সুখ দুখৰ সংবাদ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ দুখৰ সংবাদ

সুখ দুখৰ সংবাদ

Share This
সুখৰ খবৰঃ
১. এভাৰেষ্ট বিজয়ী দুই অসমীয়াক কাষত লৈ গৌৰৱ কৰিলে মুখ্যমন্ত্ৰীয়েঃ সম্বৰ্ধনা অনুষ্ঠানত ঘোষণা কৰিলে দুয়োলৈ চৰকাৰী চাকৰি প্ৰদানৰ প্ৰতিশ্ৰুতি ৷ দুয়োকে ২০লাখকৈ টকাৰ চেক প্ৰদান, লগতে অসম পৰ্বতাৰোহন সংস্থাই ২০১৫চনত আয়োজন কৰা এভাৰেষ্ট অভিযানৰ বাবে চৰকাৰে মুকলি কৰি দিব ৩কোটি টকা ৷

২. ঘোষিত হ’ল অসমৰ মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ প্ৰৱেশ পৰীক্ষাৰ ফলাফলঃ ইঞ্জিনীয়াৰিংত ৯৭৫গৰাকী আৰু মেডিকেলত ১১৫৫গৰাকীয়ে অৰ্জন কৰিলে নামভৰ্তিৰ বাবে যোগ্যতা ৷

৩. আজি ৰাজ্যজুৰি উদযাপিত হব গীতিকবি পাৰ্বতিপ্ৰসাদ বৰুৱাৰ স্মৃতি দিৱসঃ মহানগৰীৰ ৰবীন্দ্ৰ ভৱনত সাংস্কৃতিক সঞ্চালকালয়েও আয়োজন কৰিলে "জোনাকী মেল", আজি সন্ধিয়া ৬বজাৰ পৰা ৷

৪. এইবাৰ শৰাইঘাট থিয়েটাৰৰ মঞ্চত ভূপেনদালৈ শ্ৰদ্ধাঞ্জলিঃ মঞ্চস্থ কৰিব সমৰেন্দ্ৰ বৰ্মনৰ ৰচনাৰে নাট, "মই ভূপেনদাই কৈছো", চলি আছে এক বিশাল আয়োজন ৷

৫. অৰুণাচল চৰকাৰৰ কৃতিত্বঃ ইটানগৰত স্থাপন কৰিলে প্ৰথমখন মহিলা আৰক্ষী থানা ৷ তদুপৰি ৰাজ্যৰ ১৭ খন জিলাতে পৃথক মহিলা কোষ স্থাপনৰ বাবেও ৰাজ্য কেবিনেটে দিলে অনুমোদন ৷

৬. ৰালেগন সিদ্ধিলৈ গৈ আন্না হাজাৰেক দেখা কৰিব বিচাৰিছে বৰাক ওবামাইঃ অহা অক্টোবৰতে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ ভাৰত আগমনৰ সম্ভাৱনা প্ৰকাশ ৷

৭. বিশ্ব পৰিৱেশ দিৱসৰ প্ৰাক-মুহূৰ্তত ভাৰতত অনাময় বিপ্লৱৰ সূচনা কৰা বৃন্দেশ্বৰ পাঠকলৈ ফ্ৰান্সৰ ছিনেটে আগবঢ়ায় "লিজেণ্ড অৱ প্লেনেট" সন্মান ৷

৮. মাত্ৰ খেলুৱৈ নহয়, আই.পি.এল টীমৰ মালিককো স্পট ফিক্সিং কেলেংকাৰীত জেৰা কৰিব আৰক্ষীয়েঃ ৰাজস্থান ৰয়েলছৰ মালিক ৰাজ কুন্দৰাৰ পাৰপত্ৰ জব্দ, অভিনেত্ৰী শিল্পা চেট্টীও অচিৰেই হব লাগিব জেৰাৰ সন্মুখীন ৷

৯. প্ৰতিকূল বতৰকো নেওচি আমিনগাঁৱত ভূ-মাফিয়াৰ বিৰুদ্ধে গৰজি উঠিল হাজাৰ হাজৰ কৃষকৰ সৈতে কৃষক মুক্তি সংগ্ৰাম সমিতিঃ ঐতিহাসিক কৃষক বিপ্লৱৰ বাবে সাজু হবলৈ আহ্বান জনালে অখিল গগৈয়ে ৷

১০. অহা ৯জুনত ডিব্ৰুগড়ৰ বৰবৰুৱাত বীৰছা মুণ্ডাৰ ১১৩তম শ্বহীদ দিৱস উদযাপনৰ আয়োজনঃ এই আয়োজন কৰিছে অসম মুণ্ডা মহাসভাই ৷

