পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. আই.আই.টি-জে.ই.ই(এডভান্স)ৰ ফলাফল ঘোষণাঃ পাটনাৰ আনন্দ কুমাৰৰ নিস্বাৰ্থ সেৱাৰ জয়যাত্ৰা অব্যাহত ৰাখি "চুপাৰ ৩০"ৰ ২৮জনেই লাভ কৰিলে সফলতা ৷

২. গুগোল মেপে উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগত হেৰুৱা লোক উদ্ধাৰৰ বাবে যোগাব তথ্যঃ "পাৰ্চন ফাইণ্ডাৰ" সেৱাৰ কৰিলে আৰম্ভণি ৷

৩. প্ৰচাৰ ভাৰতীয়ে মোবাইল আৰু টেবলেট পিচিৰ জড়িয়তে দূৰদৰ্শন আৰু ৰেডিঅ’ কাৰ্যসূচী সম্প্ৰচাৰৰ বাবে বনাব এপ’চঃ ভূ-সম্পত্তিৰ বিক্ৰী তথা ব্যৱহাৰেৰে ৪০০০কোটি টকা আহৰণ কৰাৰ বাবে ধাৰ্য কৰিলে লক্ষ্য ৷

৪. আজিৰে পৰা শক্তিপীঠ কামাখ্যাত আৰম্ভ হ’ল অম্বুবাচী মেলাঃ ভক্তৰ লানি নিচিগা সোঁতক নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে যথোপযুক্ত ব্যৱস্থা কৰা বুলি প্ৰকাশ কৰিলে তথ্য ৷

৫. উত্তৰাখণ্ডৰ প্ৰাকৃতিক দুৰ্যোগত সাহাৰ্যৰ বাবে কংগ্ৰেছ সাংসদ-বিধায়কৰ এমাহৰ দৰমহা দান দিয়াৰ নিৰ্দেশ জাৰি কৰিলে দলীয় হাইকামাণ্ডে ৷

৬. শিৱসাগৰৰ সোণাৰি সমষ্টিৰ চফ্ৰাইত কেন্দ্ৰীয় চৰকাৰ অনুমোদিত আদৰ্শ বিদ্যালয় স্থাপন হ’ল আধাৰশিলাঃ নৱোদয়ৰ আৰ্হিৰে স্থাপন হ’ব লগা এই বিদ্যালয়ত থাকিব বিনামূলীয়া শিক্ষাৰ ব্যৱস্থা ৷

৭. অসমীয়া সাহিত্য সন্মিলনীৰ উদ্যোগত শিৱসাগৰ নাট্য মন্দিৰত উদযাপিত হ’ল কেন্দ্ৰীয় ভাৱে বিষ্ণু ৰাভা দিৱসঃ উন্মোচিত হ’ল তিনিখনকৈ গ্ৰন্থ ৷

৮. ১৫৫তম স্মৃতি দিৱস উদযাপন কৰি আনন্দৰাম ঢেকীয়াল ফুকনৰ সৃষ্টি তথা কৰ্মৰাজিক স্মৰণ কৰিলে নগাঁও সাহিত্য সভাই ৷

৯. ইণ্ডিয়ান বেডমিণ্টন লীগৰ ফ্ৰেন্সাইজি মুম্বাই মাষ্টাৰ্ছ ক্ৰয় কৰি উৎসাহ দিবলৈ আগবাঢ়িছে শচীন টেণ্ডুলকাৰঃ আই পি এলৰ দৰেই এই লীগৰ কৰা হৈছে আয়োজন ৷

১০. গোৱাত চলি থকা ৰাষ্ট্ৰীয় চাব-জুনিয়ৰ সাতোঁৰৰ দ্বিতীয় দিনা মেডলে ৰীলে (ছোৱালী) শাখাত অসম দলে জয় কৰিলে ব্ৰঞ্জৰ পদক ৷

