জুতি লগা আখল - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

জুতি লগা আখল

জুতি লগা আখল

Share This
খাৰখোৱা বিশেষঃ
মাটিদালিৰ সৈতে ৰন্ধা গাহৰি মঙহৰ ব্যঞ্জন



উপকৰণঃ
মাটি দালিঃ ১০০ গ্ৰাম
গাহৰি মাংস (তেলেৰে সৈতে ) ৫০০ গ্ৰাম
পিয়াঁজ ২-৩টা
কেচাঁ জলকীয়াঃ স্বাদ অনুসৰি৷
আদা নহৰু পিছা(সতেজ, পেষ্ট ব্যৱহাৰ কৰাৰ কথা কোৱা নাই)
জিৰা পাউদাৰঃ ১ চামুচ 
জলকীয়া পাউদাৰঃ ১ চামুচ 
কলৰ খাৰঃ ১ চামুচ
তেজপাতঃ দুখনমান, নিমখ, তেল, হালধি অনুমান অনুসৰি যোগাৰ কৰি লওক৷

ৰন্ধন প্ৰণালীঃ
মাটিদালি খিনি প্ৰায় এঘণ্টামান তিয়াই ৰাখিব৷ এতিয়া বাকলি খিনি ধুই পেলাই দি এফালে প্ৰেচাৰ কুকাৰত মাটিমাহ খিনি সিজাই লওক৷

আনফালে কেৰাহীত তেল গৰম কৰি, তেলত পিয়াজ, তেজপাত, আদা নহৰুৰ পিছা, তেজপাত, জলকীয়া আদি দি অলপ ভাজি লওক৷ অলপ ৰঙচুৱা হোৱাৰ পাছত তাত গাহৰি মাংসখিনি তাত দি অলপ ভাজি লওক৷ তাতে ইচ্ছা কৰিলে অলপ জিৰা পাউদাৰ আৰু জলকীয়া গুড়ি দি দিব পাৰি৷


এতিয়া যদি গাহৰি খিনি ভাজি থাকোতেই অলপ সিজা যেন পাইছে, তেন্তে তাত ইতিম্ধ্যে বইল কৰি থোৱা মাটিদালি খিনি ঢালি দিয়ক৷ এতিয়া ১০-১৫ মিনিট মান চীমত ঢাকোন দি সিজাওক৷ তাৰ পাছত এডাল ঘোঁটনি মাৰি লৈ দালিখিনি অলপ ঘুটি দিয়ক৷ তাৰ পাছতো আকৌ ঢাকোন মাৰি ৫-৭মিনিটমান জুই চীমতে ৰাখি সিজাওক৷ 

যদি আপোনাৰ তাত কলৰ খাৰ আছে, তেন্তে তাত অলপ কলখাৰো দি দিব পাৰে৷ তেতিয়া ব্যঞ্জনটো বেছি জুতি লগা হৈ পৰিব ৷

এতিয়া নিমখ আদি হৈছেনে নাই এবাৰ জুতি চাওক, আৰু গৰমে গৰমে পৰিবেশন কৰক ৷ 
খাই ভাল পালে সুখ দুখৰ জুতি লগা আখলৰ কথা আনক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ৷ 
শেহতীয়া ৰেচিপিৰ বাবে তলৰ শিৰোনামাত ক্লিক কৰকঃ
১. তিল দিয়া কুকুৰাৰ মাংস

No comments:

Post a Comment