১১. মৰিগাঁৱৰ আদালতে কুখ্যাত ড্ৰাগছ বেপাৰী পাখি মিঞাৰ পুত্ৰসহ দুজনক অবৈধ ড্ৰাগছ সৰবৰাহ কৰাৰ অভিযোগত ১০বছৰ কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে ৷

চিন্তনীয় খবৰঃ

১. সোণৰ আমদানিয়ে বৃদ্ধি কৰিছে দেশৰ কাৰণ্ট একাউণ্ট ঘাটি, বেংকসমূহক সোণৰ মুদ্ৰা বিক্ৰী নকৰিবলৈ ৰিজাৰ্ভ বেংকে দিলে পৰামৰ্শঃ এইবাৰ সোণ নিকিনিবলৈ ৰাইজলৈ আহ্বান জনালে বিত্তমন্ত্ৰী পি চিদাম্বৰমে ৷

২. ভাৰত নিৰ্মাণৰ ঢাক ঢোল বজাবলৈ বিজ্ঞাপনত ৬৪০কোটি টকা টকাৰ ৰাজকোষৰ ধন ব্যয় কৰাক লৈ সমালোচিত হৈছে ইউপিএ-২ চৰকাৰঃ এনে অপচয়ৰ যোগেদি কৰা বিজ্ঞাপন নিৰ্বাচনত বিজেপিৰ ইণ্ডিয়া চাইনিংৰ দৰেই বুমেৰাং হৈ পৰাৰ আশংকাই বেছি বুলি মতামত দিলে ৰাজনৈতিক বিশ্লেষকে ৷

৩. ৰাজ্যজুৰি লোড-শ্বেডিংৰ প্ৰৱল আশংকাঃ একে সময়তে নীপকোৰ পাঁচোটাকৈ প্ৰকল্পত বিজুতিৰ খবৰ, অসমত ৫০০০মেগাৱাট বিদ্যুত নাটনিৰ এক চিন্তনীয় অৱস্থা ৷

৪. লোকসভা নিৰ্বাচনৰ দ্বায়িত্ব লৈ অসমলৈ কংগ্ৰেছী হাইকামাণ্ডৰ নতুন দূত মধুসূদন মিস্ত্ৰীঃ সাক্ষাৎ নিদিলে বিসম্বাদীক, অবাধ্য বিধায়কৰ অংকত আউল লগাৰ খবৰ ৷

৫. চাৰিটা দশক জুৰি চলি আছে ৰক্তাক্ত সীমা-বিবাদঃ তথাপি যোৱা ৪১বছৰে চৰকাৰে নকৰিলে অসম নগালেণ্ড চুক্তিৰ পৰ্যালোচনা ৷

৬. ন্যায়িক সেৱা পৰীক্ষাত বড়ো ভাষা সন্নিবিষ্টৰ দাবী তুলিলে বড়ো সাহিত্য সভাইঃ বিজ্ঞাপন বাতিল কৰাৰ বাবে জনালে আহ্বান ৷

৭. গুৱাহাটী পৌৰ সভা নিৰ্বাচনঃ ভোটাৰক সচেতন হবলৈ আ্হ্বান জনাই ডঃ হীৰেণ গোহাঁইয়ে ক’লে- যোগ্য প্ৰাৰ্থীকহে ভোট দিয়ক৷

৮. মৰিগাঁও জিলাৰ ধৰমতুলত অঘটনঃ ৰে’লৰ চেপাত নিহত ১, আহত ৩জন ৷

৯, নাৰীজনিত অপৰাধত অসম দেশৰ দ্বিতীয় স্থানতঃ সুৰাৰ বাবেই এই নিৰ্যাতন বৃদ্ধি, মদৰ বজাৰ নিয়ন্ত্ৰণ কৰাৰ দাবী তুলিলে ৰাজ্যিক মহিলা আয়োগে ৷

১০. নাগিনীজানৰ ঘটনাৰ প্ৰতিবাদত চেলেংহাটত আটছাৰ ৰাজধানী এক্সপ্ৰেছ অৱৰোধৰ প্ৰচেষ্টা ব্যৰ্থঃ ৰেল’ৱে ষ্টেচনকে কৰিলে লণ্ডভণ্ড ৷

১১. শি্ৱসাগৰত হব লগা আপকু নামৰ সাংবাদিক সকলৰ সংস্থাৰ আদৰণি সমিতি গঠনক লৈ তীব্ৰ প্ৰতিক্ৰিয়াঃ পৰাগ দাসৰ হত্যাকাৰীলৈ ৰঙা দলিচা পাৰি দিয়াৰ উঠিল অভিযোগ ৷

No comments:

Post a Comment