লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
(সামাজিক ব্যংগৰে সপোনৰ বাতৰিৰ সন্ধান)

১. বিধায়ক সুশ-আন্তই কিনি খালে লিচু ৷ ৰাজনৈতিক নেতা সত্বেও কাঢ়ি নাখাই, কিনি খোৱা বাবেই সংবাদ পত্ৰত ফটোসহ শিৰোনামা পালে বিধায়কজনে ৷ লিচু এটাও এনেয়ে নোখোৱা উজনিৰ বিধায়ক জনক আদৰ্শ ৰূপে গ্ৰহণ কৰিবলৈ মধ্য আৰু নামনিৰ যুৱ বিধায়ক সকললৈ আহ্বান জনালে গগৈ চাৰে ৷ তেখেতক বিধায়ক সকলৰ সন্মান ৰাইজৰ আগত উচ্চ কৰাৰ বাবে বিধান সভাত বিশেষ "লিচু-ৰত্ন" সন্মান প্ৰদানৰ আয়োজনৰ বাবে দিলে ৰসাল নিৰ্দেশনা ৷

২. খৰতকীয়াকৈ ধোদৰ আলি নিৰ্মাণ কৰি আলিটোৰ নাম বদনাম কৰাকলৈ যুৱ ছাত্ৰই কৰিলে প্ৰতিবাদ৷ ঐতিহ্যৰ প্ৰতি কান নকৰা ঠিকাদাৰাক এনে ঠিকা পুনৰ নিদিবৰ বাবে দিলে সকিয়নি ৷
৩. হাইকামাণ্ডে নিবিচাৰিলেও সলাই দিব পাৰো মন্ত্ৰীসভা, ৰাজ্যত সিদ্ধান্ত লোৱাৰ অধিকাৰ মাথো মুখ্যমন্ত্ৰীৰ বুলি দোহাৰিলে গগৈ চাৰে৷ জুদো প্ৰশিক্ষণৰ সময়ত তালিম দি ক’লে, ছবিত দেখুওৱাৰ দৰেই লেং মাৰি বগৰাব লাগিব প্ৰতিদ্বন্দীক ৷ লক্ষ্মণ ৰেখাত ভৰি দিবলৈ ধৰোতেও মাৰিব লাগিব কিক, টাইমিং পাৰফেক্ট হোৱাতো অতি দৰকাৰী বুলি বুজালে প্ৰশিক্ষাৰ্থীক ৷

৫. নগাৰ সতে সংঘৰ্ষ লগাতকৈ তেনেকুৱা বিতৰ্কিত অঞ্চল অসমে এৰি দিব লাগে বুলি দৃঢ়তাৰে ক’লে সীমান্ত উন্নয়ন মন্ত্ৰীয়ে৷ নগাই যি লাগে লৈ যাওক, আমি কাজিয়া নকৰো, আমি গান্ধীৰ পথেৰে চলিম, ১০হেক্টৰ বিচাৰিলে দুয়ো ফালৰ ১০হেক্টৰকৈ এৰি দিম বুলি মত ব্যক্ত কৰিলে তেখেতে৷ অহা গান্ধী জয়ন্তীতে নাগিনীজানত পাৰ উৰুৱাই শান্তি চুক্তি স্বাক্ষৰ কৰিব বুলিও কৰিলে ঘোষণা ৷ তেতিয়ালৈ সীমান্তত অশান্তি কৰিলে সীমান্তবাসী অসমীয়াই নিজেই জগৰীয়া হব বুলি সকিয়াই দিলে ৷ মন্ত্ৰীৰ এনে শান্তিৰ পক্ষত সৱল স্থিতিক বাহ বাহ দিলে নগা আগ্ৰাসী যুৱ সংঘই ৷
(শেহতীয়া অন্য গুজৱৰ বাবে ইয়াত ক্লিক কৰক)

No comments:

Post a Comment