নতুন প্ৰযুক্তিৰে বেঙ্কৰ চেক
বেংকৰ গ্ৰাহক সকলৰ বাবে সুখৰ খবৰ৷ আৰু নকল চেক বনাই কেলেংকাৰী কৰা সকলৰ বাবে দুৰ্দিন আহিল ৷
এতিয়া ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ নিৰ্দেশ মতে নতুন বেঙ্ক চেক সমূহ চি. টি. এছ ২০১০ মানদণ্ড মতে তৈয়াৰ কৰা হ'ব ৷
এই নতুন মানদণ্ডৰ চেক সমূহতনো কি নতুন প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে চাও আহকচোন-
১. অতিবেঙুনীয়া চিয়াহীৰে থাকিব বেঙ্কৰ চিন্থঃ
এই ব্যৱস্থা কৰাৰ আঁৰৰ কথাটো হ’লে এয়ে যে অতি বেঙুনীয়া চিয়াঁহী কপিয়া্ৰেৰে সহজে কপি কৰিব পৰা নাযায় ৷
২.ভইদ পেন্ট’গ্ৰাফঃ
নতুন প্ৰযুক্তিৰে এটা তৰপত "প্ৰাধিকাৰ বিহীন নকল"(UNAUTHORIZED COPY) বুলি লিখা যায়, ইয়াৰ সুবিধা এয়ে যে ই কেৱল স্কেন বা কপি কৰিলে মূল চেক ৰ সলনি পেন্তগ্ৰাফহে ওলায়।
৩.ৰসায়নিক ভইডঃ
চেক সমূহ এচিটন জাতীয় ৰসায়নৰে ধুই নতুন ৰাশি লিখি বহুৱে অসাধু লোকে টকা উলিয়ায় । ৰসায়নিক ভইড চিন্থ, এচিটন জাতীয় ৰসায়নৰ লগত বিক্ৰিয়া কৰি ৰঙ সলনি কৰিলে সেয়েহে সহজেই ধৰা পৰে। ইও এক ধৰণৰ সুৰক্ষাৰ নিশ্চিতি দিব পাৰে৷
৪. ট’নাৰ লকক ঃ
আজিকালি বহু চেক প্ৰিন্টাৰে প্ৰিন্ট কৰি ৰাশি লিখা থাকে৷ যেনে অফিচৰ পৰা জাৰি কৰা চেক ৷ সেই ট’নাৰ চিঁয়াহীক কাগজৰ সতে এৰাব নোৱাৰাকে মিলি যোৱাত সহায় কৰে নতুন ট’নাৰ লক তৰপে ৷
এইদৰেই গৱেষণালব্ধ প্ৰযুক্তিৰ ব্যৱহাৰ অৰ্থনৈতিক ক্ষেত্ৰত নিৰাপত্তা নিশ্চিতি প্ৰদানত হোৱাতো অতিশয় সুখকৰ খবৰ৷ এইদৰেই নতুন নতুন বহু উপায় অবলম্বন কৰি, আজিও কেবা শ বছৰ পুৰণি চেক সুবিধা সফল ভাবে চলাই যাবৰ বাবে বিশেষজ্ঞসকল নিৰন্তৰ গৱেষণা কৰি আছে ।
যুগুতালেঃ বেংগেলুৰৰ পৰা কাৰিকৰী পৰমৰ্শদাতা কৌশিক হাজৰিকাই
No comments:
Post a Comment