ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
বন্ধুত্ব বিশেষ ৰসাল হিতোপদেশ...

১. বন্ধুৱে যদি আপোনাক মনত ৰখাটো বিচাৰিছে, তেন্তে তেওঁৰ পৰা পাৰ্যমানে টকা ধাৰলৈ লওঁক৷ চাব আপোনাক তেওঁ সদায়েই মনত ৰাখিছে৷


২. লগৰ ল’ৰাই আপোনাক কি দৃষ্টিৰে চাই সেই কথা জানিবলৈ হ’লে আপুনি তেওঁৰ চকুৰ আগতে ভনীয়েকৰ সৈতে মিতিৰালি কৰিবলৈ লওঁক৷ যদি বন্ধুৱে আপোনাক বাধা দিয়া নাই, তেন্তে বুজি লব যে, বন্ধুৰ দৃষ্টিত আপুনি এজন ভাল ল’ৰা ৷

৩. শত্ৰু সকলৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰাখক, কিন্তু নিজৰ বন্দুকটো তেল টেঙা দি ৰেডি কৰি ৰাখিবলৈ নাপাহৰিব ৷

৪. বন্ধু সকল আপোনাৰ ৰুমলৈকে আহি নিয়মিত  পাৰ্টি কৰে, তেন্তে এটা ডনেচন বক্স দুৱাৰৰ কাষত ৰাখক ৷ তাত "কিডনী পুঁজি" বুলি লিখি ৰাখিবলৈ নাপাহৰিব ৷

৫. বন্ধু সকলৰ সৈতে নিয়মিত ফোন কৰি খা-খবৰ লৈ থাকিব, হঠাত এদিন ফোন কৰি সহায় বিচাৰিলে আপোনাক নহ’লে কোনোৱেও সহায় নকৰিব ৷

৬. বন্ধুৰ জন্মদিন পাহৰিলেও, বন্ধু পত্নীৰটো নাপাহৰিব, পুৱাই ফোন কৰি শুভেচ্ছা জনাব, ইয়েই এবছৰৰ বাবে বন্ধুৰ ঘৰলৈ আপোনাৰ সুচল আগমনক নিশ্চিতি প্ৰদান কৰিব ৷

৭.  ৰাজনীতিত নামিছে যদি সকলোকে বন্ধু বুলিব লাগিব, কিন্তু মনত ৰাখিব, সেইখন পথাৰত কোনো কাৰো স্থায়ী বন্ধু নহয়৷

৮. বন্ধুৰ আগত যিমান পাৰে নিজৰ দুখৰ কাহিনী শুনাওক, বহুত বন্ধুৱে আপুনি দুখত থকা বুলি শুনিয়েই সুখী হয়৷ আৰু বন্ধুক সুখী কৰাটো আপোনাৰ এক কৰ্তব্যও ৷

৯. বন্ধুৰ যিকোনো বস্তুকে নিজৰ কৰি লওক, আনৰ সম্পদক নিজৰ বুলি সামৰি লব পৰাটো বৰ ডাঙৰ গুণ৷ সেই বুলি বন্ধুপত্নীৰ দ্বায়িত্ব লবলৈ নাযাব, মনত ৰাখিব, সেয়া এচেট নহয় লাইবিলিটিহে!

১০. বন্ধুক সৎ পৰামৰ্শ দি সম্পৰ্ক বেয়া নকৰিব, তেওঁ অধঃপতিত হৈছে যদি হবলৈ দিয়ক, এসময়ত নিজেই ঠেকা খাই শিকিব, আপুনি মাত্ৰ অপেক্ষা কৰক৷ 

1 comment: