প্ৰচণ্ড গৰমত লব লগা ১৪টা লাগতিয়াল সাৱধানতা
গ্ৰীষ্মৰ দিন আৰম্ভ হোৱাৰ লগে লগেই অসমকে ধৰি দেশৰ বিভিন্ন অঞ্চলত যি অদ্ভুত হাৰত প্ৰচণ্ড গৰমে ৰাইজক জুৰুলা কৰিবলৈ ধৰিছে ৷ সেই পৰিপ্ৰেক্ষিতত এই গৰমৰ পৰা আপোনাৰ যাতে স্বাস্থ্যহানি নহয়, তাৰ বাবে কিছুমান লাগতিয়াল সাৱধানতাৰ বিষয়ে আপোনাক সজাগ কৰিব বিচাৰিছো ৷
১. বিশুদ্ধ খোৱাপানীয়েই গৰমত তৃষ্ণা নিবাৰণৰ শ্ৰেষ্ঠ উপায়ঃ
প্ৰচুৰ উৎকৃষ্ট খোৱাপানী গ্ৰহণ কৰাটো, দেহক গৰমৰ দিনটো সতেজ তথা ঠাণ্ডা কৰি ৰখাৰ বাবে অতিশয় জৰুৰী ৷ বেছি জলীয় বাষ্প থকা ঠাইত আপোনাৰ ঘামবোৰো সোনকালে শুকাই নাযায়৷ সেয়ে ই দেহৰ পৰা উত্তাপ নিৰ্গমনৰ স্বাভাৱিক প্ৰক্ৰিয়াকো কাৰ্যকৰী ৰূপত কাম কৰাত বাধা প্ৰদান কৰে ৷ সেয়ে ঘনে ঘনে বিশুদ্ধ খোৱাপানী সেৱন কৰি থকাটো আৰু দেহত পানীৰ পৰিমান সঠিক ৰূপত বৰ্তাই ৰখাটো অতিশয় দৰ্কাৰী ৷ পিয়াহ নালাগিলেও সেয়ে, আপোনাৰ কামৰ মাজে মাজে পানী সেৱন কৰি থাকিব৷
২. কফিযুক্ত আৰু কাৰ্বনেটেড পানীয়, সুৰা জাতীয় পানীয় আৰু বেছি চেনীযুক্ত পানীয়ৰ পৰা আঁতৰি থাককঃ
এইবোৰ পানীয়ত বেছিভাগতে সংৰক্ষণৰ বাবে দিয়া ৰাসায়নিক পদাৰ্থ, কৃত্ৰিম ৰং আৰু চেনী থাকে৷ এইবোৰ এচিডিক গুণৰ ৷ এইবোৰে প্ৰস্ৰাৱৰ সতে দেহৰ পৰা পানীৰ বেছিকৈ নিৰ্গত কৰাত কাৰকৰ কাম কৰে ৷
আৰু বহুতো চফট ড্ৰিংকচতে লঘু ফচফেৰিক এচিড থাকে, যি বোৰে আপোনাৰ পাচন নলীৰ ভিতৰৰ আস্বাদনৰ ক্ষতি সাধন কৰে আৰু পাচন বা বিপাক ক্ৰিয়াত বিঘিনি জন্মায়৷ বেছিকৈ চফট ড্ৰিকংচ সেৱন কৰিলে দেহত ফচফৰাচৰ পৰিমান বৃদ্ধি পায় আৰু ই মানুহৰ হাড়ৰ পৰা কেলচিয়ামক পৃথক কৰি তেজৰ সোঁতত বিলীন কৰিবলৈ ধৰে ৷
এইদৰে কেলচিয়াম হাড়ৰ পৰা নিঃসৰণ হৈ তেজৰ সতে ওলাই গ’লে হাড়বোৰ থুনুকা আৰু সোপোকা হৈ পৰে বুলি চিকিৎসক সকলে কয়৷ এইবোৰেই ক্ৰমাগত ভাৱে দাঁতৰ ক্ষয়ৰোগ, কিডনী ষ্টোন, আৰ্থাৰাইটিছ আদি অস্থিজনিত ৰোগৰ সৃষ্টি কৰে৷
চফট ড্ৰিংকচে দেহৰ পৰা খনিজ পদাৰ্থৰ পৰিমানো এনেদৰে কমাই দিয়ে যে এনজাইমবোৰেও ভালকৈ কাম কৰিব নোৱাৰা হয় আৰু ই হজমী শক্তিতো বাধা জন্মাবলৈ ধৰে ৷
৩. অতিপাত ঠাণ্ডা পানীয় সেৱন নকৰিবঃ
ফ্ৰীজৰ পৰা হিম শীতল পানী সেৱন কৰিলেই ই আপোনাৰ দেহক ঠাণ্ডা কৰিব বুলি ভুল নাভাবিব৷ যদিও ই আপোনাৰ ডিঙিক অলপ সময়ৰ বাবে ঠাণ্ডা অনুভৱ দিব পাৰে, কিন্তু ই দেহত বিৰূপ প্ৰতিক্ৰিয়াৰহে সৃষ্টি কৰে৷ অতিপাত গৰমত এনে অতি শীতল পানীয়ে, ই দেহৰ চালৰ ৰক্তি প্ৰৱাহিকা নলীবোৰক কিছু চাপ খুৱাই নিব পাৰে, যাৰ ফলত দেঙৰ পৰা উত্তাপ নিৰ্গমন প্ৰক্ৰিয়া বাধাপ্ৰাপ্তহে হয়৷
