ৰসাল হিতোপদেশ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰসাল হিতোপদেশ

ৰসাল হিতোপদেশ

Share This
প্ৰেম আৰু বিবাহ বিশেষ
১. ঋতু আহে ঋতু যায়, সেয়ে প্ৰেমত স্থায়ীত্ব বিচাৰিলে ঋতু নামৰ ছোৱালী ভাল পাব নালাগে৷

২. ডলাৰ বগৰী খাবলৈ হেপাঁহ কৰি লাভ নাই, এক ডলাৰৰ দামেই এতিয়া ষাঠি টকা৷

৩. চুৰিদাৰৰ মূ্ল্যবৃ্দ্ধিয়ে খুলশালী থকা ভিনিয়েকসকল বিপৰ্যস্ত নকৰা হ’ল, কাৰণ এতিয়া ব্ৰেণ্ডেড জিঞ্চৰ তলত উপহাৰেই নচলে!

৪. উপহাৰ আপুনি য’ৰ পৰাই নিকিনক, ভৰাই উপহাৰ দিবলৈ সদায় দামী মল বা বেণ্ড্ৰৰ পলিথিন ব্যৱহাৰ কৰক ৷

৫. থলুৱা ছোৱালী বিয়া পতাত গুৰুত্ব দিয়ক, মনত ৰাখিব চালানীতকৈ খাটি থলুৱাবোৰ আজিকালি বেছি বহুমূলীয়া ৷

৬. বিয়াৰ আগতে ছোৱালীৰ কুণ্ডলী চোৱাতকৈ দেউতাকৰ মাটি-বাৰীৰ দলিল পত্ৰ পট্টা চাওক, মনত ৰাখিব আইনে কৈছে সম্পত্তিৰ ক্ষেত্ৰত ছোৱালীৰো সমান অধিকাৰ, আৰু আপোনাৰ জীৱন সংগীৰ অধিকাৰ সাব্যস্ত কৰাটো আৰু খৰ্ব হবলৈ নিদিয়াটো আপোনাৰ প্ৰথম কৰ্তব্য ৷

৭. বিয়াত বিচনা পত্ৰ, আলনা লৈ চিকা মাৰি হাত নোগোন্ধোৱাব, মাটিৰ দলিল পত্ৰৰ দৰে পাতল উপহাৰত গুৰুত্ব দিয়ক৷ মনত ৰাখিব, আজিৰ তাৰিখত ৰিয়েল ইষ্টেতেই বাস্তৱত বহুমূলীয়া সম্পদ আৰু ই শ্ৰীমতীৰ দৰেই  বয়স বাগৰাৰ লগে গলেই বহুমূলীয়া হৈ গৈ থাকিব ৷

৮. বিয়া পাতি লাখ টকা খৰছ কৰাতকৈ পলুৱাই অনাই ভাল, মাত্ৰ শহুৰৰ ঘৰত গৈ ঘৰ উঠাৰ "বিশাল উদযাপন"টোৰ সুযোগ এৰি নিদিব ৷

৯. চালৰ ৰঙতকৈ ব্যৱহাৰৰ ৰঙত গুৰুত্ব দিয়ক ৷ মনত ৰাখিব, চালৰ ৰং সলনি নহয়, কিন্তু পৰিস্থিতি সাপেক্ষে সলনি হোৱা ব্যৱহাৰৰ সন্মুখীনেই আপুনি প্ৰতিদিনে হব লাগিব ৷ বগী জ্বালামুখীতকৈ কলি চন্দ্ৰমুখীক আদৰি লওক, শান্তিত থাকিব ৷

১০. আপুনি জাতত উচ্চ, তেন্তে চৰকাৰী স্বীকৃত জনজাতি বা অনুসূচিত জনজাতি জোঁৱাই পোৱাত অগ্ৰাধিকাৰ দিয়ক, আৰু আদৰি লওক৷ ই আপোনাক সমাজত বহল মনৰ শহুৰ বুলি এক প্ৰতিস্থা দিব আৰু নাতি-পুতিয়ে ভৱিষ্যতে যুগ যুগলৈ "সংৰক্ষণ"ৰ সুবিধা পাবৰ বাবে যোগ্যতা অৰ্জন কৰিব৷
----------------------------------------------------------------------------------------
****৬,৭,৮ নং হিতোপদেশ কেইটা দক্ষিণ ভাৰতত খুৱেই জনপ্ৰিয়, সেয়ে খাটি অসমীয়া ডেকা সকলৰ বাবে শ্বেয়াৰ কৰা হ’ল ৷
জনপ্ৰিয় ৰসাল হিতোপদেশৰ বাবে তলৰ শিৰোনামা সমূহ ক্লিক কৰক





No comments:

Post a Comment