জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
পনীৰৰ সতে ৰঙালাওৰ সুস্বাদ্যু ব্যঞ্জন

উপকৰণঃ
(চাৰিজন মানুহৰ বাবে)
ৰঙালাও এচকল (অনুমান অনুসৰি)
পনীৰ ১০০গ্ৰাম
আলু এটা মধ্যমীয়া৷
নহৰু দুফোটা ৷
পিয়াঁজ এটা, কেঁচা জলকীয়া তিনিটা৷

ৰঙা জলকীয়া গুড়ি আধা চামুচ

গৰম মচলা আধা চামুচ, এচিকুট চেনী ৷
মিঠাতেল, নিমখ, হালধি স্বাদ অনুসাৰে ৷
ৰন্ধন প্ৰণালীঃ
ৰঙালাও চকলটো সৰু সৰু টুকুৰা কৰি কাটি লব৷ পনীৰখিনি বৰ্গাকাৰ টুকুৰাৰ ৰূপত কাটি সাজু কৰি লওক৷

নহৰু দুফোট সৰু সৰুকৈ কটাৰীৰে কাটি লব( পিহি লব নালাগে )
এতিয়া কেৰাহীত মিঠাতেল দি তাতে চেনীকন দি লব৷ চেনীকন ৰঙচুৱা হৈ উঠাৰ লগে লগেই তাত নহৰুখিনি আৰু পিয়াজখিনি দি দিয়ক৷ তাতে জলকীয়া গুড়ি, গৰম মচলা, হালধি আৰু নিমখ অনুমান অনুসাৰে দি পিয়াজখিনি ৰঙচুৱা হোৱালৈকে লৰাই লৰাই ভাজি লওক৷  এতিয়া তাৰ ওপৰত ৰঙালাও আৰু আলু দি দিয়ক৷

এতিয়া ৰঙালাওখিনি অলপমান পানী দি (যাতে লাগি নধৰে) ঢাকোন দি সিজাওক, জুই চীমতে ৰাখিব৷ ৰঙালাও খিনি সিজি যোৱা যেন লাগিলে, হেতাৰে সেইখিনি ভাঙি দিয়ক৷ ৰঙালাও সিজিলে তাতে কাটি থোৱা পনীৰ কেইটুকুৰ দি দিব৷ এতিয়া লৰাওতে সাৱধানে লৰাব যাতে পনীৰৰ টুকুৰা ভাঙি নাযায়৷ এতিয়া পনীৰৰ সৈতে তিনি চাৰি মিনিট চীমৰ জুইত ঢাকি থৈ দিলেই হ’ল ৷ 

এতিয়া ব্যঞ্জনখিনি পৰিবেশনৰ বাবে বৰ্তন এটাত কাঢ়ি লওক৷ কেঁচা জলকীয়া কেইটা দীঘলে দীঘলে ফালি তাৰ ওপৰত দি ভালকৈ সজাই, খোৱাৰ টেবুলত গৰমে গৰমে পৰিবেশন কৰক ৷
শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাত ক্লিক কৰকঃ
১. তিল দিয়া কুকুৰাৰ মাংস

No comments:

Post a Comment