৪. বেছিকৈ ঘাম বোৱা বা কষ্টকৰ কাম পাৰিলে বৰ্জন কৰক৷
৫. লঘু আহাৰ সেৱন কৰক, পুষ্টিকৰ খাদ্য খাওক আৰু মেদবিহীন, চৰ্বীবিহীন খাদ্য সেৱনত গুৰুত্ব দিয়ক৷
৬. দেহৰ উত্তাপ বৃদ্ধি কৰা শাক-পাচলি ফলমূল আদি এৰাই চলকঃ
বেছিকৈ পালেং, জালুক, পিয়াঁজ, নহৰপ, বীট, আনাৰস, আঙুৰৰ ৰস আৰু কেঁচা আম খোৱাৰ পৰা বিৰত থাকক৷ যদি আপুনি আম খোৱাৰ পৰা নিজকে বাৰণ কৰিব পৰা নাই, তেন্তে আমখিনি ৰাতিটো পানীত ডুবাই ৰাখক৷
৭. শুকান ফল কমকৈ খাওক,
তাতোকৈ সতেজ ফলযুক্ত ফলাহাৰত গুৰুত্ব দিয়ক৷
৮. তুলসীৰ পাত আৰু গুটি দি পানীয় সেৱন কৰক,
ই আপোনাৰ দেহক ঠাণ্ডা ৰখাত প্ৰভূত সহায় কৰিব৷
৯. প্ৰচুৰ পৰিমানৰ ফলাহাৰ আৰু শাক-পাচলি খাওকঃ
তাৰ বাবে খাদ্যৰ সতে চালাড, সতেজ ফলৰ ৰস সংযোজিত কৰক৷ পাৰিলে সেইবোৰত চেনী নিদিয়াকৈ সেৱন কৰাটো ভাল ৷
১০. নেমুপানী, নাৰিকলৰ পানী আৰু পাতল বাটাৰ মিল্ক (চাচ) সেৱন কৰক, যাতে ই আপোনাৰ দেহৰ পৰা ঘামৰ ৰূপত নিগৰ্মন হোৱা পানীৰ পৰিমান পুনৰ শৰীৰটোলৈ ঘূৰাই আনিব পাৰে ৷
১১. চেনীযুক্ত খাদ্য যিমান পাৰি বৰ্জন কৰক,
বিশেষকৈ মৌজোল, শৰ্কৰাযুক্ত খাদ্য ৷ পাৰিলে প্ৰাকৃতিক মিঠা থকা ফল বা পাচলি সেৱন কৰক৷
১২. গৰম, মচলাযুক্ত খাদ্যৰ লগতে অতিপাত নিমখীয়া খাদ্য বৰ্জন কৰকঃ
জৈৱিক ৰূপত পোৱা নিমখজাতীয় পদাৰ্থ দেহে গ্ৰহণ কৰি লয়, কিন্তু অজৈৱিক (ইনৰগেনিক) নিমখীয়া পদাৰ্থক দেহে নিস্কাশনহে কৰি পঠায়, ফলত শৰীৰলৈ আপুনি আৰু বেছি পৰিমানৰ পানী গ্ৰহণ কৰিব লগাত পৰিব৷
১৩. তেলত ভজা খাদ্য কমাই খাওকঃ
চিপচ, ভূজিয়া, পৰঠা, চিঙৰা আদি গৰমত পাৰিলে নাখাবই৷ কিয়নো ইয়াৰ সতে যোৱা তেলৰ পৰিমানে আপোনাৰ দেহক গৰম হোৱাতহে অৰিহণা যোগাব৷
১৪. পৰিস্কাৰ পৰিচ্ছন্নকৈ থাককঃ
গৰমত সোনকালে ঘামিজামি লেতেৰা হোৱা কাপোৰ কানি, বৰষুণত তিতি অহা কাপোৰ, উটি অহা লেতেৰা আদি ভৰিত লাগি অহা এই দিশবোৰ ভালকৈ চকু দিব৷
গৰমৰ দিনত বস্তু সোনকালে পচে, ভেঁকুৰ লাগে৷ সেয়ে পৰিস্কাৰ পৰিচ্ছন্নকৈ থকাৰ অভ্যাস গঢ়ি তোলক, যাতে এক সুন্দৰ জীৱনশৈলীৰ মাজেৰে আপুনি এই গৰমৰ দিন কেইটা নিৰোগী ৰূপত পাৰ কৰিব পাৰে আৰু জীৱনৰ আনন্দ উপভোগ কৰিব পাৰে ৷
No comments:
Post a Comment