সুখ দুখৰ বতৰাঃ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ বতৰাঃ

সুখ দুখৰ বতৰাঃ

Share This
সুখৰ খবৰঃ
১. অসমসহ পুৰ্বোত্তৰ ছয় ৰাজ্যৰ শক্তিখণ্ডৰ উন্নয়নৰ লক্ষ্যৰে পাৱাৰ গ্ৰীডৰে ৮১৫০ কোটি টকীয়া চুক্তি স্বাক্ষৰ কৰিলে কেন্দ্ৰীয় শক্তি বিভাগেঃ ৮৫শতাংশ ধনৰ ঋণ দিব বিশ্ববেংকে, ১০শতাংশ কেন্দ্ৰই আৰু ৰাজ্যই বহন কৰিব লাগিব ৫ শতাংশ ধন ৷

২. শৈক্ষিক বিকাশকেই মূল লক্ষ্য হিচাবে লৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচাৰ্য ৰূপে দ্বায়িত্ব ল’লে ডঃ অলক কুমাৰ বুঢ়াগোহাঞিয়ে ৷

৩. বেংককৰ সু-সংহত বান নিয়ন্ত্ৰণ তথা দুৰ্যোগ ব্যৱস্থাৰ সন্দৰ্ভত অধ্যয়ন কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ লুক ইষ্ট পলিচিৰ সন্দৰ্ভতো শীৰ্ষ বিষয়াৰ সতে গগৈৰ আলোচনাই পালে ৰাষ্ট্ৰীয় মেডিয়াত স্থান ৷


৪. অসমৰ ৯খন জিলা মাওবাদীৰ সন্ত্ৰাসবাদৰ কৱলত বুলি কৰা মুখ্যমন্ত্ৰীৰ দাবী নাকচ কৰিলে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ৷

৫. এইবাৰ বিচিচিআইৰ অপাৰেচন ক্লীন-আপঃ নিষিদ্ধ কৰিলে নৈশ পাৰ্টি, অনাগত আই পি এলত নাথাকিব চিয়েৰ লীডাৰ্ছো ৷

৬. উত্তৰ পূৱ ৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপত ব্যাক্তিগত কাটা শাখাত অসমৰ খেলুৱৈৱে বিস্তাৰ কৰিছে আধিপত্য ৷

৭. শ্ৰমিকৰ মুখত বিৰিঙিল হাঁহি, ছিণ্ডিকেট অবহনে যোগীঘোপা কয়লাক্ষেত্ৰৰ পৰা ৩৬টা ৰেক বৰ্হি ৰাজ্যলৈ চালানঃ ছিণ্ডিকেটৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী গগৈৰ কঠোৰ স্থিতিৰ প্ৰতিফলিত হ’ল ফলাফল ৷

৮. বন্যপ্ৰাণী সুৰক্ষাৰ পক্ষত তেজপুৰৰ ন্যায়িক আদালাতৰ গুৰুত্বপূৰ্ণ ৰায়ঃ নামেৰী ব্ৰাঘ্ৰ প্ৰকল্পত চিকাৰলৈ যোৱা ঘটনাৰ দোষীক কাৰাদণ্ডৰ ৰায়ত উৎফুল্লিত বন কৰ্মী ৷

৯. বিটিএডিৰ হিংসা সন্দৰ্ভত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়ঃ আজমলৰ বিৰুদ্ধে দিলে তদন্তৰ নিৰ্দেশ ৷

১০. জখলাবন্ধাত গ্ৰেপ্তাৰ হ’ল তিনিজনকৈ চোৰাং চিকাৰীঃ মণিপুৰৰ পৰা আহিছিল কাজিৰঙাৰ গঁড় চিকাৰৰ বাবে ৷

১১. অসমীয়া সাহিত্য সন্মিলনীৰ কেন্দ্ৰীয় ৰাভা দিৱস উদযাপনৰ ব্যাপক প্ৰস্তুতিঃ স্থান শিৱসাগৰ নাট্য মন্দিৰ ৷

চিন্তনীয় খবৰঃ
১. মোদীৰ উত্থান সহ্য কৰিব নোৱাৰি বিজেপিকে ত্যাগ কৰিলে বৰ্ষীয়ান নেতা লালকৃষ্ণ আদৱানিয়ে ৷

২. আদৱানিৰ সমৰ্থনত মাত দিলে অসম ৰাজ্যিক বিজেপিয়েঃ আদৱানিৰ সপক্ষে ক’লে শিৱ সেনাইও ৷

৩. গগৈ চৰকাৰৰ প্ৰশাসনত ভিতৰি চলি আছে অৰাজকতাঃ মে’ৰ মাহৰ দৰমহাৰ পৰা বঞ্চিত হৈ আছে খোড সচিবালয়ৰ কৰ্মচাৰী ৷

৪. এসপ্তাহ বাহৰ পাতি অসমৰ আঠ বিসম্বাদী বিধায়কে অৱশেষত ছোনিয়া গান্ধীৰ লাভ কৰিলে ২০মিনিটৰ সাক্ষাতঃ অভিযোগ অৱগত কৰাৰ পাছতে পালে নিজৰ সমষ্টিত মনোযোগ দিয়াৰ নিৰ্দেশ৷

৫. ক্ৰমাত মৃত্যুমুখলৈ গতি কৰিছে ৰাজ্যৰ সমবায় সমিতি সমূহঃ ৫০ শতাংশতকৈ অধিক সমবায় ইতিমধ্যেই বন্ধ হোৱাৰ চিন্তাজনক খবৰ ৷

৬. তথাকথিত সাহিত্যকৰ্মী তথা ভূ-মাফিয়া ৰাধা বৰাক অৱশেষত ন্যায়িক আদালতে জেললৈ প্ৰেৰণ কৰে ৷

৭. তেজপুৰৰ পাৰ্শ্বৱৰ্তী অঞ্চলত নেকেজ মেনৰ সন্ত্ৰাসঃ এজনক গ্ৰেপ্তাৰ কৰাৰ খবৰ ৷

৮. ডিমেৌৰ ইউ বি আইত ব্যৱসায়ীৰ একাউণ্টৰ পৰা দুৰ্বৃত্তই জালিয়াতিৰে লুটি নিলে ৪.৩০লাখ টকা ৷

৯. বৃহত্তৰ নাগালিমৰ লক্ষ্যৰে নগাৰ বেদখলঃ চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত আটাছুৱে উজাৰিলে ক্ষোভ ৷

১০. উদ্যোগ মন্ত্ৰী তথা বিদ্যুত মন্ত্ৰী নিজৰ সমষ্টিতে স্তব্ধ হৈছে উন্নয়নঃ লাভ কৰিলে সংবাদ শিৰোনামা ৷

১১. বগীবিলত ৫কোটি টকাৰ ৰিং বান্ধ নিৰ্মান হৈছে বালি মাটিৰেঃ এই অভিযোগেৰে ডিব্ৰুগড়ত ধৰ্ণাত বহিল কৃষক মুক্তি সংগ্ৰাম সমিতি ৷

১২. চৰম বিত্তীয় সংকটত পৰিছে আকাশবাণী ডিব্ৰুগড়ঃ যোৱা তিনিমাহে হোৱা নাই, নতুন কোনো অনুষ্ঠানৰ বাণীবন্ধন ৷

No comments:

Post a Comment