পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. ৰাজ্যজুৰি কলাগুৰুৰ বন্দনাৰে পালিত হ’ল ৰাভা দিৱসঃ তেজপুৰতো ছাত্ৰ সন্থা, সাহিত্য সভা, জ্যোতি ভাৰতী, বান থিয়েটাৰৰ সমন্বয় ক্ষেত্ৰত শ্ৰদ্ধাঞ্জলি ৷

২. সাংস্কৃতিক সঞ্চালকালৰ উদ্যোগত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজিত হ’ল  বিষ্ণু ৰাভা দিৱসঃ গৰিমা হাজৰিকা আৰু চালেহা আহমেদক ২০১৩বৰ্ষৰ বিষ্ণুৰাভা বঁটা প্ৰদান কৰিলে মুখ্যমন্ত্ৰীয়ে ৷

৩. ৰাজ্যত খালী হৈ থকা পাঁচ হাজাৰকৈ বেকলগ পদ পূৰণৰ বাবে ৰাজ্য চৰকাৰক নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ 

৪. ৰাজ্যত বাঢ়ি অহা নাৰী নিৰ্যাতনৰ ঘটনাৰ কাৰণ আৰু সমাধান সূত্ৰ বিচাৰি বিস্তৃত অধ্যয়ন চলাব টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছাইন্সেছে ৷

৫. কোৰিয়াৰ আন্তৰ্জাতিক সাহিত্য উৎসৱত যোগদান কৰিব অসমৰ সাহিত্যক ডাঃ ধ্ৰুৱজ্যোতি বৰাইঃ চাৰিজনীয়া ভাৰতীয় দলৰ এজন ৰূপে  অংশগ্ৰহণ কৰাৰ লগতে "মোৰ লেখা, মোৰ জগত" শীৰ্ষক বক্তৃতাও প্ৰদান কৰিব ৷

৬. কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ বিষয়া কৰ্মচাৰীৰ বাবে প্ৰণয়ন হব সেৱা বিধি ৷

৭. চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়ত পুৱা আৰু নৈশ শাখা আৰম্ভ কৰাৰ বাবে কেবিনেটে গ্ৰহণ কৰিলে প্ৰস্তাৱঃ অতিৰিক্ত পাঠদানৰ বাবে শিক্ষকে পাব অতিৰিক্ত পাৰিশ্ৰমিক ৷

৮. অহা ১৫জুলাইৰ পৰা অনুষ্ঠিত হব বিধান সভাৰ গ্ৰীষ্মকালীন অধিবেশন ৷

৯. ৰাভা হাচঙৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে হাতত লৈছে প্ৰচেষ্টাঃ অহা ২ছেপ্তেম্বৰৰ ভিতৰত জাৰি হব অধিসূচনা ৷

 ১০. সমালোচক লবীৰ প্ৰত্যুত্তৰ যেন এই বিশাল সভাঃ টেঙানিত অখিল গগৈৰ নেতত্বত টেঙানি উন্নয়ন সংগ্ৰাম সমিতিৰ প্ৰতিষ্ঠাপক সভাপতি ভোলাৰাম বৰাক শ্ৰদ্ধাৰে সোঁৱৰিলে চাৰি হাজাৰতকৈ অধিক সমবেত ৰাইজে ৷

১১. নাৰায়ণ দেৱ গোস্বামীয়ে সম্পাদনা কৰা সাঁচিপাতৰ পুথি "সচিত্ৰ অংকাৱলী প্ৰথম খণ্ড" উন্মোচিতঃ উন্মোচন কৰিল ৰাজ্যৰ ৰাজ্যপাল জে বি পাটনায়কে ৷

১২. এইবাৰ কেপিএলটিৰ বিৰুদ্ধে কঠোৰ হ’ল প্ৰশাসনঃ কাৰ্বিভূমিত স্ব-গৃহলৈ উভতিছে ৰেংমা নগাসকল ৷

১৩. অসমৰ সাংসদ ভূৱনেশ্বৰ কলিতাৰ নেতৃত্বত আমেৰিকালৈ ভাৰতীয় সংসদীয় দলঃ য়েল বিশ্ববিদ্যালয়ৰ এসপ্তাহযোৰা কাৰ্যসূচীত এই দলে অংশ লব ৷

চিন্তনীয় খবৰঃ
১. নামনি সোৱনশিৰি বিদ্যুত প্ৰকল্পৰ পৰা এক মেগাৱাটো বিদ্যুত বিনামূল্যে নাপায় অসমেঃ অধিক লাভবান হব দেশৰ মূল-ভূ-খণ্ডৰ অন্যান্য ৰাজ্যহে ৷

২. উত্তৰাখণ্ডত প্ৰৱল হিম-ধুমহাৰ ফলত চুনামী সদৃশ ধ্বংসলীলাঃ ধলে উটুৱাই নিলে ৯০টাকৈ ধৰমশালাঃ কেইবা হাজাৰ লোকৰ মৃত্যুৰ আশংকা ৷

৩. উত্তৰাখণ্ডত অসমৰ ৫১গৰাকী ব্যক্তি আৱদ্ধ হৈ থকাৰ বাতৰিঃ বিত্ত আয়ুক্ত যোশীক উত্তৰাখণ্ডলৈ যাবলৈ নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী গগৈয়ে ৷

৪. ঢেকীয়াজুলিত নেকেড মেনৰ আতংকঃ নৃশংসতাৰ বলি হ’ল দুই মহিলা সহ তিনিজন, নেকেড মেন বুলি সন্দে কৰি গঞাই কৰিলে মৰিয়াই হত্যা ৷

৫. কেদাৰনাথত প্ৰকৃতিয়ে ল’লে প্ৰতিশোধঃ নৈপৰীয়া অঞ্চলত দহ বছৰতে নিৰ্মাণ কৰা হৈছিল শতাধিক কেইবামহলীয়া অট্টালিকা, প্ৰায়বোৰ খহাই নিলে প্ৰৱল বানে ৷

৬. অপৰাধেৰে দেশৰ শীৰ্ষস্থানত অসমঃ বিগত বৰ্ষত ১৬৮৪৭টা হিংসাত্মক ঘটনা, নেকেড মেনৰ নামত নিৰীহক হত্য, নৰবলি, ডাইনী হত্যা, সন্ত্ৰাসবাদ আদিৰে কলংকিত কৰিলে অসমৰ ইতিহাস ৷

৭. দেশৰ অৰ্থনীতিলৈ অশিন সংকেতঃ টকাৰ হ্ৰাস পোৱা মূল্যই চুলে অভিলেখ সংখ্যক নিম্নতম স্তৰ, ৬০টকা দিলেহে কিনিব পাৰিব এক ডলাৰ ৷

৮.সোণাৰিত জোখ মাপ বিভাগৰ ভূৱা পৰিদৰ্শকঃ উত্তম মাধ্যম শোধালে ৰাইজে ৷

৯. নাবালিকাক যৌন নিৰ্যাতন চলাই ডিব্ৰুগড়ৰ আমোলাপট্টিত এজন ৰঙা ঘৰলৈ ৷

১০. সত্ৰ নগৰী মাজুলীত অবৈধ সুৰাই ছানি ধৰাক লৈ ক্ষুদ্ধ মহিলাই প্ৰশাসনক বান্ধি দিলে চূড়ান্ত সময়সীমা ৷

No comments:

Post a Comment