পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
ভাল খবৰঃ
১. অসম মেডিকেল কলেজলৈ অ’এনজিচিয়ে দিলে আৰ্থিক সাহাৰ্যঃ সাত কোটি টকাৰ এই সাহাৰ্যৰে স্থাপিত হ’ব অপেন হাৰ্ট চাৰ্জাৰীৰ বাবে "কেথেটাৰাইজেচন লেবৰেটৰী" আৰু আনুষংগিক আন্ত-গাঁথনি ৷

২. শিৱসাগৰ প্ৰেছ ক্লাৱে ৩৪ কৃৰ্তিমানক প্ৰদান কৰিলে আঢ়ৈ লাখ টকাৰ জলপানি ৷

৩. বৰ্ধিত যাত্ৰীলৈ লক্ষ্য ৰাখি গুৱাহাটীৰ পৰা চলিব চাৰিখনকৈ নতুন ৰেল অহা ১ জুলাইৰ পৰাঃবাংগালুৰু, যোধপুৰ, দিল্লী আৰু পাটনাৰ সতে ৰাজ্যৰ সংযোগ বৃ্দ্ধি কৰিবলৈ লোৱা হৈছে এই উদ্যম৷

৪. সুদীৰ্ঘ ১৪বছৰৰ পাছত এক নিয়মীয়া নিযুক্তি প্ৰক্ৰিয়াঃ ২৮জুনত ১১,২৬৬জন নিয়মীয়া প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তি দিয়া হব বুলি শিক্ষা বিভাগৰ ঘোষণা ৷

৫. আজি ঘোষিত হ’ব গুৱাহাটী পৌৰ নিগমৰ ফলাফলঃ নিৰ্ণয় হব ৩১টা ৱাৰ্ডত প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ ভাগ্য ৷

৬. "নিউজ" নামৰ কল্যানমূলক সংস্থাৰ উদ্যোগত অহা ৭জুলাইৰ পৰা ১৩জুলইলৈকে চিত্ৰ, শিল্পকলা আৰু পুৰণি চিৰ যুগমীয়া আধুনিক গীতৰ কৰ্মশালা আয়োজিত হৈছে মহানগৰীৰ নাৰ্চাৰীস্থিত নীলাচল জাতীয় বিদ্যালয়ত ৷

৭. মানপত্ৰ, কীৰ্তন-ঘোষা আৰু গৱেষণামূলক গ্ৰন্থ প্ৰদানেৰে ৫২গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন জনালে শ্ৰীমন্ত শংকৰদেৱ সংঘই, গুৱাহাটীত ৷

৮. আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন লোক সংস্কৃতিৰ গৱেষক ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্মদিনৰ ২১জুনক অসমৰ জনকৃষ্টি সমাজে “লোক সংস্কৃতি দিৱস” হিচাবে উদযাপন কৰে ৷

৯. সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ৮৮সংখ্যক জন্মদিনক "গানৰ দিন" ৰূপে উদযাপনৰ ধাৰাক ত্ৰয়োদশ বৰ্ষও সফল কৰিবলৈ নগাঁৱত কেইবাটাও সংগঠনে চলাইছে যৌথ প্ৰচেষ্টা ৷

১০. নলবাৰীৰ স্বেচ্ছাসেৱী সংগঠন আলোকসন্ধানীয়ে আৰম্ভ কৰিলে বুক বেংকঃ দৰিদ্ৰ তথা অসহায় প্ৰতিভাশালী সকলক সহায়ৰ বাবে গ্ৰহণ কৰিলে শলাগনীয় পদক্ষেপ ৷

১১. জগতসভালৈ জগতগুৰু,  এইবাৰ বাংলা ভাষাত উন্মোচিত হ’ল শ্ৰীমন্ত শংকৰদেৱ বিষয়ক গ্ৰন্থঃ উন্মোচক ডঃ কেশৱানন্দ দেৱগোস্বামীয়ে ক’লে-চৰিত পুথি সমূহত বহুতো তথ্যৰ ভুল বাখ্যা পোৱা গৈছে ৷

