰু বুঢ়া বয়সত মানুহৰ ডিঙিত এনে গলগ্ৰহ আঁৰি দিব নাপায় বুলি অভিহিত কৰিছে৷ আৰু দিলেও বুঢ়া বয়সত যাতে এনে গলগ্ৰহে চাকৰিত খেলিমেলি লগায় পেঞ্চনত লেঠা লগাব নোৱাৰে, তাৰ বাবে জীয়ৰী সন্থাই স্মাৰ্ট ফোন ভঙা কাৰ্যসূচী লোৱাৰো ভাবুকি দিয়ে ৷


ভিন্ন জনৰ এনে মতামতৰ মাজতো বিশ্ব শৰ্মাই জনোৱা মতে এনে গিমিকৰ যোগেদি শিক্ষামন্ত্ৰীয়ে সদায়েই চৰ্চাত থাকিবলৈ বিচাৰে বুলি মনৰ কথা ব্যক্ত কৰে আৰু এনে অন্যান্য ধেমেলীয়া গিমিকৰ বাবে সাজু হৈ থাকিবলৈ শিক্ষাৰ লগত জড়িত সকলোলৈ আহ্বান জনায় ৷

শেহতীয়া যি কথা নহয় সঁচাৰ পঢ়িবলৈ ইয়াতে ক্লিক কৰক ৷

No comments:

Post a Comment