সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ বতৰা

সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ

১. ইংলেণ্ডৰ নটিংহাম বিশ্ববিদ্যালয়ত আৱিস্কৃত হ’ল চকুৰ অংশ কৰ্নিয়াৰ নতুন তৰপঃ সেই তৰপৰ নামাকৰণ কৰা হ’ল আৱিস্কাৰ কৰা ভাৰতীয় গৱেষকৰ নামেৰে ৷

২. দালাই লামাই ক’লে- পৰবৰ্তী দালাই লামা হব পাৰে এগৰাকী মহিলা ৷

৩. শ্বেয়াৰ মাৰ্কেটৰ বজাৰত উত্থানঃ ১৯৫পইণ্ট বৃদ্ধিৰে চেনচেক্স উপনীত হ’ল ১৯০০০ পইণ্টত ৷

৪. অসম লেখিকা সংস্থাৰ ২০১৩ বৰ্ষৰ "লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা"ৰে সন্মানিত হব ডিব্ৰুগড় নিৱাসী শ্ৰীযুক্তা শান্তি গগৈ ৷

৫. লিংগ বৈষম্যৰ জেঙা ভাঙি পাকিস্তানৰ বায়ু সেনা বাহিনীত অন্তৰ্ভুক্ত হ’ল আয়েশা ফাৰুকঃ দেশখনৰ ১৯তম মহিলা ৰূপে বায়ু সেনাত ভৰ্তিৰে দেশৰ নাৰী সমাজলৈ দেখুৱালে আদৰ্শ৷

৬. প্ৰথম বাৰৰ বাবে ভুমুকি মৰা চুপাৰমেনৰ কমিক বুক অনলাইন যোগে নিলাম হ’ল এক কোটি টকাতঃ ১৯৩৮চনতে প্ৰকাশ পোৱা এই এক্সন কমিকবুক উদ্ধাৰ হয় প্ৰায় ৭০বছৰৰ পাছত ৷

৭. কালি গঠিত হ’ল ভাৰতৰ কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ প্ৰথমটো মহিলা কামাণ্ডোৰ দলঃ ৩০জনীয়া এই দলটোৱে কেৱল সমৰকলাতে ব্যস্ত নাথাকি ৰাষ্ট্ৰসংঘৰ হৈ মানৱ সেৱাৰ কামো কৰিব বুলি সূত্ৰত প্ৰকাশ ৷

৮. অসমত ভুৱা বিত্তীয় কোম্পানীৰ লুণ্ঠনত অতীষ্ঠ হৈছে সাধাৰণ ৰাইজঃ এইবাৰ ভিৰ বাঢ়িছে গ্ৰামীণ, চৰকাৰী আৰু বেচৰকাৰী বেংকত ৷

৯. কাৰ্বি-আংলাং জিলাৰ হাওৰাঘাট নগৰস্থিত শংকৰ মন্দিৰ প্ৰাংগণত সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ স্থাপিত হ’ল আধাৰশিলাঃ কেইবালক্ষ টকাৰ ব্যয়েৰে গঢ়ি তুলিব লগা সাংস্কৃতিক ভৱনটোৱে অঞ্চলটোৰ সাংস্কৃতিক বিকাশত যোগাব অৰিহণা ৷


১০. খাদ্য সুৰক্ষা বিয়েদক প্ৰসংগত এইবাৰ বিৰোধীৰ সমৰ্থন বিচাৰি হাত আগুৱালে ইউপিএ চৰকাৰেঃ বিশেষ অধিবেশন আহ্বান বা বৰ্ষাকালীন অধিবেশন আগুৱাই আনি বিধেয়কখন পাছ কৰোৱাৰ বাবে উদ্যোগ লোৱাৰ সুখৰ খবৰ ৷

সংবাদ প্ৰৱাহঃ
১. উৎকট গৰমৰ প্ৰভাৱত ৰাজ্যত মৃত্যুৰ সংখ্যা ৩১জনলৈ বৃদ্ধিঃ বতৰ বিজ্ঞান কেন্দ্ৰই দিলে নামনি অসমত বৰষুণ হোৱাৰ সম্ভাৱনীয়তাৰ খবৰ ৷

২. বিহাৰত যাত্ৰীবাহী ৰে’লত মাওবাদীৰ আক্ৰমণঃ নিহত তিনিজন, আহত ছজন, আৰপিএফৰ অস্ত্ৰ লুট ৷

৩. দেশৰ ভিতৰতে আটাইতকৈ কম সুবিধা লাভ কৰি সংবাদ শিৰোনামাত স্থান পালে অসম আৰক্ষীয়ে ৷

৪. অখিল গগৈৰ নাম লৈ নদী-বান্ধ বিষয়ত বুজাবুজিৰ টোপ দি খোদ অৰুণাচলৰ মুখ্যমন্ত্ৰীক ধন দাবীৰ ঘটনা আহিল পোহৰলৈ ৷

৫. অস্ত্ৰ সৰবৰাহী জিএনএলএৰ সদস্য গ্ৰেপ্তাৰঃ এইবাৰ উগ্ৰপন্থীৰ নতুন কৌশল, কুৰিয়াৰযোগে মহানগৰীলৈ প্ৰেৰণ কৰিছে অত্যাধুনিক মৰণাস্ত্ৰ ৷

৬. ছেবাৰ আমূল সংস্কাৰ দাবী কৰিলে সদৌ অসম ছাত্ৰ সংস্থাইঃ বান্ধি দিলে পোন্ধৰ দিনৰ সময়সীমা৷

৭. মন্ত্ৰী সভা, সংসদীয় সচিবৰ সালসলনি দাবী কৰিছে গগৈৰ ঘনিষ্ঠ জ্যেষ্ঠ বিধায়কেঃ এইবাৰ চকী হেৰুৱাৰ আশংকাত ভূগিবলৈ লৈছে বিসম্বাদীয়ে ৷

৮. এনে মৰিছো ঋষিৰ শাপত, আকৌ দিছে ধানৰ ভাপতঃ গৰমৰ মাজত বিদ্যুত বিভাগেও দেখুৱাইছে মহিমা, ১৬ঘণ্টালৈকে বিদ্যুত কৰ্তনেৰে গঢ়িছে নতুন ৰেকৰ্ড ৷

৯. চিএমজে বিশ্ববিদ্যালয়ৰ পলাতক উপাচাৰ্যৰ সন্ধানত দেশজুৰি তৎপৰ আৰক্ষীঃ মুৰে কপালে হাত দিছে সহজে ডিগ্ৰী কিনা উত্তৰ পূৱৰ শ শ কলেজ শিক্ষক, অধ্যক্ষই ৷

১০. এতিয়াও পল্টন বজাৰত চলি আছে মাছৰ ছিণ্ডিকেট, একাংশ অসাধু ব্যৱসায়ীয়ে অন্ধ্ৰ প্ৰদেশৰ চালানী মাছৰ এজেণ্টৰ সতে বুজাবুজিৰে বঢ়াই দিছে চালানী মাছৰ দামঃ অভিযোগ তুলিলে ফ’ৰাম ফৰ কনচিয়াছ চিটিজেন মানৰ সংগঠনে ৷

No comments:

Post a Comment