১১. বেক-লগ পূৰণৰ বাবে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ হব কাৰ্যকৰীঃ অসম আৰক্ষীৰ প্ৰায় ৬০০০ পদৰ বাবে আৰম্ভ হব নিযুক্তি প্ৰক্ৰিয়া ৷

১২. মুঠতে ১১৭টা ভুৱা বিত্তীয় কোম্পানীৰ পৰা জব্দ হ’ল ২৪কোটি ৯৩ লাখ টকাঃ গ্ৰাহকক ধন ঘূৰোৱাৰ কথা পৰ্যালোচনা কৰিছে ৰাজ্য চৰকাৰে ৷

১৩. স্বেচ্ছাসেৱী সংস্থা নৰ্থ ইষ্ট ষ্টাডিজ এণ্ড পলিচি ৰিচাৰ্ছৰ দ্বাৰা কমিউনিটি ৰেডিঅ’ কেন্দ্ৰ স্থাপনঃ ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰ ৰেডিঅ’ৰ সম্প্ৰচাৰ আৰম্ভ হব অহা অক্টোবৰৰ পৰা ৷

১৪. অগপৰ বিকল্প বিচাৰি সক্ষম আঞ্চলিক ৰাজনৈতিক শক্তি গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনালে ৰাজ্যৰ আগশাৰীৰ সাত গৰাকীকৈ বুদ্ধিজীৱীয়ে ৷

১৫. মাজুলীৰ সাহিত্য, কলা সংস্কৃতিৰ ধ্বজ্জাবাহক অনুষ্ঠন ত্ৰি-হৃদয় গোষ্ঠীয়ে এই বৰ্ষৰ ত্ৰি-হৃদয় বঁটা আগবঢ়াইছে জনপ্ৰিয় কবি ৰণজিৎ গগৈলৈ ৷

১৬. তেজ বিক্ৰীৰ বাবে অহা তিনিজন যুৱকক গ্ৰেপ্তাৰঃ নলবাৰী অসামৰিক চিকিৎসালয়ত উন্মোচিত হ’ল তেজ বিক্ৰীৰ এক দালাল চক্ৰৰ কাৰ্যকলাপ ৷

অসমৰ সংবাদ প্ৰৱাহঃ
১. মাওবাদীৰ উত্থান, আইন-শৃংখলা পৰিস্থিতিক লৈ উদ্বেগঃ অসম আৰক্ষীয়ে পাতিলে শীৰ্ষ বিষয়াৰ দুদিনীয়া বৈঠক ৷

২. উলংগ মানৱৰ সন্দেহত কৰা হত্যাকাণ্ড সন্দৰ্ভত তেজপুৰত পাঁজনক আটকঃ উৰাবাতৰিত ভোল নাযাবলৈ প্ৰশাসনৰ আহ্বান ৷

৩. প্ৰাক্তন সেনা-বাহিনী সন্থাৰ মাটিক লৈ চলি আছিল বিবাদঃ হোজাইত প্ৰাক্তন সেনা বিষয়াৰ ঘৰত তিনিটাকৈ বিস্ফোৰণৰ ঘটনা ৷

৪. শীঘ্ৰেই আৰক্ষী প্ৰশাসনতো হব ব্যাপক ৰদ বদলঃ কামৰুপ, যোৰহাটকে ধৰি দহখন জিলাৰ উপায়ুক্ত বদলিৰ জাৰি হ’ল নিৰ্দেশ ৷

৫. নাগালেণ্ডৰ চাৰিং বস্তিত নিখোজ অসমৰ দুজন যুৱকঃ নাগিনীজানত পুনৰ উত্তেজনা বিৰাজ ৷

৬. শিক্ষা মন্ত্ৰীৰ প্ৰতিশ্ৰুতি অসাৰ প্ৰতিপন্নঃ ১৪হাজাৰ টেট’ নিযুক্তিৰ নহ’ল কোনো ব্যৱস্থা ৷

