সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ বতৰা

সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. নিৰঞ্জন পেগুৱে বোকাখাতত কৰি দেখুৱালে কৃষি বিপ্লৱঃ কৃষি বিভাগৰ নথিভুক্ত ১১১টা খেতিৰে বিগত সাত মাহত ৫০লাখৰো অধিক টকাৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰি গঢ়িলে অনুকৰণীয় অভিলেখ ৷


২. "সাংস্কৃতিক বিপ্লৱৰ অন্যতম কাণ্ডাৰী হওক অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ"-এই আশাকে ব্যক্ত কৰিলে ভ্ৰাম্যমাণ থিয়েটাৰৰ সোণালী জয়ন্তী উৎসৱত এই থিয়েটাৰৰ জনক অচু্যত লহকৰে, ভাগ ল’লে শোভাযাত্ৰাতো ৷

৩. নলবাৰীৰ জাগাৰাত কুটনিকুছি,  মাকালডবাত বিল পুতি কৃষি কাৰ্যৰে সেউজীয়া পাম গঢ়ি তুলি আদৰ্শ দেখুৱালে আলোচনীপন্থী আলফা সদস্যইঃ মৰণাস্ত্ৰ কঢ়িওৱা হাতেৰে এতিয়া কোৰ নাঙল লৈ সৃষ্টিকৰ্মত লগা কাৰ্যৰ ভূয়সী প্ৰশংসা কৰিলে স্থানীয় ৰাইজে ৷

৪. নতুন পদক্ষেপেৰে চিকিৎসা বিজ্ঞানৰ নতুন ব্যৱস্থাক কৰিব জনপ্ৰিয়ঃ চেৰ’গেচি মাতৃৰ গৰ্ভৰে সন্তান কামনা কৰিব শ্বাহৰুখ খান আৰু গৌৰীয়ে ৷

৫. ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ গৱেষকৰ নতুন প্ৰযুক্তিৰ আৱিস্কাৰঃ সম্ভৱ হব মানৱ দেহত ইনচুলিন সৃষ্টি কৰা কোষৰ সংস্থাপন, টাইপ-১ ডায়েবেটিছ থকা ৰোগীৰ ক্ষেত্ৰত ই সম্ভৱ হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ ৷

৬. ১০২টা উদ্ভাৱনেৰে বিশ্বজোৰা খ্যাতি লাভ কৰা উদ্ধৱ ভৰালীক প্ৰকাশন প্ৰতিষ্ঠান চন্দ্ৰ প্ৰকাশ জনালে সম্বৰ্ধনাঃ তৃণমূল গৱেষণাত ৰাজ্য চৰকাৰৰ গুৰুত্বহীনতাত পুঞ্জীভূত ক্ষোভো প্ৰকাশ পালে সেই সভাতে ৷

৭. মাত্ৰ মহিলাৰ দ্বাৰা পৰিচালিত এছ বি আইৰ পূৱ মণ্ডলৰ প্ৰথমটো শাখা উদ্বোধনঃ গুৱাহাটীৰ লাচিত নগৰত স্থাপিত এই শাখা উদ্ধোধন কৰে কৃষিমন্ত্ৰী নীলমণি সেন ডেকাই ৷

৮. ডুবাইত বিশ্বৰ সৰ্বোচ্চ আবাসিক টাৱাৰ মুকলিঃ ১৫৭৫ কোটি টকাৰ ব্যয়েৰে সাজি উলিয়ালে এই ৭৫ মহলীয়া অট্টালিকা ৷

৯. গ্ৰন্থ "ইন দ্য শ্বেদ’ অৱ ফ্ৰীডম" গ্ৰন্থৰ জৰিয়তে আহিল পোহৰলৈঃ জাতিৰ পিতাই প্ৰেমৰ জয়গান গোৱা সকলকো সমালোচনা সহ্য কৰিও কৰিছিল সহায় ৷

১০. প্ৰথম নাৰীৰূপে ভেলেণ্টিনা টেৰেস্ক’ভাৰ মহাকাশ যাত্ৰাৰ ৫০বছৰ সম্পূৰ্ণঃ নাৰীৰ ইতিহাসৰ অন্য এক সোণালী জয়ন্তীত ৰাষ্ট্ৰসংঘয়ো আয়োজন কৰিছে বিভিন্ন কাৰ্যসূচীৰ ৷

চিন্তনীয় বাতৰিঃ
১. গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক চতুৰ্থ ষান্মাষিকৰ পৰীক্ষাত প্ৰশ্নকাকতত বিসংগতিয়ে আহুকালত পেলাইছে হাজাৰ হাজাৰ শিক্ষাৰ্থীক ৷

২. চাহ শ্ৰমিকৰ ৯দফীয়া দাবীৰে আটছাই চামগুৰিত কৰিলে ৰাষ্ট্ৰীয় পথ অৱৰোধঃ স্মাৰক পত্ৰ দিলে মুখ্যমন্ত্ৰীলৈ ৷

৩. দৰঙ ওদালগুৰিত গৰ্ভৱতী সহ ৫২গৰাকীৰ দেহত এইচ আই ভিঃ ব্লাড বেংকৰ তেজ লৈ এই সংক্ৰমণ ঘটাৰ বাতৰিয়ে জোকাৰিলে ৰাজ্যঃ স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ ৷

৪. ভুৱা ডিগ্ৰীৰ বেহাঃ এইবাৰ মেঘালয়ৰ চিএমজে বিশ্ববিদ্যালয়ৰ গোচৰ এইবাৰ চিবিআইলৈ ৷

৫. বিজেপিৰ সংগ এৰিব খোজা নীতিশ কুমাৰলৈ বিজেপিৰ পাশুপাতঃ বিজেপিয়েও দৰকাৰ পৰিলে এৰি দিব বিহাৰ চৰকাৰত থকা অংশীদ্বায়িত্ব ৷

৬. গুৱাহাটীৰ ৬৩% পৰিয়ালতে আছে শিশু শ্ৰমিকঃ মহানগৰীৰ ২৫হাজাৰটা পৰিয়ালত আছে ১৫৮০০ শিশু শ্ৰমিক, এই তথ্যই শিৰোনামা পালে সংবাদ মাধ্যমৰ ৷

৭. ডিব্ৰুগড়ৰ বাণীপুৰ ষ্টেচনত যুৱতী বলাৎকাৰৰ অপচেষ্টাঃ পাঁচজন সেনা জোৱান আটক ৷

৮. অসমৰ বিদ্যুত সংকটৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ সন্থাৰ অভিনৱ প্ৰতিবাদ ৷

৯. ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদন উদ্বেগজনক তথ্যঃ ছিৰিয়াত নিহতৰ সংখ্যা ৯৩হাজাৰলৈ বৃদ্ধি ৷

১০. ২০২৮ চনত বিশ্বৰ সৰ্বাধিক জনপ্ৰিয় জনসংখ্যাৰ দেশ হ’ব ভাৰত ৷

১১. নাৰীৰ বাবে আটাইতকৈ অসুৰক্ষিত মহানগৰ ৰূপে ঘোষিত হ’ল দিল্লীঃ বাংগালুৰুৱেও পালে এই ক্ষেত্ৰত দ্বিতীয়া স্থান ৷

No comments:

Post a Comment