চিন্তনীয় বাতৰিঃ
১. বাংলাদেশলৈ অসমৰ ভূমি হস্তান্তৰ প্ৰক্ৰিয়াঃ উপস্থিত হ’লহি বাংলাদেশী বিষয়াৰ দল ৷ প্ৰধান মন্ত্ৰীৰ অসম দ্ৰোহিতা আৰু গগৈৰ বিশ্বাসঘাতকতাৰ প্ৰতিবাদত হাটশিঙিমাৰী আৱৰ্ত ভৱনৰ সমুখত আছুৱে কৰিলে জুমুঠি দাহ ৷
অগপই লিখিলে ৰাষ্ট্ৰপতিলৈ চিঠি ৷

২. দুশ খন গাড়ীৰ বিশাল কনভেয়েৰে ৰঞ্জন দৈমাৰী জেলৰ পৰা জন্মস্থানলৈঃ ক’লে সংগ্ৰাম আৰু যুদ্থ যি কোনো কথাই হ’ব পাৰে ৷


৩. ধন দাবী-ভাবুকি বন্ধ কৰাৰ আহ্বান জনালে বিটিচি প্ৰধান হাগ্ৰামা মুহিলাৰীয়ে ৷

৪. এনডিএফবিৰ বিৰুদ্ধ কঠোৰ স্থিতি লৈছে শোণিতপুৰ আৰক্ষীয়েঃ তিনি মাহত আটক ১২৩জনক, জেল’লৈ প্ৰেৰণ কৰিলে ১৫জনক ৷

৫. উত্তৰাখণ্ডৰ জল-প্ৰলয়ৰ পৰিপ্ৰেক্ষিতত অসম চৰকাৰেও আগবঢ়ালে এক কোটি টকাৰ সাহাৰ্য ৰাশিঃ হেলিকপ্তাৰেৰে উদ্ধাৰ হ’ল অসমৰ আৰু পাঁচ গৰাকীকৈ তীৰ্থযাত্ৰী ৷

৬. যোৰহাটত ভোগদৈৰ পানীয়ে উটুৱাই নিলে দুবছৰ পূৰ্বে ৪৭লাখ টকাৰে নিৰ্মাণ কৰা কাঠৰ দলঙঃ যোগাযোগ ব্যাহত, বিস্তীৰ্ণ অঞ্চল জলমগ্ন হোৱাৰ খবৰ৷

৭. শিৱসাগৰৰ সম্প্ৰীতি হস্পাতালত অঘটনঃ চিকিৎসালয়ৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু, আমগুৰিত উত্তেজনা ৷

৮. উত্তৰাখণ্ডত পুনৰ প্ৰৱল বৰষুণে বিঘ্নিত কৰিছে বায়ু সেনাৰ উদ্ধাৰ অভিযানঃ আজি ছোনিয়া গান্ধীয়ে কৰিব সাহাৰ্য মিচনৰ শুভাৰম্ভ ৷

৯. বান্ধৰ বাবেই এদিন উটি যাব পাৰে অসম, মুখ্যমন্ত্ৰীক উত্তৰাখণ্ডৰ জলপ্ৰলয়ৰ পৰা শিক্ষা লবলৈ আহ্বান জনালে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷

১০. আইন সংশোধন কৰি কলেজ শিক্ষকৰ পদ প্ৰাদেশিকীকৰণৰ দাবী তুলিলে বঞ্চিত কলেজ শিক্ষক সন্থাই ৷

১১. নিজকে বিসম্বাদী নহয় বুলি স্পষ্টীকৰণ দিলে ডঃ হিমন্ত বিশ্ব শৰ্মাইঃ বিসম্বাদৰ ধাৰণা বাতৰি কাকতৰহে সৃষ্টি বুলি তুলিলে অভিযোগ ৷

১২. কলিয়াবৰৰ চিকণি চাহবাগিচাত ওলমিল তলাঃ ৯০০শ্ৰমিকৰ জীৱনলৈ নামিল অন্ধকাৰ ৷

No comments:

Post a Comment