৭. অসমৰ ১৪জন তীৰ্থ যাত্ৰীৰ পোৱা নাই কোনো বাতৰিঃ উত্তৰাখণ্ডত উপস্থিত হ’লগৈ আয়ুক্ত সচিব ৰাজীৱ যোশী ৷

৮. বিগত ১২ বছৰত ৰাজ্যত সংঘটিত হ’ল ৩৮,৭৪৬টা দুঘৰ্টনাঃ নিহত ১৪,৮০০, আহতৰ সংখ্যা ৪৫হাজাৰ, প্ৰকাশিত তথ্যই উদঙালে পথ সুৰক্ষাৰ চিন্তাজনক ছবি ৷

৯. আল্লা প্ৰদত্ত দৰৱেৰে চিকিৎসাঃ নগাঁওৰ জুৰীয়াত স্বয়ম্ভু চিকিৎসক মুন্না বাই মনোৱাৰৰ বিৰুদ্ধে স্বাস্থ্য বিভাগে ৰুজু কৰিলে গোচৰ ৷

১০. কাজু বাদাম বুলি ভোট এৰা গছৰ গুটি খাই তেজপুৰত অসুস্থ হ’ল ৩৮জন ছাত্ৰ ছাত্ৰী ৷

১১. পাঞ্জাবাৰীস্থ লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱা ৰাজ্যিক সংগীত মহাবিদ্যালয়ত অচলাৱস্থাঃ বিশ্ববিদ্যালয়ে জাৰী কৰিলে জাননী ৷


১২. অহা ২৪ঘণ্টাত অসমত প্ৰৱল বৃষ্টিপাতক সম্ভাৱনা ব্যক্ত কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই ৷

ৰাষ্ট্ৰীয়/ আন্তঃৰাষ্ট্ৰীয় চিন্তনীয় খবৰঃ
১. উত্তৰাখণ্ডত প্ৰকৃতিৰ ধ্বংসলীলাত উদ্ধাৰ হ’ল ৫৫৬টা মৃতদেহঃ নতুনকৈ প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথা সঁকিয়াই দিলে ৰাজ্য চৰকাৰে ৷

২. নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰিব বুলি মন্তব্য কৰিলে গোৱাৰ মুখ্যমন্ত্ৰীয়ে ৷

৩. ৰিজাৰ্ভ বেংকে গ্ৰহণ কৰিব প্ৰয়োজনীয় প্ৰতি-ব্যৱ্স্থাঃ টকাৰ হ্ৰাসমান মূল্যক লৈ শংকিত নহবলৈ দেশবাসীক আহ্বান জনালে কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমে ৷

৪. কংগ্ৰেছৰ স’তে কোনো ধৰণৰ চুক্তি হোৱা নাই আৰু নিজে প্ৰধানমন্ত্ৰী পদৰ দৌৰত নাই বুলি সাক্ষাৎকাৰত প্ৰকাশ কৰিলে এনডিএ ত্যাগ কৰা বিহাৰৰ মুখ্যমন্ত্ৰী নিতীশ কুমাৰে ৷

৫. পাকিস্তানী মছজিদত পনৰ আত্মাঘাতী বোমাৰুৰ আক্ৰমণঃ ১৫জন নিহত হোৱাৰ বাতৰি ৷

৬. ব্ৰাজিলত বাঢ়িছে প্ৰতিবাদৰ প্ৰকোপঃ অনাগত ২০১৩ বিশ্বকাপ ফুটবলক লৈ সৃষ্টি হৈছে শংকাৰ ৷

৭. জিয়া খানৰ আত্মহত্যাৰ গোচৰত প্ৰেমিক সূৰয পাঞ্চালীৰ জামিন নামঞ্জুৰ কৰিলে মুম্বাইৰ আদালতে ৷

৮. কৰ্ণাটক মনিপালত এগৰাকী মেডিকেল ছাত্ৰীৰ অপহৰণৰ আৰু গণ ধৰ্ষণৰ বাতৰিয়ে সৃষ্টি কৰিলে চাঞ্চল্যৰ ৷

No comments:

Post a Comment